Monday, 16 December 2013

তুমি আহিলে
বুকুখনে ঘনাই উশাহ সলায়...
তুমি আহিলে
বতাহজাক বলীয়া হৈ পৰে ...
নামহীন পথৰ সেই দাতিটোত
তুমি নাহিলে এতিয়া জোনাকে কিৰিলিয়াই মাতে ।
তুমি আহিলে মই নষ্ট হৈ পৰো
তুমি আহিলে নষ্ট হৈ পৰে সত্বা ।।।

Thursday, 5 December 2013

মই যে দেৱদাস নহয়

আজি মদিৰাৰ নিচাই চানি ধৰিছে
তোমাক নেদেখাৰ নিচা ।
কান্দিওতো লাভ নাই
চকুপানীবোৰ তোমাৰ বেনামী সপোনবোৰৰ আঁৰত সাচি থবলৈ
মই যে দেৱদাস নহয় ।
এজন মস্ত গোৱাৰ
যাৰ শব্দবোৰে এতিয়া কাণত বিন্ধে
যাৰ কবিতাবোৰে এতিয়া হত্যা কৰে
তোমাৰ বেনামী সুৰবোৰ ।।।
জিন্দেগীত হেজাৰবাৰ হোচ হেৰুৱালো
তোমাৰ নাটকৰ মদিৰাত মই জবাববিহীন হৈ পৰো ....

Saturday, 9 November 2013

আধৰুৱা দিনবোৰ
তোমাৰ সতে কটাম ,
চাকিগছি জ্বলাই লম
উজ্বলিব ৰৈ যোৱা দিনবোৰৰ বাট ।
জিঞাঁ বোৰে উশাহ লব
মোৰ নিশাহৰ তালত ,
নিচুকাম এৰাতিৰ সুগন্ধৰ প্ৰভাত
শেৱালীৰ চোতালত নিয়ৰবোৰে চুমিব তোমাৰ উৰস ।
এৰাতিৰ সুবাস লম
তোমাৰ সতে কটাম
ৰৈ যোৱা প্ৰভাত ।।

Saturday, 19 October 2013

যদি কেতিয়াবা তুমি উভতি আহা
মোৰ উশাহবোৰে তোমাৰ লয়ত উথলি উঠিব নে ?

যদি কেতিয়াবা দুবাহুৰ সপোন দিঠক হয়
তুমি এন্ধাৰত খাপ পিতি
এৰি অহা অতীতক লিৰিকি বিদাৰি সজীৱ কৰি তুলিবা নে ?

এয়া মোৰ ভৱিষ্যতক অতীতৰ প্ৰশ্ন ...
যিখন বুকুত শিল বৰষে
বৃষ্টিৰ দুটোপাল তেজে যত চিঞৰি উঠে
সেয়াই নেকি প্ৰনয়ৰ প্ৰতিবাদ ?
এইফালে তাল-ফাল লগাইছে মৰমৰ প্ৰহেলিকাবোৰে
এতিয়া যে জীউ উৰে বতাহৰ আঁৰে আঁৰে ।।

Tuesday, 15 October 2013

কামিজৰ হাড়ত
শেলুৱৈ গজিছে ,
পুৱতি নিশা ক্ষণ গণিছে
অফুৰন্ত যান্ত্ৰিকতাৰ ।
নিলাজ পখীবোৰে
মোক জোকাইছে
চুই গৈছে এলানি সেন্দুৰীয়া আবেগ ।।

