Sunday 13 January 2013

প্ৰেমৰ অপমৃত্যু



চলনা
মায়া
আক্ৰোশৰ আবেশ ,
ৰণশিঙা বাজি উঠে
নিলঞ্জনা তোমাৰ নামৰ ।।

জিনিব খোজে এখন বহল সাগৰ
ভাগৰি পৰে বালিময় পাৰত ।
সাগৰখন নিজৰ বুলি দম্ভালি মাৰে
কিন্ত তাতেই ঘটে অপমৃত্যু প্ৰেমৰ ।।

প্ৰেমিকৰ মৃতদেহ
প্ৰেমিকাৰ হাঁহি খিকিন্দালি
বুকুৰ আস্ফালন ,
নিঠৰুৱা হৈ পৰে
মোৰ মৃত্যুৰ জিয়া ঢৌ বোৰ ।।

অবাক
নিঃস্তব্ধ
প্ৰাণৰ সংশয় ।।

Friday 11 January 2013

শীত

স্নিগ্ধতাৰ হাড় কঁপোৱা শিহৰণ
হীম চেচা কুৱলীৰ আৱৰণ
বাহ কি নিমগ্ন প্ৰভাত ।।

ফুলকুমলীয়া ছোৱালীজনী কঁপি আছে
ৰাজপথৰ কিনাৰত ,
বুকুৰ উম লবলৈ কাষত নাই মাকৰ ছায়া
অকলেই আদৰিছে নববৰ্ষৰ প্ৰথমজাক চেচা বতাহ ।

Tuesday 8 January 2013

আধা মিনিটৰ গল্প

জোলোঙাখন আঁৰি সেই বৃদ্ধ মানুহজন একা বেকা ৰাস্তাতোৰে গৈ আছে । পৰিয়াল বুলিবলৈ কোনো নাই হেনো তেওঁৰ । দিনৰে দিনটো এখন ঘৰৰ পৰা আন এখন ঘৰলৈ গৈ ভিক্ষা মাগে । মানুহবিলাকে কিমান যে লেই লেই চেই চেই কৰে । পিন্ধনত এটা ফটা কামিজ আৰু এখন ধুতি ।

এনেকৈয়ে দিনবোৰ পাৰ হৈ গল । এদিন সেই মানুহজন নোহোৱা হৈ পৰিল । কোনেও হিচাপ নাৰাখিলে সেইজন কত গল । মহানগৰীৰত আগৰ দৰেই মানুহবোৰ দানব হৈ উঠিল ।

প্ৰেমৰ লুকা ভাকু

সিহতৰ ঘৰত লুচি ভাজি খাবলৈ বহিলো , খুব ভোক লাগি আছিল ।অলপ পিছত মাইনা আহিল । ভোক পাহৰি গলো , প্লেটত থকা লুচি প্লেটতে থাকি গল । মুখ মেলি চাই ৰলো । সেই সময়ত অলপ অজলা আছিলো । লাজো লাগিছিল । তথাপিও কোনেও ধৰিব নোৱাৰাকৈ চকুৰ ফাকেৰে তাইক চাই ৰৈছিলো । মাকে দেখা পায় বুলিহে খুব ভয় লাগিছিল ।

যি ভাবিলো তাকেই হল মাকে গপচত কলে " মাইনা পঢ়া টেবুলত যা গে " ।

মই থতমত খালো । মনে মনে লুচি ভাজিখিনি খাই পলাই পত্ৰং দিলো ।।।

Monday 7 January 2013

নেদেখা নদীৰ বালিচৰ

অচিন ঘাটৰ নাৱৰীয়া
নাও চপাই ল
সন্ধিয়াৰ চয়াময়াত ,

ঘন অন্ধকাৰ
তাতে আকৌ বিজুলীৰ চমকনি
এক ভয়াল সন্ধিয়া ।
আজি বালিচৰত মহাপ্ৰলয় আহিব
নদীখনে ঢৌ সলাইছে ।।

নষ্টালজীয়া

প্ৰতি
মোৰ মৌন সময়বোৰলৈ

সময়বোৰ কেনেকৈ পাৰ হৈ গল গমকে নাপালো । নিশাৰ তৰাবোৰে কিৰিলিয়ালে তাইৰ বুকুৰ মাজত উচুপনিৰ মাদল বাজে । ধপ-ধপনিৰ শবদবোৰে ৰজনজনাই উঠে প্ৰতিতো আখৰৰ কোহে কোহে । কেইদিনমান তাই মোৰ বদ অভ্যাসলৈ সলনি হৈছিল । ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে মোৰ সপোনবোৰে শিখৰ চুইচিল । নদনবদন হৈ পৰিছিল তাইৰ খেয়ালবোৰ । মোৰ বাইদেউৰ বিয়াৰ ৰভাতলিত চুচুক চামাক কৈ নজৰ মিলাই চাইছিলো আমি দুয়ো । ডুবি গৈছিলো গভীৰ অন্ধকাৰত । সন্মুখত বিছাৰি নাপাইছিলো পোহৰৰ শুং-সুত্ৰ ।

সময় গল । তাইও গল । ৰৈ গল কিছুমান স্মৃতি ।

তাইৰ ফটো উঠাৰ চখ নাছিল কিন্ত মই যেতিয়া কেমেৰা লম তেতিয়া ফটো উঠিব বুলি কৈছিল

আজি মোৰ হাতত কেমেৰা আছে কিন্ত মোৰ কেমেৰাৰ লেন্সৰ সন্মুখত তাই নাই ।।

বিকাশ