Thursday 5 July 2012

চুটি কবিতা - ১

1)
মায়াবোৰ
বিষাদ হৈ
উৰি ফুৰিছে,
আত্মাৰ বিকট চিঞৰ
দুৰ দিগন্তৰ পৰা
ভাহি আহিছে ...
এয়াই হেনো
জীৱনৰ ৰং চং



২))
হেপাহবোৰ
আকলুৱা হৈ থাকিল
তাই অবিহনে ...
শব্দবোৰৰ মাজত
মৌনতা নামি আহিল
তাইৰ অনুপস্থিতিত ...

৩)
চকামকা সপোনৰ
শেষত গম পালো
সেয়া মাথো
ধেমালি হে আছিল ।
সেই সপোনত
মোৰ অপৰূপা নাছিল ..
.
৪)
তোমাক লৈ দেখা
সেই সপোনবোৰ
সপোন হৈ থাকিব নিদিবা ,
তুমি জানানে ?
দিঠকত সেই গাৰুতোকে
সাবটি নিজক সান্তনা দি দি
ভাগৰি পৰিছো...
নিঠৰুৱা হৃদয়ৰ
নিসংগ চিঞৰ
তুমি জানো অনুভৱ কৰা নাই...
======

৫)
 তুমি ধুনীয়া
সচাকৈয়ে বৰ ধুনীয়া
মৰম এনাজৰীৰে বান্ধিলা ঐ
মোক সোনজনী ...
চকুৰ আতৰত থকিলেও
হৃদয়ৰ কোঠালীত তুমি সদায় থাকা
তুমি সদায়
মোৰ বুকুৰ কেচা সোণ...
হৃদযন্ত্রৰ প্রতিতো ধপ-ধপনিত
কেৱল তোমাৰে প্রতিধ্বনি শুনো...

৬)
আবেলিৰ বৰষুণজাক
মোৰ চোতালত সৰি পৰিল...
থাকি গ'ল মাথো
হুমুনিয়াহ
এক মধুৰ স্পন্দন হৃদয়ৰ..

৭)
মৰম
এই শব্দটো তাই বুজি নাপালে
তাই হয়তো নাজানে ভালপোৱাৰ সুবাস...

৮)
ভুমিকম্পৰ মাতাল লহৰত
হঠাৎ যেন ঠানবান হৈ পৰিল
মোৰ উদাসীনতাৰ প্রাচীৰ...

তাইবিহীন বিষাদনগৰীত
মই আজি পৰিচয়বিহীন;
তাইৰ চুলিটাৰীৰ আৰৰ
মৃদু বতাহজাকে
আজিও মনত অবুজ জোকাৰণি তোলে...

খিৰিকীৰ ইপাৰত বহি
ক্ষণ গণিছো
হেৰাই যোৱা
অনুভৱ বুটলি লবলৈ...

No comments:

Post a Comment