Sunday, 13 October 2013

ৰং

আধা লিখা চিঞঁৰবোৰ
চিয়াহীৰ সোঁতত
বিচ্ছিন্ন হৈ পৰে ,

তুমি হয়তো নাজানা
চিয়াহীৰ ৰঙ নীলা নাছিল
আছিল মাথো ৰঙীণ বৈ পৰা এক আদেশ ।।

Thursday, 26 September 2013

মাধৱ চৌধুৰী কলেজৰ মোৰ প্ৰিয়তমা


চিঠিখন
চোলাটোৰ মোনাতেই ৰৈ গ'ল ,

মৌনতাৰ মায়াজালে
বাৰুকৈয়ে আবেগিক কৰিলে ।

সুখী হব বিছৰাটো
দুখৰ কাৰণ নাছিল
তথাপিও সুদুৰ অশান্ত প্ৰহৰৰ চকামকা নিচা ।

মাধৱ চৌধুৰী কলেজৰ
প্ৰিয়তমালৈ আবেগবোৰ
দুকলম লিখিলো ।

জিকমিক পোহৰৰ
দলিচাখনি তাই গচকি গ'ল ,
উজ্বলাই থৈ গ'ল
দাগ ।

বাটৰুৱাক সুধিলো
" তাই ভালে আছেনে বাৰু ? "
প্ৰশ্নটো যেন নাভ্ৰুত নাশ্ৰুত ,

" তুমি নাজানা নেকি তাই যে এতিয়া হেৰাই যোৱাৰ পথত "

উলাহবোৰ বুকুতে সাৱতি
প্ৰিয়তমালৈ বুলি - " যতেই নাথাকা কিয় সুখত থাকিবা "

উকা কাগজত লিখা নীলা চিয়াহীবোৰ চাগে এতিয়া অপেক্ষাৰত ।।।

================
বিকাশ

Wednesday, 25 September 2013

কলাফুলৰ ঘামবোৰ
এতিয়া যেন মেঘমল্লিকাৰ বিষাদ ,
লিৰিকি বিদাৰি ফুৰা
সৰি পৰা শেৱালীৰ এটি সন্ধ্যা যে এতিয়া মোৰ নহয় ।।।
তোষামোদ কৰা নাই
কৰিছো মাথো অহংকাৰ ।।

Monday, 26 August 2013

এখন চিঠি
সবল হস্তাক্ষৰ ,

"তোমাক বাদ দিও আদৰি লব পাৰিম
মৃত্যুৰ অপবাদ "

স্বাধীনতাৰ শতিকাবোৰ
মোৰ হৈ নাথাকিল ।।

Monday, 5 August 2013

মই

হেৰাই যাব খোজো
নীলা চৰাই হৈ ,

মই

সাৱতি লব খোজো
নগ্ন নিশাৰ উৰি ফুৰা এন্ধাৰ ।।
সুখ
অনুবাদ হাঁহিৰ ।

দুখ
অনুবাদ অভিমানৰ ।

সুখ-দুখ
হাঁহি চকুলোৰ বিষাদৰ আনন্দ ।।

বিকাশ
আজন্ম প্ৰেমিক

হতাশা
দৈনন্দিন ব্যস্ততা ।।

Tuesday, 30 July 2013

পংতি

এক

চিগাৰেটৰ পেকেট
তাত আছিল এবুকু কলীয়া ডাৱৰ ।

দুই

নিশাৰ নিঃশব্দতা
কবিতাৰ গৰজনি ।

তিনি

আবেলিৰ শৈশৱ
যৌৱনৰ আঁৰত লুকাভাকু ।।

Tuesday, 23 July 2013

এজাৰ ফুলিবৰ পৰা
উকা উকা হল মনটো ,
চুই চোৱা
অনুভৱ কৰিবা
শীতল লাহৰী ঘাটৰ
প্ৰেমৰ পানচৈ ।।।

Wednesday, 17 July 2013



এক

বৰষুণজাক
বলীয়া পখীজাকৰ দৰে
পি পিয়াদি বিচৰণ কৰিছে তোমাৰ নাভি ।

দুই

নাভিৰ
সেই দাগটো
এতিয়াও মনত আছে ।

তিনি

সুগন্ধ
শ্নীলতা-অশ্নীলতাৰ ,
জহি খহি যোৱা
চাদৰ খনৰ পাৰফিউমৰ
মাদকতা ,
পাঁচোটা আঙুলিৰ কোলাহল
বাৰুকৈ মনত আছে ।

Sunday, 14 July 2013



এক

তুমি
শূণ্যতা বুকুৰ

দুই

সন্ধিয়া
মনত পৰে তোমালৈ
তোমাৰ পৰেনে বাৰু ?

