Saturday 2 June 2012

অনুৰোধ



==========
নিৰবতাৰে ভৰা
এই গধুলিপৰত
ৰহন সানিবলৈ নাহিবা,
কেতিয়াবা নিসংগতাও হৈ পৰে
উকা হিয়াৰ একমাত্র পৰিচয় !
নিসংগ পৰিবেশত
সংগ দিয়াৰ চলেৰে,
তুমি আনিব খোজা
ধুমুহাৰ সমুখীন হবলৈ
মই একেবাৰেই প্রস্তুত নহয়।
অনুগ্রহ কৰি তুমি নাহিবা।।
=============
বিকাশ

No comments:

Post a Comment