Sunday 17 March 2013

আপুনি মোক ভুল নুবুজিব

মোৰ আবেগবোৰ
আপোনাৰ এনাজৰীৰে পকোৱা আছিল ,
মোৰ সেন্দুৰীয়া সপোনবোৰত ৰহণ সানিছিল
আপোনাৰ মোহময়ী কন্ঠস্বৰে ;
কিন্ত আপোনাৰ আবেগবোৰ
মোৰ হব পৰা নাছিল ।

আপুনি মোক ভুল নুবুজিব
আপোনাৰ প্ৰেমত হাবাথুৰি খোৱাৰ বাবে ,
আপোনাৰ বিশ্বাসে
আঘাট কৰিলে মোৰ স্বাভিমানক ।

হয় আপুনি মোক ভুল নুবুজিব
আপোনাৰ গানৰ কলিবোৰ আদৰি লোৱাৰ বাবে ,
সেইবোৰে তৰ্জন গৰ্জন কৰি আছে
মোৰ চিনাকি সুৰৰ চোতালত ।

সুধিব পাৰো নে আপোনাক
আপুনি মোক জীৱন দিলে নে কাঢ়ি নিলে ?

No comments:

Post a Comment