Thursday 30 August 2012

আপোনাক মই ভাল নাপাও



বিশ্বাস কৰক আপোনাক মই ভাল নাপাও
পাৰিলে আপুনি মোক পাহৰি যাওক , 
যদি মই আপোনাক ভালপাও বুলি ভাবি আছে
তেনেহলে ভুল হব ,
আপোনাক ভুলৰ বলি হবলৈ নিদিও ।
অনুগ্রহ কৰি আতৰি যাওক
নহলে মই পাহৰিবলৈ বাধ্য হম যে
মোৰো এখন হৃদয় আছিল ,
যত ঠাই দিছিলো
কান্দি কান্দি আশ্রয় বিছৰা আন এখন হৃদয় ।

Wednesday 29 August 2012

কবিতাৰ পংতি



১) ঘন ক'লা ডাৱৰবোৰে
জাউৰি জাউৰিয়ে হাত বাউল দি
উৰুৱাই লৈ যায় সপোনবোৰ,
আকাশ চানি ধৰে
হাড়ভঙা পৰিশ্রমৰ
অন্ধকাৰ ।।

২) সময়ে কৈ যায়
নদীখনৰ পৰিধি কিমান ?
সুবিশাল আকাশৰ সমান
সাগৰখনক সুধিবলৈ মন আছে
তাইৰ ঢৌ খেলা চুলিতাৰিৰ ৰহস্য ।


৩) কবিতা হৃদয়ৰ বিজ্ঞাপন নহয়
কিন্তু মই জনাব খোজো তেখেতক
যাৰ বাবে মোৰ কবিতা অহৰহ নিগৰি পৰে 
কোনো জাননি নিদিয়াকৈ ,
তেওঁক মই পাব খোজো স্বীকৃতি প্রাপ্ত বুকুৰ ভাষাৰে

Thursday 23 August 2012

~~এগৰাকী কবিৰ সন্ধানত~~


এগৰাকী কবি লগ পালে
অন্তৰখন সঁপি দিব পাৰিলোহেতেন ,
তাই যদি সচাকৈ কবি হয়
তেনেহলে হিয়াৰ খেলখন খেলি ভাল লাগিব !
অন্ততঃ কাব্যিক ভাষাৰে
প্রেমৰ আদান প্রদান হব ...

তাইক হেজাৰটা কবিতা লিখি বুজাব নালাগে

মই কবি বুলি ,
তাই নিজেই বুজি পাব
অকাই পকাই লিখা
বুকুৰ আখৰবোৰ দেখি ।

প্রতিতো আখৰৰ কোহে কোহে
তাই নিজেই বিছাৰি লব
মৌ মিঠা হৃদয়ৰ ভাষা ,
মেৰামতি কৰি লব চিন্ন বিচ্ছিন্ন
মঙহৰ দাগবোৰ ।

তাই লাহে লাহে বগাই যাব
শেলুৱৈ ধৰা শ্মশানখনত
আৰু হয়তো বিছাৰি পাব
একোটা বিশাল গহ্বৰ ...

এগৰাকী কবি বিছাৰি পোৱা হলে
অন্তৰখন দি পেলালোহেতেন...
==============
২৩/৮/১২
বিকাশ

Wednesday 8 August 2012

মুক্ত আকাশৰ আৰত সহজলভ্য মৃত্যু



সৌৱা চা
হাতত অস্ত্র লৈ ঘুৰি ফুৰিছে
এজাক উদণ্ড যুৱক ,
ক্রোধত অগ্নিশর্মা হৈ এজনে আনজনৰ হৃদয়ত হুল পুতিছে
বোৱাইছে বন্যা ।

আৰে সৌৱা দেখো

ইউনিফ্রম পিন্ধা জোৱান ;
তিঘিল ঘিলাই ঘুৰি ফুৰিছে
হাতত মৃত্যুৰ বাহক লৈ ,
আদেশ আহিছে হেনো
ঠিতাতে গুলি কৰাৰ ।

হায় ৰে মানৱ জীৱন !
এই হিংসাৰ দাবানল কিহৰ সংকেত ?
অসংখ্য অঘৰী মানুহৰ নিৰাপত্তাহীনতাৰ নেকি ?

