Wednesday 19 June 2013

মৰিবলৈ গৈছিলো

যোৱাৰাতি মৰিবলৈ ওলাই গৈছিলো
গোটেইখন এন্ধাৰ পৰিবেশ

নিমাওমাও

ইফালে কিহবাই কিৰিলিয়াই
কিহবাই মোক ৰিঙিয়াই মাতে

মই যেন সিহতৰ এৰাতিৰ খাদ্য ,

জাপ মাৰিব গলো নিমাতী নদীৰ পাৰত
দেখিলো শুভ্ৰ বগা বতাহ এজাকে
খুন্দিয়াই থৈ গল মোক ।

মোক যেন কৈ গল
" নাযাবি ঐ নাযাবি "

No comments:

Post a Comment