Saturday 9 February 2013

কবি

কবিৰ ৰোমান্স
===========

এখন সাগৰৰ কথাৰে ...শীৰ্ষক এলানি কবিতা লিখিছিলো । কিন্ত সাগৰখনৰ ঢৌ বোৰ অনুভৱ হোৱা নাছিল । যোৱাকালি সাগৰখন সন্মুখৰপৰা দেখিলো । সাৱতি লবলৈ বিচাৰিলো কিন্ত নোৱাৰিলো । অনুভৱবোৰ ৰোমান্তিক হৈ পৰিছিল যেতিয়া মই সাগৰৰ পাৰত বহি গোটেই সাগৰখন এপলকত সামৰি লৈছিলো । চকুহাল জুৰ পৰি ৰৈছিল । তোমাৰ কথা ভাঁহি আহিছিল চেঁচা বতাহজাকৰ কোবাল সোঁতত । ঢৌ বোৰৰ মাজত লিখি থৈ আহিছো তোমাৰ আৰু মোৰ নাম B + R..............Rimzim




কবিৰ ৰোমান্স ২
==========

তোমাৰ মনতোৰ দৰে বহল এখন সাগৰৰ ইতিবৃত্ত । জুমি চাবলৈ বিচাৰো ইতিহাসৰ আধৰুৱা পৃষ্ঠা । চুই চাব খোজো লালসাৰে ভৰা সপোন । সাগৰৰ পাৰত চিৎকাৰ কৰি উঠিছিল ফুলকুমলীয়া তোমাৰ প্ৰেমৰ অযুত মৰম চেনেহ । উলাহত নাচি উঠিছিল মোৰ হৃদয়ৰ ধপ-ধপনি । আলসুৱা বতাহজাকে আমাৰ প্ৰেম পুৰঠ কৰি তুলিলে ।। তোমাক চিৰদিন ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে ...Rimzim



কবিৰ বিষাদ
==========

সপোনবোৰে যেতিয়া শিপাব খোজে তোমাৰ কোমল বুকুত তুমি থমকি ৰৈ যোৱা আবেগৰ কোলাহলত । কবিৰ বিষাদবোৰ বগাব নিদিবা । দুখ পাবা তুমি নিজেই ।।



কবিৰ স্মৃতি
=====

কবি এজনক কবিতা লিখিবলৈ নিৰ্জনতাৰ প্ৰয়োজন । উত্তাল মায়াবিনী তৰ্জন গৰ্জন ভয়াল পৰিৱেশ কবিৰ মুঠেই পচন্দৰ নহয় । অমায়িক স্বভাৱৰ অধিকাৰী কবিৰ মনৰ মাজত দোলনি দি থাকে প্ৰেমৰ সংস্কৃতি । কবিয়ে কঠীয়া ৰুব পাৰে প্ৰেমিকাৰ উদং বুকুত যত গজালি মেলে হালধীয়া প্ৰেমৰ । আকাশৰ পৰা নামে বৰষুণ । তিতি বুৰি হৈ পৰে উত্ৰাৱল । তাতেই কবিয়ে বিছাৰি পায় বৰষুণৰ গান






No comments:

Post a Comment