শাসক দল পংগু হৈ পৰিছে
অন্ধকাৰে চানি ধৰিছে সিহতৰ নয়ন ...
এয়াই নেকি ধ্বংসৰ কোমল আৱৰণ ?
আনৰ দুখত সুখী হব পৰা
পলায়নবাদী সকলে ঢাপলি মেলিছে
অলিম্পিকৰ মায়াজালত ,
সিহতৰ মন প্রাণ নাচি উঠিছে বিদেশীৰ উলংগ নাচত ।।

সেই কাৰণে হয়তো
অসমী আইৰ পদুলিত
মৃত্যু সহজলভ্য হৈ পৰিছে...
============

বিকাশ

Sunday 5 August 2012

অনুভুতি

এই যে এৰাব নোৱাৰা এনাজৰীৰ বান্ধোন
যত হাঁহি ধেমালিৰ মাজত পাৰ হৈ যায় কেইবাটাও সন্ধ্যা ...
যত পাহৰি থাকো দুখৰ পলবোৰ
যত বাগৰি পৰে সুখৰ নিজৰা
সেইবোৰে হল ভালপোৱাৰ অনুভুতি ...

বন্ধুত্ব বিশেষ ৰচনা

বন্ধুত্বৰ ওপৰত এখন আনকাট ৰচনা
=====================
হৰ এক ফ্রেন্দ জৰুৰী হোতা হে
====================

@স্কুলীয়া জীৱন

এই শব্দটোৰ এক বিশেষ অবদান আছে আমাৰ প্রত্যেকৰে জীৱনত । বন্ধুত্বৰ চিনাকি হৈছিল স্কুলৰ মজিয়াত , সেই মজিয়াখনত বন্ধুত্বৰ এনাজৰীডাল খুব সুন্দৰ ভাৱে গঢ় লৈ উঠিচিল । বুজি উঠিছিলো এজনে আনজনক । লাহে লাহে আমি ডাঙৰ হলো । এটি এটি নতুন সাফল্য লাভ কৰি আমি কেইজনমান বন্ধু আমাৰ অঞ্চলতোৰ মাজতে এতিয়া
অদৃশ্য হৈ পৰিলো । স্কুলৰ হাহি-ধেমালি কৰা , একেলগে টিফিন খোৱা , ছাৰৰ গালি খোৱা , এজনৰ দুখত আন এজনে সমভাগী হোৱা এইসকলোবোৰ ঠিকেই চলিছিল । কিন্তু আচৰিত ভাৱে মেট্রিক পৰীক্ষা দিয়াৰ পিছত কোন কলৈ গ'ল একো পাত্তায়ে নাপালো । এজন দুজন আজিকালি ফেচবুকত দেখা যায় । কিন্তু সিমান এটা সক্রিয়ভাবে নাহে ফেচবুকত । ৪৩ জন ছাত্র-ছাত্রীৰ মাজত এতিয়া মাত্র ৩ জনী ছোৱালী ক্রমে প্রিতি , ভাস্বতি , অৰুনিমা আৰু ২ জন লৰা বন্ধু ক্রমে অনুপম , ভবেশ ৰ লগত হে সম্পর্ক আছে মোৰ । বাকী ৩৮ জন ছাত্রছাত্রী কত গল বা কত আছে মই অজ্ঞ্যাত ।

@কলেজীয়া দিন ঃ

স্কুলখন এৰি কলেজত ভৰি দিলো । ইয়াতো লগ পালো বিভিন্ন ঠাইৰ বিভিন্ন বন্ধু ।সম্পূর্ণ ২ টা বছৰ আন্তৰিকতা বাঢ়ি আহিল । ইয়াতেই বিছাৰি পালো মোৰ ভাল বন্ধু মুকুটক ।তাৰ ঘৰ আনন্দবজাৰত আছিল । হোস্টেলত খুব জমিচিল আমাৰ বন্ধুত্ব । লগতে জিন্তু শর্মা , ধ্রুব , মানস ,অৰূপ , অৰূপ ( বকাসুৰ ) , জ্যোতিময় , সঞ্জীব , ভিলেন পাঠক , মৃণাল দাস আদি বহুত ভাল বন্ধু আছিল । ছোৱালী বন্ধু খুব কমেই আছিল কলেজত ।শুনিলে হয়তো হাঁহিব আপোনালোকে । তথাপিও নন্দিতা , নিবেদিতা, বর্ণালী ,স্বপ্না এইকেইজন মোৰ বন্ধুৰ তালিকাত আছিল । খুব জমনি আছিল গোতেই ক্লাচতোৱে ।

