Saturday 24 November 2012

চুৱেটাৰ



উমাল বুকুৰ নোমেৰে
ভাল পোৱাৰ চুৱেটাৰ
তুমি গুঠি দিবা ,
সাঁচি ৰাখিম শীতৰ
জোপোকা মৰা নিশাবোৰৰ কাৰণে ।
ফুটপাথৰ কিনাৰত
কটাম কেইবাটাও উজাগৰী নিশা
নিজকে সাৱটি ধৰিম
তুমি গুঠি দিয়া চুৱেটাৰৰ মাজত ।।

বগা-ৰঙা দাগ থকা
চুৱেটাৰবোৰৰ মাজত
শেলুৱৈ ধৰা সপোনবোৰে গজালি মেলিব ,
তথাপিও নিজক নিজৰ মাজত সাৱটি ৰাখিম
চুৱেটাৰৰ মায়াজালত ।।

No comments:

Post a Comment