Friday 8 March 2013

স্খলন


১) চিনাকি অচিনাকি
এবুকু মৰম
আৰু স্খলন এটি অবাস্তৱ নিশাৰ ।।


২) আশা কৰো
 লঠঙা সপোনবোৰ
সেউজীয়া হব বহাগৰ দৰে ।।

৩) আপোনাৰ শব্দবোৰে মোক নিচুকায়
সময় নাপাও আপোনাক নিঃশব্দে চাই ৰবলৈ ।।


৪)মোৰ মন পদুলিত মাথো তোমাৰ অপেক্ষা 
কেতিয়া আহিবা কেতিয়া ৰচিবা এখন সপোনৰ নাট


৫) তৰাতুমি আকাশৰ উৰ্মিমালা ,
নদীখনৰ বুকুত তোমাৰ প্ৰতিচ্ছবি
মোৰ বুকুখনতো তুষাৰ ধুমুহা ।।


৬) মোৰ মৰমবোৰ বতাহৰ আৰে আৰে উৰি ফুৰে
তুমি মাথো অনুভৱ কৰা কিন্ত চুই চাবলৈ নিবিচৰা ।।


৭) নিয়ৰ সনা বুকুত 
তোমাৰ হেজাৰ বাসনা ,
তোমাৰ দুচকুত
মোৰেই কল্পনা ।।


৮)লিখোতে লিখোতে মিঠা মিঠা শব্দবোৰ শেষ হল 
তথাপিও হেনো মই ভাল পাব জানো
ভাগৰুৱা সমাধি ।।


৯)বহু দিন হল
তোমাৰ বুকুত হালধীয়া ফুল ফুলা নাই ,
বহু দিন হল
হালধীয়া ফুলৰ মৌৰ সোৱাদ লোৱা নাই ।।

No comments:

Post a Comment