Monday 13 January 2014

তুমি
বৈ আছিলা বিষাদৰ নৈ হৈ

আজিও কঁপি উঠে জানা
পাহৰণিৰ গৰ্ভত হেৰাই যোৱা
ন আখৰৰ নিভাজ প্ৰেম ।।।


এখন্তেক হলেও ৰৈ চোৱা
সৌৱা
জোনাকৰ সুৰুয উদয় হৈছে ..

নবনীতাৰ চকুজুৰি নিলাভ নৈ খনৰ
উজ্বলি উঠা চুম্বনৰ একা-বেকা ৰাস্তা ,
তিনিআলি টোৰ যি হে নিচা
সোমাই গৈ থাকিলেও হুতাহ নপলায়
শূণ্যতাই আগছি ধৰিছে
তাইক হেৰুৱাৰ দিনৰে পৰা ।
বেদনাবোৰ ককালত খুচি লৈ
উটি ভাহি ফুৰিছো এৰাতিৰ তৰালিৰ আৰত ।
কবিৰ বেদনা
এজাক অশ্ৰুৰ বাদে একো নহয়
মাথো চিঞঁৰ বাখৰ মাতাল বতাহজাকৰ ।।।
ক্ৰমশ আতৰাই লৈ গৈছে
মোক মোৰ পৰা ...

কোনোবাক খুব মনত কৰিছো
হয়তো সাৰে আছে তাই নিতাল আশাত ।।।