Tuesday 28 May 2013

ফেচবুকৰ অবাস্তৱ ঘটনা




( দুদিন আগতে হৈ যোৱা সত্য ঘটনাৰ আধাৰ লৈ )

==============================


“ মই হতবাক হৈ ৰলো । উফ কি নিৰ্লজ্যতা । সহজ ভাষাত তাই দেখোন ফেচবুকত দেহৰ ব্যৱসায় কৰিছে ।” -- এই বুলি কৈ মুৰে কপালে হাত দিলে হেমন্ত

মানস ঢলি পৰিছে মজিয়াত । মুখৰ মাত-বোল নাই ।


“মানস ঐ মানস উঠচোন । এনেকৈ ভাঙি পৰিলে হব জানো ? ধৈৰ্য্য ধৰ । ঐ উঠচোন ”---হেমন্তই তাক উঠাব চেষ্টা কৰিলে কিন্তু …



ঘটনাটো আৰম্ভ হয় মিনাক্ষী নামৰ ছোৱালী এজনীৰ পৰা । তাই দেখাত ধুনীয়া ,সুঠাম দেহাবয়বৰ অধিকাৰী । মানস এজন ব্যৱসায়ী । সিহতৰ ঘৰ শুৱালকুচিত । চিনাকি হোৱা বেছি দিন নাই হোৱা । কোনোবা এখন বিয়াত মানসে তাইক দেখি প্ৰেমত পৰি গৈছিল । তাইও সহাৰি দিছিল মানসক । মানসে সাহস গোটাই মনৰ কথাবোৰ কলে । তাৰ পিছতে আৰম্ভ হল মানস-মিনাক্ষীৰ প্ৰেম ।


মিনাক্ষী ছোৱালীজনী দেখিলে মৰম লগা বিধৰ আছিল । যিকোনো ডেকাই সহজতে তাইৰ প্ৰেমত পৰি যাব পৰা বিধৰ আছিল । তাই নিজৰ ওপৰত গৌৰৱ কৰিছিল আৰু অকল মানস নহয় বহুত কেইজন ডেকা লৰাক নিজৰ প্ৰেমৰ জালত ফচাইছিল । আৰু প্ৰধানতঃ তাই জাল পেলাইছিল ফেচবুকৰ জৰিয়তে । অভিজিতে প্ৰেমৰ মায়াজালত বাৰুকৈয়ে সোমাই পৰিছিল আৰু সেয়ে এইবিলাক কথা আওকাণ কৰিছিল । সি ভাবিছিল যে এইচব কথা মিছা । প্ৰেম অন্ধ বুলি কোৱা কথাষাৰ এইক্ষেত্ৰত প্ৰযোজ্য হৈছে । সি ইয়াতে ক্ষান্ত নাথাকি তাইক বিয়াৰ প্ৰস্তাৱ দিলে । কিন্তু ইয়াতে লাগিল পয়মাল । মানসৰ ঘৰখনে তাইক লৈ বিৰোধী মনোভাব ললে । গাৱৰ মানুহেও তাইৰ স্বভাৱ চৰিত্ৰৰ কথা তাক সকিয়ালে । কিন্তু মানস আকোৰগোজ । সি তাইকে বিয়া পাতিব । সি একপ্ৰকাৰ গাৱৰ মানুহখিনক বেয়া হে পালে । তাৰ বিয়া ভাঙিবলৈ অহা বুলি সি নিজৰ আপোন মানুহখিনক ককৰ্থনা কৰিলে । মাক দেউতাকৰ অনুমতি অবিহনে সি চাৰিমাহ আগতে তাইক বিয়া পাতি লৈ আহিল ।


কিন্তু সাপে মোত সলালে জানো খুটিবলৈ এৰে ?

বিয়াৰ পিছতো তাইৰ স্বভাব চৰিত্ৰ একেই থাকিল । মানস তেতিয়াও অজ্ঞাত । নিজৰ মোবাইলত অনবৰত তাই মেচেজত লাগি থাকে । ফোন কৰি থাকে লুকাই চুৰাই । তাই নিজৰ মোবাইলত খুব ফেচবুকত লাগি থাকে । মানসে কথাতো মন নকৰা নহয় পিছে । এদিন কৈছিল সি ফেচবুক কমকৈ ব্যৱহাৰ কৰিবলৈ । তাইও হাঁহি মাৰি সমৰ্থন জনোৱা দেখালে । তাক দেখুৱাই তাই তাইৰ একাউন্টতো নিস্ক্রিয় কৰি থলে । সেইদিনাৰ পৰা অভিজিতে আৰু এইচব কথা লৈ তাইক একো কোৱা নাছিল ।

