Saturday 4 August 2012

চিঠি -৪

ফেচবুকৰ মজিয়াত লগ পোৱা বাইদেউ এগৰাকীয়ে মোলৈ লিখা চিঠি এখনৰ উত্তৰ দিবলৈ চেষ্টা কৰিলো ।
=================================================

পোনপ্রথমে মোৰ মৰম আৰু শ্রদ্ধা যাচিলো । বাইদেউ আপোনাৰ শেষ চিঠিখন পালো । মোৰ প্রতি আপোনাৰ মৰম দেখি মোৰ শ্রদ্ধা দুগুনে বাঢ়িল । আপুনি লিখিচিল যে মই জীয়াই থকাক লৈ কিয় প্রশ্ন উত্থাপন কৰো ? হয় জীয়াই থকাক লৈ মোৰ মনত বাৰে বাৰে প্রশ্ন থিয় হৈ উঠিছে । মানুহে যি বিচাৰে হয়তো নাপাবও পাৰে গোতেই জীৱনটোত । মইও এতিয়ালৈ বহুত সপোন দেখিছো কিন্তু প্রতিতো সপোনৰ আৰঁত বাধাৰ প্রাচীৰ হৈ থিয় দি উঠে মোৰ অস্তিত্ব । মইও কাৰোবাৰ মৰম বিচাৰো ,মইও জীয়াই থাকিব বিচাৰো সুখী হৈ । কিন্তু এই সুখ বিচাৰি হাবাথুৰি খাই ফুৰিছো । আৰু যাৰ ফলত হয়তো মই লিখি পেলাইচিলো নিলিখিবলগীয়া কথা । মই বহুত ক্ষেত্রত হতাশ হৈছো । মোৰ প্রাপ্য মৰম ভালপোৱাৰ পৰা মই বঞ্চিত হৈ বিচলিত হৈ পৰিছো । কেতিয়াবা ভাবো ভগবানে এই প্রেম বোলা বস্তুতো কেইজনমান বচা বচা মানুহৰ বাবেহে লিখি থৈছে যত আমাৰ স্থান নাই । স্থান দখল কৰিবলৈ গলে সিহতে গতিয়াই বাহিৰ কৰি দিয়ে । একমাত্র ঘৰখনৰ কথা ভাবি-চিন্তিহে মই জীয়াই আছো । বেলেগৰ আশাবোৰ মই ধূলিসাৎ কৰিব নোৱাৰিম । মা-দেউতা আৰু ভাইটিক লৈয়ে এতিয়া মোৰ সংসাৰ । মই হাঁহি থাকিব চেষ্টা কৰো প্রতিতো দুখৰ পলত । কিন্তু মাজে মাজে ভাগিও পৰো । হয়তো এয়া মোৰ দুর্বলতা । এটা কথাৰ উত্তৰ দিয়কচোন ' কাৰোবাক ভালপোৱাতো জানো ভুল? ' যদি ভুল নহয় তেন্তে বাৰে বাৰে ভুলৰ বলি মই কিয় হও বাৰু ?

নাজানো এই কথাবোৰৰ অন্ত কেতিয়া পৰিব । সেইবোৰ যে মোৰ পাহৰিব নোৱাৰা অতীত । হুমুনিয়াহ কাঢ়িলেও আজি মোৰ বুকুখন বিষায় ...

ইতি
তোমাৰ ভাইটি
বিকাশ
বাংগালৰ
৪/৮/১২

1 comment:

  1. সাৰদা বাইদেউৰ চিঠিৰ উত্তৰ

    ReplyDelete