Thursday 20 September 2012

এখন সাগৰৰ কথাৰে - ১০



কলীয়া আকাশ
যত মেঘৰ খিলখিলনি ,
গোমা হৈ আছে
সপোনমগ্ন সাগৰৰ বুকু ।।

সন্ধিয়াৰ বৰষুণজাকে
বাৰুকৈয়ে ভিজাই তুলিলে
গাভৰুহালৰ উন্মুক্ত বুকু ,
ছন্দে ছন্দে আকাশখন গৰজি উঠিছে
সিহতৰ যৌৱনৰ উন্মাদনা দেখি।।

বুকুত থকা
সেই ক'লা তিলটোৱে
আজিও মনত পেলায়
প্রতিটো স্পর্শ ।।

No comments:

Post a Comment