Thursday 19 January 2012

শিৰোনাম =========




তাই মোৰ জীৱনৰ শিৰোনাম নেকি?
তাই নহলে আৰম্ভ নহয় মোৰ জীৱনৰ কবিতা...


মোৰ জীৱনৰ আৰম্ভনি নহওতে
নুমাই যাব খুজে এজাক ধুমুহাৰ দৰে বাস্তব...
বাস্তব সচাকৈ বৰ কঠোৰ
অতীতৰ লগত শাক ভাত খেলি একেলগে আগবাঢ়ি যায় বাস্তব...


মই আজি নিঠৰুৱা
আজি বাস্তবেও মোৰ পৰা মেলানি মাগিছে ,
আজি সেই অতীতৰ লগত যুজ দি এখোজ দুখোজ কৰি
জীৱনৰ এক নতুন শিৰোনামা বিচাৰি
মই হাবাথুৰি খাইছো ...


কত পাম জানো সেই
শিৰোনাম ......

==================

copyright@ বিকাশ

No comments:

Post a Comment