চিঠিখন
চোলাটোৰ মোনাতেই ৰৈ গ'ল ,
মৌনতাৰ মায়াজালে
বাৰুকৈয়ে আবেগিক কৰিলে ।
সুখী হব বিছৰাটো
দুখৰ কাৰণ নাছিল
তথাপিও সুদুৰ অশান্ত প্ৰহৰৰ চকামকা নিচা ।
মাধৱ চৌধুৰী কলেজৰ
প্ৰিয়তমালৈ আবেগবোৰ
দুকলম লিখিলো ।
জিকমিক পোহৰৰ
দলিচাখনি তাই গচকি গ'ল ,
উজ্বলাই থৈ গ'ল
দাগ ।
বাটৰুৱাক সুধিলো
" তাই ভালে আছেনে বাৰু ? "
প্ৰশ্নটো যেন নাভ্ৰুত নাশ্ৰুত ,
" তুমি নাজানা নেকি তাই যে এতিয়া হেৰাই যোৱাৰ পথত "
উলাহবোৰ বুকুতে সাৱতি
প্ৰিয়তমালৈ বুলি - " যতেই নাথাকা কিয় সুখত থাকিবা "
উকা কাগজত লিখা নীলা চিয়াহীবোৰ চাগে এতিয়া অপেক্ষাৰত ।।।
================
বিকাশ