Sunday 16 September 2012

এখন সাগৰৰ কথাৰে-৩

সাগৰখনে নীলা চাদৰ মেৰিয়াই
থৰ লাগি চাই ৰৈছে
ডাৱৰীয়া সৰগখনলৈ ।


গুম গুমাই
ফেকুঁৰি উঠিব
অভিমানী আকাশখনে ।

ভাহি আহিব
চেঁচা বতাহৰ
অহংকাৰবোৰ ।

আউলি বাউলি হ'ব
তাইৰ চুলিটাৰি ,
ঢলি পৰিব
নীলিম চাদৰৰ আঁচলত ।

অঘৰী হব
তাইৰ সত্ত্বা ,
সিটো পাৰৰ পৰা
ভদাইয়ে আস্ফালন কৰিব ।।

সাগৰৰ আঁচলত
আকৌ এক কাহিনী
আকৌ এক চিগি যোৱা বান্ধোন।।

No comments:

Post a Comment