@ফেচবুকীয়া জীৱন

এই জীৱনতো হল অন্য এটা দিশ । বন্ধু তাকো গোতেই অসমৰ, ভাৰতৰ লগতে ফৰেইনাৰ কেইজনো আছে বন্ধুৰ তালিকাত । আজিৰ দিনতোলৈ ৫৯৫ জন বন্ধু আছে । ২০০৯ ত ফেচবুকত আহিছিলো । তাৰ পিছত যাত্রা আৰম্ভ হৈছিল বন্ধুত্বৰ সন্ধান । এই যাত্রাত সহযোগ কৰিছে কেইবাজনো বন্ধুৱে । কেইবাজনো দাদা , বাইদেউ , ভাইটি- ভনটি , স্কুলীয়া ,কলেজীয়া বন্ধু-বান্ধৱ বিছাৰি পালো । বাংগালোৰত ফেচবুকৰ জৰিয়তে লগ পালো এজন দাদা ,তাৰ নাম বিদ্যুৎ । সি মোৰ ভাল বন্ধু হৈ পৰিছে । লগে লগে অসম চচায়তিৰ সদস্য হলো ফেচবুকৰ জড়িয়তে । আৰু দুজনমান বন্ধু পালো , অলকেশ দা , পুলকেস শর্মা , কল্লোল দা ( দোস্তি ) , উৎপল দা ইত্যাদি । নিজৰ পঢ়ি থকা কলেজখনত বিছাৰি পালো মালায়ালম , কানাড়া , নেপালী , ইৰাকী ,মনীপুৰী আদি বন্ধু । এওলোক মোৰ ফেচবুকৰ তালিকাত বিৰাজমান এতিয়া ।

@ নিজৰ অনুভুতি

বন্ধুত্ব বহুত কৰিলো কিন্তু সেই বন্ধুৰ মাজত অপকাৰ কৰা বন্ধুও বিছাৰি পালো । কিছুমান বন্ধু দেখিলো আনৰ ভাল দেখিব নোৱাৰে , আনৰ সুখত বাধা দিয়ে , ঘৰিয়ালৰ চকুপানী টুকে । সেই ফেক মাইন্দ থকা বন্ধুৰ নামত কলংক কেইজনমান বন্ধুক মই জীৱনৰ পৰা Ctrl + all + dlt কৰি দিছো ।

শেষত সকলো বন্ধুৰে মংগল কামনা কৰি মই মোৰ ভাষণৰ সামৰনি মাৰিলো ধন্যবাদ ...

অকবিতা

ভুলতে ভাল পাই পেলালো ঐ আকৰি
বেয়া পাবি বুলি নাজানিছিলো ,
সম্বন্ধটো লেঠু চিঙা বেঙেনাৰ দৰে হৈ পৰিল ,
নিজেই জ্বলি মৰিছো

জমনী

মই এবাৰ ভুত দেখিছিলো
ভয় খাই গৈছিলো হঠাতে বেদৰূমত ওলাই অহা দেখি ...
ৰাতিৰ সময় আছিল ।।
ভুততোৱে কৈ আছিল " মে খুন কি প্যাচি হু " " তুনে মেৰে প্যাৰ কো থুকৰা দিয়া থা অউৰ ইচকা নতিজা আজ মে ভতকতি আত্মা হু , মেৰে মৌত কা তুম জিম্মেদাৰ হো , মে তুমহাৰা প্রেমিকা থি লেকিন তুমনে মুজে কভি অপনা নহি মানা । "
এনেতে ৰূমৰ দুৱাৰ খিৰিকীবোৰ বতাহত লৰিব ধৰিলে । দেহা শিৰশিৰাই গ'ল ...
ঢোক গিলিব পাহৰি থাকিলো । হঠাৎ কিহবা এটাই শব্দ কৰি ধক ধকাব ধৰিলে দুৱাৰ খন আৰু গালি টাইপত শুনিলো " অই লাদ চাহাবৰ পুতেক এইৰাতিখন ইমান ভলুম দি কাৰ মুৰটো চাই আছা ,বন্ধ কৰ নহলে মেইন চুইচ কাটি দিম আজিৰ পৰা " ( সেইয়া দেউতাৰ গালিৰ শব্দ আছিল )

Saturday 4 August 2012

যৌৱনৰ সংজ্ঞা

মৌ বৰসা সেই ৰাতিবোৰৰ
সাক্ষী হৈ পৰিল জোনাক ,
যত জিলিকি উঠিছিল
তোমাৰ নাভিৰ উত্তপ্ত ঘাম ...

উশাহবোৰ হৈ পৰিছিল উষ্ম ,
যাৰ পৰশ পাই উথলি উঠিছিল
সুপ্ত যৌৱনৰ উন্মাদ নিশা ।

বস্ত্রহীন এবুকু মৰম
শেতা পৰা ওঁঠৰ অসজ্য যন্ত্রণা ,
অলেখ তৰাৰ চিঞঁৰ
তোমাৰ কণ্ঠৰ স্খলন ;
সিচৰিত হৈ পৰা শাৰীৰ ভাঁজ
সংমিশ্রিত সুৰত নাচি উঠিছিল
যৌৱনৰ সংজ্ঞা ...
============
বিকাশ
৪/৮/১২

চিঠি -৪

ফেচবুকৰ মজিয়াত লগ পোৱা বাইদেউ এগৰাকীয়ে মোলৈ লিখা চিঠি এখনৰ উত্তৰ দিবলৈ চেষ্টা কৰিলো ।
=================================================

পোনপ্রথমে মোৰ মৰম আৰু শ্রদ্ধা যাচিলো । বাইদেউ আপোনাৰ শেষ চিঠিখন পালো । মোৰ প্রতি আপোনাৰ মৰম দেখি মোৰ শ্রদ্ধা দুগুনে বাঢ়িল । আপুনি লিখিচিল যে মই জীয়াই থকাক লৈ কিয় প্রশ্ন উত্থাপন কৰো ? হয় জীয়াই থকাক লৈ মোৰ মনত বাৰে বাৰে প্রশ্ন থিয় হৈ উঠিছে । মানুহে যি বিচাৰে হয়তো নাপাবও পাৰে গোতেই জীৱনটোত । মইও এতিয়ালৈ বহুত সপোন দেখিছো কিন্তু প্রতিতো সপোনৰ আৰঁত বাধাৰ প্রাচীৰ হৈ থিয় দি উঠে মোৰ অস্তিত্ব । মইও কাৰোবাৰ মৰম বিচাৰো ,মইও জীয়াই থাকিব বিচাৰো সুখী হৈ । কিন্তু এই সুখ বিচাৰি হাবাথুৰি খাই ফুৰিছো । আৰু যাৰ ফলত হয়তো মই লিখি পেলাইচিলো নিলিখিবলগীয়া কথা । মই বহুত ক্ষেত্রত হতাশ হৈছো । মোৰ প্রাপ্য মৰম ভালপোৱাৰ পৰা মই বঞ্চিত হৈ বিচলিত হৈ পৰিছো । কেতিয়াবা ভাবো ভগবানে এই প্রেম বোলা বস্তুতো কেইজনমান বচা বচা মানুহৰ বাবেহে লিখি থৈছে যত আমাৰ স্থান নাই । স্থান দখল কৰিবলৈ গলে সিহতে গতিয়াই বাহিৰ কৰি দিয়ে । একমাত্র ঘৰখনৰ কথা ভাবি-চিন্তিহে মই জীয়াই আছো । বেলেগৰ আশাবোৰ মই ধূলিসাৎ কৰিব নোৱাৰিম । মা-দেউতা আৰু ভাইটিক লৈয়ে এতিয়া মোৰ সংসাৰ । মই হাঁহি থাকিব চেষ্টা কৰো প্রতিতো দুখৰ পলত । কিন্তু মাজে মাজে ভাগিও পৰো । হয়তো এয়া মোৰ দুর্বলতা । এটা কথাৰ উত্তৰ দিয়কচোন ' কাৰোবাক ভালপোৱাতো জানো ভুল? ' যদি ভুল নহয় তেন্তে বাৰে বাৰে ভুলৰ বলি মই কিয় হও বাৰু ?

