Monday 16 December 2013

তুমি আহিলে
বুকুখনে ঘনাই উশাহ সলায়...
তুমি আহিলে
বতাহজাক বলীয়া হৈ পৰে ...
নামহীন পথৰ সেই দাতিটোত
তুমি নাহিলে এতিয়া জোনাকে কিৰিলিয়াই মাতে ।
তুমি আহিলে মই নষ্ট হৈ পৰো
তুমি আহিলে নষ্ট হৈ পৰে সত্বা ।।।

Thursday 5 December 2013

মই যে দেৱদাস নহয়

আজি মদিৰাৰ নিচাই চানি ধৰিছে
তোমাক নেদেখাৰ নিচা ।
কান্দিওতো লাভ নাই
চকুপানীবোৰ তোমাৰ বেনামী সপোনবোৰৰ আঁৰত সাচি থবলৈ
মই যে দেৱদাস নহয় ।
এজন মস্ত গোৱাৰ
যাৰ শব্দবোৰে এতিয়া কাণত বিন্ধে
যাৰ কবিতাবোৰে এতিয়া হত্যা কৰে
তোমাৰ বেনামী সুৰবোৰ ।।।
জিন্দেগীত হেজাৰবাৰ হোচ হেৰুৱালো
তোমাৰ নাটকৰ মদিৰাত মই জবাববিহীন হৈ পৰো ....