তিনি

অংকুৰণ
মোৰ প্ৰেমৰ,
হঠাৎ এজাক ধুমুহা
আৰু ঠানবান এখন প্ৰেমিক নগৰী ।

Wednesday, 10 July 2013

এক

তেজ
এখন বিষাক্ত নদী ।

দুই

শোক
তেজাল নিসংগতা ।

তিনি

সন্ত্ৰাস
বিয়লি বেলাৰ সাধুকথা ।

Tuesday, 9 July 2013


মনৰ বেজাৰবোৰ আতৰিল
চুই চাওতে শূন্যতাৰ মাজতে নিজৰ প্ৰতিচ্ছবি
বিছাৰি বিছাৰি পালো
ভগ্ন টুকুৰাৰ চয়া ময়া মৰম ।

Monday, 8 July 2013

এক

মোৰ বুকুত কি জ্বলে ?
তোমাৰ বেদনা !!

দুই

উষ্ম উশাহ
দুটি দেহৰ
আকৌ মিলন ,
অবিশ্বাসী নিশা ।।

তিনি

শূণ্যতা
অপুৰ্ণতা
নিৰিবিলি
জীৱনৰ মালিতা ।।

চাৰি

মোৰ মৌনতা
অপমৃত্যুৰ অট্টহাস্য ।।

দুখ কৰি লিখা কবিতা

কিমান চাম তোলৈ বাট
সন্ধিয়াৰ পখীজাক উভটি আহিল ,
পৰক আপোন কৰি এই দুনিয়াত কি পালো
মাথো বদনাম
ইয়াকে কয় হেনো
জহন্নাম ।।

Wednesday, 3 July 2013

কিবা কিবি

সন্ধানহীন পখীজাকে
বুজি পাইছিল
বিমুৰ্ত সময়বোৰ একা বেকা প্ৰাচুৰ্য্য ।
অভিশাপ আছিল
অভিমানী নিশাবোৰ ,
হেৰাই গৈছিলো
যৌৱনৰ আতুৰত ।।




চুব খোজো
হঠাৎ জাগি উঠে
যন্ত্ৰণা ।।

হাঁহিব খোজো
হঠাৎ উচুপি উঠে
নিঃশব্দতা ।।

Monday, 24 June 2013

প্ৰেমৰ টুকুৰা




১) নিশাৰ শবদে
মনত পেলাই দিয়ে বন্ধু
আউসীৰ প্ৰতিতো পল ,
কিৰিলিয়াই ইতিকিং কৰে
ভাগৰুৱা উন্মাদনাক ।

ৰিমঝিম বতাহজাক যে মই পাহৰিব নোৱাৰিম ।।

২)অভিমান কৰিব পৰাকৈ
তোমাক ভাল পাব নাজানিলো ।।
সন্ধিয়া হলে মনত পৰে
মোৰ ৰঙা কলিজাৰ ব্যথাবোৰ ।।

৩)সুৰাপান কৰি সুৰামত্ত প্ৰেমিক হব নোখোজো
বিছাৰো চাইনাইদৰ স্পৰ্শ
এপলতেই আতৰিব পাৰিম তেতিয়া ।।

বিকাশ
বাংগালুৰু

Wednesday, 19 June 2013

মৰিবলৈ গৈছিলো

যোৱাৰাতি মৰিবলৈ ওলাই গৈছিলো
গোটেইখন এন্ধাৰ পৰিবেশ

নিমাওমাও

ইফালে কিহবাই কিৰিলিয়াই
কিহবাই মোক ৰিঙিয়াই মাতে

মই যেন সিহতৰ এৰাতিৰ খাদ্য ,

জাপ মাৰিব গলো নিমাতী নদীৰ পাৰত
দেখিলো শুভ্ৰ বগা বতাহ এজাকে
খুন্দিয়াই থৈ গল মোক ।

মোক যেন কৈ গল
" নাযাবি ঐ নাযাবি "

Thursday, 30 May 2013



১) নিশাবোৰ
উজাগৰে কটাবলৈ ভাল লগা হৈছে ।
তুমি যে শিৰে শিৰে এতিয়া বিয়পি
পি পিয়া দি ঘুৰি ফুৰিছা ।




