Friday 21 September 2012

এখন সাগৰৰ কথাৰে - ১১


পৰিস্থিতি
গোমা,
তাতে আকৌ
ওফন্দি আছে
আকাশখনৰ নীলাভ পৰিধি ।।

সময়ে দি যায়
অনুভৱ ,
লৈ যায় অনুভৱৰ ফটা কামিজ ।।

মানুহৰ দেশত
জন্তুৰ তাণ্ডব ,
সন্ধিয়া পৰত
পদুলিমুখত ।।

No comments:

Post a Comment