বিকাশ...
সাগৰ ভালপোৱাৰ কথাৰে মোৰ মনৰ ভাষা প্ৰকাশ--বিকাশ
Sunday, 30 September 2012
এখন সাগৰৰ কথাৰে-১৭
জোনবাই বেজি এটি দিয়া বুলি
পদ্য পঢ়িছিল ,
এতিয়া হেনো তাই
সেই জোনবাইৰ কাষ চাপিল ।।
হেজাৰ হলেও জীৱন
আজি যাও কালি যাও কৈ থাকে ,
গুচি গ'ল
কেইবাটাও প্রশ্নৰ
হিচাপ নিদিয়াকৈ ।।
সাগৰৰ পাৰৰ
সেই উজ্জলতা ,
কেইবাটাও পৰাণৰ
মুকুতিৰ প্রকাশ ।।
Saturday, 29 September 2012
এখন সাগৰৰ কথাৰে - ১৬
উৰি ফুৰিছে
এজাক জোনাকী পৰুৱা ,
নাবিকৰ বাট পোহৰাইছে
ভয়াল অন্ধকাৰৰ বুকুত ।।
শব্দৰ মায়াজাল গুঠিছে
সিহতে ,
গুনগুনাইছে ভদাইৰ সুৰ ।।
পৰিচয় বিহীন
এটি চিনাকী বিচাৰি ,
পোহৰৰ পম খেদি
ঢাপলি মেলিচে
হৃদয়বিহীন সাগৰত ।।
Thursday, 27 September 2012
এখন সাগৰৰ কথাৰে-১৫
ওখ চাপৰ
ঢৌৰ বাসিন্দা
সাগৰখনিৰ অবিৰাম যাত্রা ,
ইপাৰৰ পৰা সিপাৰ ।।
সাগৰ পাৰৰ বালিচৰ
তাতে আঁকিচিলা
বৰদৈচিলাৰ প্রতিবিম্ব ,
প্রাণ দিচিলা
ওফন্দি উঠা
প্রণয়ক ।।
সৌৱা বালিচৰত জিলিকি উঠিছে
নেদেখা পৰাণৰ বালিচন্দা ।।
Tuesday, 25 September 2012
এখন সাগৰৰ কথাৰে-১৪
সুপ্ত হৈ আছে
মেঘৰ চায়া ,
মেদিনী বিলীন হৈ আছে
সাগৰৰ সিপাৰে ।।
ভানুমতি
আছিল মাথো এটি অধ্যায় ,
অধ্যায় শেষ হ'ল
ভদাই গুচি গ'ল ,
মৌন হৈ পৰিল
ঢৌৰ শবদ...
Saturday, 22 September 2012
এখন সাগৰৰ কথাৰে -১৩
মৌনতাৰ হাঁহি
চঞ্চল নয়ন ,
বিজুলীৰ মায়া
নতুনৰ আহ্বান ।।
ভুল শুদ্ধ
ভানুমতিয়ে নাজানে ,
মাথো জানে এটি মাত্র শবদ
ভদাই ।।
এয়া প্রেম নে
মৃতদেহৰ চিৎকাৰ ।
Friday, 21 September 2012
এখন সাগৰৰ কথাৰে - ১২
কেচা কলিজাৰ
সপোন ৰঙা তেজ তুমি ,
প্রতিডাল ধমনীৰ
ব্যাকুল প্রাণ তুমি ।।
ভানুমতিৰ
হৃদপিণ্ডতো কলবলাইছে ,
মৰমৰ ভোকত
বাগৰ সলাইছে ন-ন ৰূপত ।।
তেজ ৰঙা সপোন তুমি ,
তোমাৰ তেজেৰে আজি
ৰাঙলী মোৰ মৌন ভাষা ।।
এখন সাগৰৰ কথাৰে - ১১
পৰিস্থিতি
গোমা,
তাতে আকৌ
ওফন্দি আছে
আকাশখনৰ নীলাভ পৰিধি ।।
সময়ে দি যায়
অনুভৱ ,
লৈ যায় অনুভৱৰ ফটা কামিজ ।।
মানুহৰ দেশত
জন্তুৰ তাণ্ডব ,
সন্ধিয়া পৰত
পদুলিমুখত ।।
Thursday, 20 September 2012
এখন সাগৰৰ কথাৰে - ১০
কলীয়া আকাশ