এবাৰ তাই মানসৰ মোবাইলৰ পৰা ফেচবুক ব্যৱহাৰ কৰিছিল আৰু হঠাৎ মানস আহি ওলোৱাত লগ আউত নকৰাকৈয়ে তাই মোবাইলটো আগৰ ঠাইত থৈ দিছিল । তাই সম্পুৰ্ণ পাহৰি থাকিলে লগ আউত কৰিব । মানসেও ব্যৱসায়ৰ কামত ঘুৰি থাকোতে ফেচবুক খুলি চোৱা নাছিল । দৰাচলতে মিনাক্ষীয়ে এটা নতুন একাউন্ট খুলি বেলেগ এটা নামেৰে ফেচবুক চলাই আছিল আৰু এই কথা মানসে জনা নাছিল গতিকে কোনো সন্দেহো হোৱা নাছিল । এনেদৰে কেইবাদিনো নিজৰ কামত ব্যস্ত হৈ থাকি মানসে এদিন তাৰ বন্ধু হেমন্তৰ ঘৰলৈ আহিল । বহুত দিনৰ মুৰত বন্ধুজনক লগ পাই সি মনৰ বোজাবোৰ অলপ পাতলাই দিলে । সুখ দুখৰ কথা পাতিলে । হেমন্তই মানসৰ মোবাইতো হাতত লৈ কিবা এটা চাই আছিল । হঠাৎ তাৰ ফেচবুক খুলিবৰ মন গল । সি বহুত দিন তাৰ ফেচবুক নাই খোলা । মানসৰ পৰা অনুমতি লৈ সি ফেচবুক পেজটোত ক্লিক কৰোতে হঠাৎ দেখিলে যে সুস্মীতা দাস নামৰ এজনী ছোৱালীৰ প্ৰোফাইল এটা খোল খালে । সি অবাক হৈ মানসৰ মুখলৈ চালে আৰু তাক সুধিলে কাৰ প্ৰফাইল সেইটো ? মানসো আচৰিত হল । ভালকৈ খুলি চাওতে গম পালে যে সেইটো মিনাক্ষীৰে প্ৰফাইল মাত্ৰ নামটো বেলেগ ।



আৰে কি এয়া --- মানস হতবাক !!


অলপ ভালকৈ বাৰ্তা-বাকচত সোমাই গৈ সিহতে যি দেখিলে তাৰ পিছত সিহতৰ মুখত মাত নোহোৱা হল । ইনবক্সত দেখিলে যে এজন চন্দন দাস নামৰ ডিব্ৰুগড়ৰ লৰাৰ লগত তাই সদায় কথা পাতে ফেচবুকত । পেচাত চন্দন এজন প্ৰফেচাৰ । তাই তাইৰ নম্বৰ দিছিল মেচেজত । তাৰ ওপৰি সিহতে বহুত বেয়া বেয়া কথা আলোচনা কৰিছিল ফেচবুকৰ ইনবক্সত । তাই মাজতে চন্দনৰ কিবা এটা ৰিপ্লাইত কৈছিল “HUSBAND IS MY FOOT “


মানস স্থবিৰ হৈ পৰিছিল এই কথা আৰু সিহতৰ মাজৰ অশালীন কথাবোৰ পঢ়ি । যাক ইমান বিশ্বাস কৰি নিজৰ মানুহৰ লগত কাজিয়া কৰি বিয়া পাতি আনিছিল সেইজনী ছোৱালীয়ে আজি তাৰ লগত এনেকুৱাখন কৰিব বুলি কেতিয়াও ভৱা নাছিল ।


গোটেই ৰাতি তাৰ টোপনি নাহিল । হেমন্তইও খুব বেজাৰত কটালে । কি ধৰণে মানসক সি বুজনি দিব ভাবি পোৱা নাছিল ।



মানসে এতিয়া মিনাক্ষীক এৰি দিয়াৰ কথা ভাবিছে । যদিও সমাজত এয়া ইমান সহজ নহয় কিন্তু যি বিশ্বাসঘাটকতা তাই কৰিলে তাৰ প্ৰত্যুতৰত মানসে আজি কি কৰিব সেয়া বহুত ডাঙৰ প্ৰশ্ন হৈ উঠিছে !!!!

মই ৰাইজক সুধিব খুজিছো এতিয়া মানসে কি কৰা উচিত ??????????

বিকাশ দাস

বাংগালুৰু



2 comments: