এটি কবিতা লিখিছো
ভাষাৰ লালিত্য সানিছো
কিন্তু কিবা যেন অসম্পূর্ণ ;
বিচাৰি ফুৰিছো উমাল বুকুৰ কেচা সোণ ।
সোণৰ প্রলেপ অলপ সানিম বুলি ভাবিছো,
হেজাৰ হলেও সোণ
লোভ নিচ্ছয় লাগিব কবিতাতো চুই চাবলৈ ,
হেজাৰটা তৰাৰে আউলি বাউলি কৰিম
কবিতাৰ খামুচীয়া ককাল ।
সাগৰৰ নীল বৰণীয়া বুকুৰপৰা
ধাৰলৈ আনিম এগাল ৰঙীন সপোন ,
সিঁচি দিম যৌৱনৰ পথাৰখনত
গজালি মেলিব তাইৰ বুকুৰ মাজত ।।
এদিন হয়তো এই গজালিবোৰ
পুলি-পোখাই বাঢ়ি
উমাল বুকুত কবিতাৰ নিচান বোৱাই যাব ...
অপেক্ষা মাত্র সোণোৱালী সুৰুযৰ ।।
বিকাশ দাস
২/৮/১২
No comments:
Post a Comment