Friday 21 September 2012

এখন সাগৰৰ কথাৰে - ১২



কেচা কলিজাৰ
সপোন ৰঙা তেজ তুমি ,
প্রতিডাল ধমনীৰ
ব্যাকুল প্রাণ তুমি ।।

ভানুমতিৰ
হৃদপিণ্ডতো কলবলাইছে ,
মৰমৰ ভোকত
বাগৰ সলাইছে ন-ন ৰূপত ।।

তেজ ৰঙা সপোন তুমি ,
তোমাৰ তেজেৰে আজি
ৰাঙলী মোৰ মৌন ভাষা ।।

No comments:

Post a Comment