Tuesday 18 September 2012

এখন সাগৰৰ কথাৰে -৮

নাৱৰীয়া ঐ
নাওখন চপাই লৈ আহ
একেলগে এইটো পাৰত বহি
সোৱঁৰাই যাও শৰতৰ গান ।।

ভানুমতিৰ পদুলিত
শেৱালী ফুলিল,
ভদাইয়ে হেনো প্রেমৰ বতৰা পঠাইছে
জোলোঙাত আৰি ।।

সাগৰখন বৈ যায়
ভদাইৰ দেশখনলৈ ।।

No comments:

Post a Comment