নাজানো এই কথাবোৰৰ অন্ত কেতিয়া পৰিব । সেইবোৰ যে মোৰ পাহৰিব নোৱাৰা অতীত । হুমুনিয়াহ কাঢ়িলেও আজি মোৰ বুকুখন বিষায় ...

ইতি
তোমাৰ ভাইটি
বিকাশ
বাংগালৰ
৪/৮/১২

Friday 3 August 2012

পুতলা

নিয়ৰবোৰে হয়তো উচুপি উঠিছে
ব্যর্থ অনুভৱৰ
সেমেকি উঠা কোলাহলৰ
বিননি শুনি ;

যত মই হৈ পৰিছো
পাপেটৰ
অবাক পুতলা...
সূত্রধাৰৰ আঙুলীৰ
তালত নাচি থকা
প্লাস্টিকৰ পুতলা ...

হাঁহি


হাঁহি জীৱনৰ অবিচ্ছেদ্য অংগ । এই হাঁহি বেলেগৰ মুখত বিৰিঙাবলৈ কিমান কি যে কৰা নাই । নিজেও হাঁহিছো নিজৰ দুখৰ দিনত নিজকে সান্তনা দিবলৈ । বেলেগে আকৌ মোৰ দুখ চাই হাঁহিছে । মোৰ ভগ্ন হৃদয়খন খুলি খুলি হাঁহিছে । হাঁহি হাঁহি বাগৰি পৰিছে । পেট বিষাই গৈছে তথাপিও হাঁহিছে । কিমান হাঁহিবি তহতে ? কোনোবাই আকৌ ৩২ তা দাঁত উলিয়াই খিল খিলিয়া হাঁহি মাৰিছে । সেইয়া হাঁহি সুখৰ হাঁহি । সুখ পাইছে পাব দে । মই দুখ নকৰো । মিচিকিয়াই মইও পাৰিলে হাঁহিম । সিহতক সেই মিচিক মাচাক হাঁহিৰ আঁৰত বুদ্ধু বনাম । অনুভৱ হবলৈ নিদিও মই দুখী বুলি । মই দুখী বুলি জানিলে আজি এজনে হাঁহিছে অহাকালি হেজাৰজনে হাঁহিব । মোৰ বদনাম গাই গাই হাঁহিব । মইও কম নহয় । দাঁত নিকতাই হাহিলে মইও ' লল ' বুলি কম।।

Thursday 2 August 2012

প্রশ্ন

নিজৰ বুলিবলৈনো আছিল কোন ?
আজি কাকনো বিচাৰি হাবাথুৰি খাইছো ?
কোনোবাই বুজি নাপালে মই বা কৰিম কি ?
হাঁহি ধেমালিতেই যে প্রেম হৈ যায়
এই কথাষাৰ কাক কম ?
কোনে বুজিব ?

গোতেই জীৱনতোৱে প্রশ্ন হৈ উঠিছে !!!!

আশা



এটি কবিতা লিখিছো
ভাষাৰ লালিত্য সানিছো
কিন্তু কিবা যেন অসম্পূর্ণ ;
বিচাৰি ফুৰিছো উমাল বুকুৰ কেচা সোণ ।
সোণৰ প্রলেপ অলপ সানিম বুলি ভাবিছো,
হেজাৰ হলেও সোণ
লোভ নিচ্ছয় লাগিব কবিতাতো চুই চাবলৈ ,

হেজাৰটা তৰাৰে আউলি বাউলি কৰিম
কবিতাৰ খামুচীয়া ককাল ।
সাগৰৰ নীল বৰণীয়া বুকুৰপৰা
ধাৰলৈ আনিম এগাল ৰঙীন সপোন ,
সিঁচি দিম যৌৱনৰ পথাৰখনত
গজালি মেলিব তাইৰ বুকুৰ মাজত ।।
এদিন হয়তো এই গজালিবোৰ
পুলি-পোখাই বাঢ়ি
উমাল বুকুত কবিতাৰ নিচান বোৱাই যাব ...
অপেক্ষা মাত্র সোণোৱালী সুৰুযৰ ।।

বিকাশ দাস
২/৮/১২