Saturday, 22 March 2014

পদুলিমুখত ৰৈ যাবাহি এপাক
মোৰ কবিতাৰ চন্দ
তোষামোদ যেন লাগিব তোমাৰ ।

মই যে আলসুৱা
মোৰ মৰমবোৰ মিছা যেন লাগিব তোমাৰ ।

মোৰো যে জীয়াই থাকিবলৈ
এখন হৃদয় আছে ,
অহংকাৰৰ পথ মোকলাই
তুমি গুছি যাবা ,
বেকাৰ হৈ পৰিম প্ৰেমৰ চাকৰীত ।।

Monday, 10 February 2014

বৈ আহিল
এটোপাল কেচা তেজ

চিয়াহী শুকাই গল
বুকুত এতিয়া কেকটাছৰ সুবাস ।।

কলা ডাৱৰৰ
বিষাক্ত বৰষুণ
এতিয়া যে মোৰ চকুত ফাগুনৰ কোলাহল ।।।

Monday, 13 January 2014

তুমি
বৈ আছিলা বিষাদৰ নৈ হৈ

আজিও কঁপি উঠে জানা
পাহৰণিৰ গৰ্ভত হেৰাই যোৱা
ন আখৰৰ নিভাজ প্ৰেম ।।।


এখন্তেক হলেও ৰৈ চোৱা
সৌৱা
জোনাকৰ সুৰুয উদয় হৈছে ..

নবনীতাৰ চকুজুৰি নিলাভ নৈ খনৰ
উজ্বলি উঠা চুম্বনৰ একা-বেকা ৰাস্তা ,
তিনিআলি টোৰ যি হে নিচা
সোমাই গৈ থাকিলেও হুতাহ নপলায়
শূণ্যতাই আগছি ধৰিছে
তাইক হেৰুৱাৰ দিনৰে পৰা ।
বেদনাবোৰ ককালত খুচি লৈ
উটি ভাহি ফুৰিছো এৰাতিৰ তৰালিৰ আৰত ।
কবিৰ বেদনা
এজাক অশ্ৰুৰ বাদে একো নহয়
মাথো চিঞঁৰ বাখৰ মাতাল বতাহজাকৰ ।।।
ক্ৰমশ আতৰাই লৈ গৈছে
মোক মোৰ পৰা ...

কোনোবাক খুব মনত কৰিছো
হয়তো সাৰে আছে তাই নিতাল আশাত ।।।

Monday, 16 December 2013

তুমি আহিলে
বুকুখনে ঘনাই উশাহ সলায়...
তুমি আহিলে
বতাহজাক বলীয়া হৈ পৰে ...
নামহীন পথৰ সেই দাতিটোত
তুমি নাহিলে এতিয়া জোনাকে কিৰিলিয়াই মাতে ।
তুমি আহিলে মই নষ্ট হৈ পৰো
তুমি আহিলে নষ্ট হৈ পৰে সত্বা ।।।

Thursday, 5 December 2013

মই যে দেৱদাস নহয়

আজি মদিৰাৰ নিচাই চানি ধৰিছে
তোমাক নেদেখাৰ নিচা ।
কান্দিওতো লাভ নাই
চকুপানীবোৰ তোমাৰ বেনামী সপোনবোৰৰ আঁৰত সাচি থবলৈ
মই যে দেৱদাস নহয় ।
এজন মস্ত গোৱাৰ
যাৰ শব্দবোৰে এতিয়া কাণত বিন্ধে
যাৰ কবিতাবোৰে এতিয়া হত্যা কৰে
তোমাৰ বেনামী সুৰবোৰ ।।।
জিন্দেগীত হেজাৰবাৰ হোচ হেৰুৱালো
তোমাৰ নাটকৰ মদিৰাত মই জবাববিহীন হৈ পৰো ....