এগৰাকী কবি লগ পালে
অন্তৰখন সঁপি দিব পাৰিলোহেতেন ,
তাই যদি সচাকৈ কবি হয়
তেনেহলে হিয়াৰ খেলখন খেলি ভাল লাগিব !
অন্ততঃ কাব্যিক ভাষাৰে
প্রেমৰ আদান প্রদান হব ...
তাইক হেজাৰটা কবিতা লিখি বুজাব নালাগে
মই কবি বুলি ,
তাই নিজেই বুজি পাব
অকাই পকাই লিখা
বুকুৰ আখৰবোৰ দেখি ।
প্রতিতো আখৰৰ কোহে কোহে
তাই নিজেই বিছাৰি লব
মৌ মিঠা হৃদয়ৰ ভাষা ,
মেৰামতি কৰি লব চিন্ন বিচ্ছিন্ন
মঙহৰ দাগবোৰ ।
তাই লাহে লাহে বগাই যাব
শেলুৱৈ ধৰা শ্মশানখনত
আৰু হয়তো বিছাৰি পাব
একোটা বিশাল গহ্বৰ ...
এগৰাকী কবি বিছাৰি পোৱা হলে
অন্তৰখন দি পেলালোহেতেন...
==============
২৩/৮/১২
বিকাশ
No comments:
Post a Comment