Tuesday 18 September 2012

এখন সাগৰৰ কথাৰে-৬


হে সাগৰ
তোৰ বুকুত জনম হ'ল
নাবিকৰ , প্রেমিকৰ ,
হয়তো উটি-ভাহি গ'ল
ভদাইৰ দৰে
মাতাল মৃতদেহ ।।

নীলা চাদৰখন ৰাঙলী হ'ল
বুকু বিষায় যোৱা
কাতৰ আস্ফালনত ।।

তথাপিও তই
প্রেমৰ প্রতীক ,
অজৰ অমৰ ।।

No comments:

Post a Comment