Monday 18 June 2012

শব্দ আৰু তেখেতৰ বন্ধুত্ব

শব্দৰ সৈতে

এক অটুট

বন্ধুত্ব আছে তেখেতৰ,

মকৰাই জাল বন্ধাৰ দৰে

এক অধ্যাৱসায়ী

ব্যক্তিত্বৰ মাজেৰে ,

শব্দৰ মায়াজাল গুঠে

তেওঁৰ কলমৰ চিয়াহীয়ে ।

শব্দৰ মাজত বিচাৰি পোৱা যায়

জনতাৰ হাহাকাৰ,

অতুলনীয় প্রকৃতিও

তেওঁৰ কলমত সেউজ হৈ উঠে,

হালি জালি থকা

ধাননি পথাৰখন পোহৰ কৰে

হেঙুলীয়া আভাই ,

সেই চিনাকি পোহৰৰ উৎস বিচাৰি

নিজেই বিলীন হৈ যায়

মেদিনীৰ ৰহস্যৰ মাজত...

===================

হীৰু দাৰ প্রতি শ্রদ্ধা জনাই তেখেতৰ আশু আৰোগ্য কামনা কৰিলো...

বিকাশ

No comments:

Post a Comment