যত মেঘৰ খিলখিলনি ,
গোমা হৈ আছে
সপোনমগ্ন সাগৰৰ বুকু ।।
সন্ধিয়াৰ বৰষুণজাকে
বাৰুকৈয়ে ভিজাই তুলিলে
গাভৰুহালৰ উন্মুক্ত বুকু ,
ছন্দে ছন্দে আকাশখন গৰজি উঠিছে
সিহতৰ যৌৱনৰ উন্মাদনা দেখি।।
বুকুত থকা
সেই ক'লা তিলটোৱে
আজিও মনত পেলায়
প্রতিটো স্পর্শ ।।
এখন সাগৰৰ কথাৰে-৯
সাগৰৰ ক্লান্ত ঢৌবোৰে
অশান্ত প্রহৰৰ আঁৰে আঁৰে
এটি সুগন্ধিময়
সন্ধিয়াৰ গান আওৰাই যায় ।।
প্রতীতো শৰতত হেনো
ভানুমতিৰ জোলোঙা ভৰিব ,
নিৰবে
নিঃশব্দে ।।
নীলা চহৰৰ
এয়া ৰঙীন ৰঙ তামাচা ।।
Tuesday, 18 September 2012
এখন সাগৰৰ কথাৰে -৮
নাৱৰীয়া ঐ
নাওখন চপাই লৈ আহ
একেলগে এইটো পাৰত বহি
সোৱঁৰাই যাও শৰতৰ গান ।।
ভানুমতিৰ পদুলিত
শেৱালী ফুলিল,
ভদাইয়ে হেনো প্রেমৰ বতৰা পঠাইছে
জোলোঙাত আৰি ।।
সাগৰখন বৈ যায়
ভদাইৰ দেশখনলৈ ।।
এখন সাগৰৰ কথাৰে -৭
শৰতৰ শেৱালী
সৰি পৰিল ,
জোলোঙা ভৰিল
ভানুমতিৰ ।।
তাইৰ বাবে
মেদিনী কঁপাই
ভদাইয়ে পুনৰ জনম লব ,
সাগৰত পুনৰ
চুনামী আহিব ।।
সিহতৰ মিলন হব
সেই একেইখন সাগৰৰ পাৰত,
কিন্তু সেয়া সিহতৰ
আত্মাৰ মিলন হব
যত থাকিব কেৱল
জ্বলি থকা দুটি শিখা ।।
এখন সাগৰৰ কথাৰে-৬
হে সাগৰ
তোৰ বুকুত জনম হ'ল
নাবিকৰ , প্রেমিকৰ ,
হয়তো উটি-ভাহি গ'ল
ভদাইৰ দৰে
মাতাল মৃতদেহ ।।
নীলা চাদৰখন ৰাঙলী হ'ল
বুকু বিষায় যোৱা
কাতৰ আস্ফালনত ।।
তথাপিও তই
প্রেমৰ প্রতীক ,
অজৰ অমৰ ।।
Monday, 17 September 2012
এখন সাগৰৰ কথাৰে-৫
মৃত্যুৰ বতৰা
ভদাইৰ,
কলিজা কপাঁইছে
ভানুমতিৰ ।।
শয্যাশায়ী প্রেমিকাৰ
হঠাত বাঢ়ি গ'ল
স্পন্দন ,
মৃতকৰ সুগন্ধ
আমোলমোলাইছে
অশ্রুৰ ৰূপত ।।
বেচেৰি অবাক হৈ আছে,
তাতে আকৌ
প্রেমিকৰ স্তব্ধ হৃদয়ৰ গান ।।
এখন সাগৰৰ কথাৰে -৪
সিপাৰত ভদাইয়ে
আস্ফালন কৰি উঠিছে ,
প্রেমিকাৰ ঢলি পৰা
অস্তিত্বৰ মায়াময়
এন্ধাৰ বিছাৰি ।
শান্ত হব পৰা নাই
দুচকুৰ চিঞঁৰ ,
ঢুকিব পৰা নাই
শয্যাশায়ী প্রেমিকাৰ
উন্মাদ অট্টহাস্য ।
এন্ধাৰ নামিল
বেলিও ডুবিল,
বাকী ৰল মাথো
বোকা-পানীৰ মাজত
এটি মৃতদেহ ।।
Sunday, 16 September 2012
এখন সাগৰৰ কথাৰে-৩
সাগৰখনে নীলা চাদৰ মেৰিয়াই
থৰ লাগি চাই ৰৈছে
