Friday 26 April 2013

মিঠা সুবাসে জৰাজীৰ্ণ কৰি তুলিলে
মসৃণ হৈ পৰা লঠঙা শৰীৰ ,
সেৰেঙা হৈ পৰা
তোমাৰ ওঁঠৰ লয়লাস ,
মোৰ শীতত
কম্পিত তোমাৰ যৌৱন ।

হঠাৎ মনত পৰিল
তোমাৰ শীতৰ দিনবোৰ
মইবিহীন কম্বলখনৰ উম লৈ পাৰ হয়,
মোৰ অনুৰোধত
তোমাৰ নাভিত স্খলনৰ ঢৌ উঠে ,
উঠা নমা কৰে উষ্ম উশাহৰ ধাৰাষাৰ উত্তেজনা ।।

No comments:

Post a Comment