Tuesday 30 July 2013

পংতি

এক

চিগাৰেটৰ পেকেট
তাত আছিল এবুকু কলীয়া ডাৱৰ ।

দুই

নিশাৰ নিঃশব্দতা
কবিতাৰ গৰজনি ।

তিনি

আবেলিৰ শৈশৱ
যৌৱনৰ আঁৰত লুকাভাকু ।।

Tuesday 23 July 2013

এজাৰ ফুলিবৰ পৰা
উকা উকা হল মনটো ,
চুই চোৱা
অনুভৱ কৰিবা
শীতল লাহৰী ঘাটৰ
প্ৰেমৰ পানচৈ ।।।

Wednesday 17 July 2013



এক

বৰষুণজাক
বলীয়া পখীজাকৰ দৰে
পি পিয়াদি বিচৰণ কৰিছে তোমাৰ নাভি ।

দুই

নাভিৰ
সেই দাগটো
এতিয়াও মনত আছে ।

তিনি

সুগন্ধ
শ্নীলতা-অশ্নীলতাৰ ,
জহি খহি যোৱা
চাদৰ খনৰ পাৰফিউমৰ
মাদকতা ,
পাঁচোটা আঙুলিৰ কোলাহল
বাৰুকৈ মনত আছে ।

Sunday 14 July 2013



এক

তুমি
শূণ্যতা বুকুৰ

দুই

সন্ধিয়া
মনত পৰে তোমালৈ
তোমাৰ পৰেনে বাৰু ?

তিনি

অংকুৰণ
মোৰ প্ৰেমৰ,
হঠাৎ এজাক ধুমুহা
আৰু ঠানবান এখন প্ৰেমিক নগৰী ।

Wednesday 10 July 2013

এক

তেজ
এখন বিষাক্ত নদী ।

দুই

শোক
তেজাল নিসংগতা ।

তিনি

সন্ত্ৰাস
বিয়লি বেলাৰ সাধুকথা ।

Tuesday 9 July 2013


মনৰ বেজাৰবোৰ আতৰিল
চুই চাওতে শূন্যতাৰ মাজতে নিজৰ প্ৰতিচ্ছবি
বিছাৰি বিছাৰি পালো
ভগ্ন টুকুৰাৰ চয়া ময়া মৰম ।

Monday 8 July 2013

এক

মোৰ বুকুত কি জ্বলে ?
তোমাৰ বেদনা !!

দুই

উষ্ম উশাহ
দুটি দেহৰ
আকৌ মিলন ,
অবিশ্বাসী নিশা ।।

তিনি

শূণ্যতা
অপুৰ্ণতা
নিৰিবিলি
জীৱনৰ মালিতা ।।

চাৰি

মোৰ মৌনতা
অপমৃত্যুৰ অট্টহাস্য ।।

দুখ কৰি লিখা কবিতা

কিমান চাম তোলৈ বাট
সন্ধিয়াৰ পখীজাক উভটি আহিল ,
পৰক আপোন কৰি এই দুনিয়াত কি পালো
মাথো বদনাম
ইয়াকে কয় হেনো
জহন্নাম ।।

Wednesday 3 July 2013

কিবা কিবি

সন্ধানহীন পখীজাকে
বুজি পাইছিল
বিমুৰ্ত সময়বোৰ একা বেকা প্ৰাচুৰ্য্য ।
অভিশাপ আছিল
অভিমানী নিশাবোৰ ,
হেৰাই গৈছিলো
যৌৱনৰ আতুৰত ।।




চুব খোজো
হঠাৎ জাগি উঠে
যন্ত্ৰণা ।।

হাঁহিব খোজো
হঠাৎ উচুপি উঠে
নিঃশব্দতা ।।