ডাৱৰীয়া সৰগখনলৈ ।
গুম গুমাই
ফেকুঁৰি উঠিব
অভিমানী আকাশখনে ।
ভাহি আহিব
চেঁচা বতাহৰ
অহংকাৰবোৰ ।
আউলি বাউলি হ'ব
তাইৰ চুলিটাৰি ,
ঢলি পৰিব
নীলিম চাদৰৰ আঁচলত ।
অঘৰী হব
তাইৰ সত্ত্বা ,
সিটো পাৰৰ পৰা
ভদাইয়ে আস্ফালন কৰিব ।।
সাগৰৰ আঁচলত
আকৌ এক কাহিনী
আকৌ এক চিগি যোৱা বান্ধোন।।
Saturday, 15 September 2012
এখন সাগৰৰ কথাৰে -২
তৃষ্ণাতুৰ কলিজা
চকু জুৰ পেলোৱা
নীলা পথাৰ ,
হেঙুলীয়া আভাৰ
কিৰিলি ।।
ঢৌৰ তালে তালে
মৰহি যোৱা
সেই বকুলজোপা ,
মৰহি থাকিল
কবিৰ চন্দ ।।
এখন সাগৰৰ কথাৰে.-১
নীলিম বুকুত
অলেখ নিশা ,
সাৰ পাই উঠে
তমসা ।।
শীতল আৱৰণ
মুগ্ধ নয়ন ,
চিঞঁৰি উঠে
যৌৱন ।।
জোনাকীৰ দৰে ৰং
কঁপি উঠে দু-নয়ন ,
শুভ্র বৰণ
সিক্ত ওঁঠৰ শিহৰণ ।।
=======
বিকাশ
Wednesday, 12 September 2012
অকবিতা
সন্মুখত ব্যর্থতাৰ আলিংগন
দূৰৈত সুখৰ তাচ্চিল্য ।
নিশাৰ অন্ধকাৰ ,
তাতে মই আৰু মোৰ অনুভৱ ।
মদিৰাৰ তালে তালে উথলি উঠিছে
অনুভৱৰ চাকনৈয়া...
Tuesday, 11 September 2012
১) তেখেতৰ অভিমানবোৰ
আশীর্বাদ হিচাপে আদৰি লম...
জীৱনতো সজাই তুলিম
নুফুলা ফুলৰ সান্নিধ্যত ...
হেৰাই যাম ঢুকি নোপোৱা শূন্যত ...
২) যোৱাকালি কোনোবাএজনে কৈছিল
প্রেমত অভিমান কৰিলে হেনো প্রেম বাঢ়ি যায় !!
সেই কাৰনে হবলা ১দিন নহয় ,২ দিন নহয় সম্পূর্ণ ৫ টা বছৰ আতৰি আছা প্রেমবিহীন ৰাতিৰ কোলাহলৰ পৰা ।
বাট চাই ৰৈ আছা চাগৈ মই আহিম বুলি কোনোবা এটা আবেলিৰ চকামকা এন্ধাৰত ।
অভিমানী প্রেম এতিয়া বাধাৰ প্রাচীৰ হৈ থিয় দিছে আমাৰ মিলনত ...
৩) শুনিছো যাত্রাৰ শেষ নাইকিন্তু এই মৰম চেনেহৰ অভিনয়ৰ যাত্রাৰ অন্ত পৰিব জানো ??
প্রেমিকে প্রেমিকাৰ বাবে থাপ মাৰি তৰা আনি দিবলৈও কুণ্ঠাবোধ নকৰে , পাৰিলে তোমাক নাপালে মৰি যাম বুলিও হুংকাৰ দিয়ে । কিন্তু কিমান দুৰ সচা এইবোৰ । সচাকৈয়ে আনি দিব পাৰিবনে আকাশৰ সেই জোন-বেলি-তৰা প্রেমিকাই বিছাৰিলে ??
হে অভিমানী প্রেমিকা ,
অভিমান কৰি আতৰি নাযাবা ,
দুখ পাব সেই মুক্ত মনৰ প্রেমিকজনে !
প্রাপ্ত সুখৰ পৰা বঞ্চিত হব হেজাৰজন ..
Newer Posts
Older Posts
Home
Subscribe to:
Comments (Atom)