Wednesday 3 April 2013

মোৰ প্ৰেমৰ দুটিমান পংতি লগতে এখন চিঠি


মৰমৰ

-----

মৰম লবি বুলি কবলৈ এতিয়া তই দেখোন মোৰ কাষতেই নাই । কুশলে আছনে নাই সেয়া । বিধাতাই হে জানে । কি সতেনো চিঠি লিখো তাকেহে ভাবি আছিলো । আতৰি যাবি বুলি জানিলে কাষ নাচাপিলো হয় । কপালখনক দোষ নিদিও । দোষ কাৰ মইও নাজানো । চেহ কিয়নো চিঠিখন লিখিম বুলি মন মেলিলো , কাক পঠাম ,কোনে পঢ়িব ? তুমি...........





বোৱতী নদীখনক সুধিছো
প্রেম মানে নো কি?
ই এক সুখালাপ
নে ধুমুহাৰ শুভসংকেত...


বিষাদৰ ডাৱৰবোৰ
লাহে লাহে আতৰি
আকাশখন ফৰকাল হব ধৰিছে ...
ক্ষণ গণিছো
কেৱল একাজলি পোহৰৰ... ( ২ জুন,২০১২)



তুমি এন্ধাৰ হৈ নামি নাহিবা । এনেও অমাৱস্যাৰ ক্লান্ত নিশাবোৰ বহুত ভয়ানক হয় । হুৰহুৰাই নামি আহে নিসংগতা । কিৰিলি পাৰি উঠে নিগৰি সৰি পৰা মাণিকবোৰে । এয়া ডায়েৰিখন খুলি লৈছো । আজি লিখিম কেইটামান নগ্নতাৰে ভৰা নিৰ্লজ্য কাহিনী । মোৰ নিশাবোৰত দাগ বহি গল । জুবীনে যে গাইছিল “ দাগ মোৰ বুকুতে দাগ মোৰ তেজতে দাগ মোৰ কলিজাতে ”-- সেই দাগ এতিয়াও মোৰ প্ৰতিডাল শিৰাই শিৰাই জিলিকি আছে ।



মৰম

এই শব্দটো তাই বুজি নাপালে
তাই হয়তো নাজানে ভালপোৱাৰ সুবাস...(১১ জুলাই , ২০১২)



মহাসাগৰৰ বিধ্বংসী ৰূপত মুগ্ধ
মোৰ অস্তিত্ব ;
পলে পলে যেন বিচাৰি ফুৰে
বান্ধোন এৰাব নোৱাৰা এনাজৰী... ( ১২ জুলাই , ২০১২)
প্ৰেমৰ সাগৰখনত সাতুৰি ভাগৰি পৰিছো ।



অকনমানি মৰম পাবলৈ
ৰৈ থকা
নিজান দেশৰ;
অচিন যুবকৰ,
অক্লান্ত চিঞঁৰ 
শুনিবলৈ আহিব নে কোনোবা ?
ৰৈ আছো
ৰৈ থাকিম ...
এতিয়া বেলিতোও ডুবিব চাগে !!


সাগৰখনৰ পাৰত বহি দিন ৰাতি কটাইছো । নাৱৰীয়াইও নাৱ পাৰ চপাইছে ।


নীলিম বুকুত
অলেখ নিশা ,
সাৰ পাই উঠে
তমসা ।।

শীতল আৱৰণ
মুগ্ধ নয়ন ,
চিঞঁৰি উঠে \
যৌৱন ।।

জোনাকীৰ দৰে ৰং
কঁপি উঠে দু-নয়ন ,
শুভ্র বৰণ
সিক্ত ওঁঠৰ শিহৰণ ।।( ১৫ চেপ্তেম্বৰ ,২০১২ )


বহু ৰাতি হল । মৰমৰ…. এতিয়া এৰিছো । সময় পালে লিখিম দুটিমান পংতি মোৰ জীৱনৰ ।।

কবিতা হৃদয়ৰ বিজ্ঞাপন নহয়
কিন্তু মই জনাব খোজো তেখেতক
যাৰ বাবে মোৰ কবিতা অহৰহ নিগৰি পৰে
কোনো জাননি নিদিয়াকৈ ,
তেওঁক মই পাব খোজো স্বীকৃতি প্রাপ্ত বুকুৰ ভাষাৰে ।। ( ২৯ আগষ্ট ,২০১২)

ইতি
বিকাশ

No comments:

Post a Comment