২) তোমাৰ উপস্থিতি অনুভৱ কৰিলে
আজিও মোৰ নাঙঠ প্ৰেম জাগি উঠে ।।
বাৰিষাৰ টোপালে উদঙাই দিয়া
ককালত ৰহণ সানিব মন যায় ।।

Tuesday, 28 May 2013

কাহৰ ঔষধৰ জমনি


কলেজৰ সময় । প্রথম বর্ষৰ কাহিনী । কলেজৰ হোষ্টেলত শর্মা চাৰৰ দায়িত্বত কেইজনমান লৰা আছিল । লৰাকেইজন খুব জমনী টাইপ আছিল । তাৰ মাজত তাপস , গোলক , বসন্ত, মুনিন আৰু কেইজনমান আছিল যিকেইজন খুব ফুর্তি কৰিছিল । পঢ়া-শুনা বহুত দুৰৈত ৰাখি সিহতে গোতেই কলেজ জীৱনতোত বহুত হাঁহি হাঁহি পেট বিষায় যাব লগা ঘটনা কৰিছিল ।


বহুত দিন আগৰ কথা । তাপসৰ খুব কাহ হল । তাৰ দদায়েক এজনে কাহ ৰ ঔষধৰ বটল এটা আনিলে । সি দৰব ললে । সেই ঔষধটোৰ সোৱাদ খুব তিতা আছিল । খালে মুখ বিকটি যায় । তথাপিও সি খাব লগা হল । অলপ দিনৰ মুৰত ভালো হল বেমাৰ । এদিন ৰাতি সি বহি থাকোতে হাতত সেই বটলতো লৈ ওপৰৰ লেবেলটো নখেৰে আচুৰি উলিয়াই পেলালে । লেবেলটো ওলাই যোৱাৰ পিছত বটলৰ ওপৰত বগা কাগজখন থাকি গল । তাৰ মুৰত কি খেলালে নাজানো কলমটো লৈ বগা অংশখিনিত ডাঙৰ আখৰেৰে লিখিলে POISON । সেই ৰাতিটো সি শুই থাকিল । বটলটো ওচৰৰ টেবুলখনত থৈ দিলে ।


মুনিন পাঠশালাৰ আছিল । সি অলপ বেলেগ ধৰণৰ আছিল । অলপ ভয়াতুৰ আছিল । সেইদিনাখন ৰবিবাৰ আছিল । সকলোৱে নিজৰ কাম-বন কৰি ভাত পানী খাই শুবলৈ গ’ল । দিনটো খুব গৰম । মুনিনে নিজৰ শোৱাকোঠাত ফেনখন চলাই লৈ চকীখনতে বহি টোপনিয়াব ধৰিলে ,লাহে লাহে তাৰ টোপনি আহিল সেই চকীখনত বহি বহি । সি যেতিয়া টোপনি যায় তাৰ মুখখন প্রায় খোল খাই থাকে । মুখেৰে মাখি সোমাই গলেও সি গম নাপায় । ফস্তি মাৰি শুই আছে সি ।



অনিৰুদ্ধ নামৰ লৰা এজন আছিল । সি আছিল তাপসৰ ৰূমমেট । সি তাপসৰ টেবুলত থকা সেই কাহ ৰ ঔষধৰ বটলত POISON লিখা থকা দেখা পালে । সি জানে সেইতো কাহ ৰ ঔষধ । সি সেইতো হাতত লৈ চিধাই মুনিনৰ ৰূম পালে । সি গৈ বসন্তৰ কানত কিবা কথা কলে । বসন্ত হল মুনিনৰ ৰূমমেট । সিহতে খুব হাঁহিলে । তাৰ পিছত সিহত চুপ চাপ আহি মুনিনৰ ওচৰ পালে । মনে মনে সি সাৰ সুৰ নোহোৱাকৈ বটলটোৰ পৰা এচামুচ ঔষধ উলিয়াই মুনিনৰ মেলি থকা সেই মুখখনত বাকি দিলে আৰু মনে মনে ৰূমৰ পৰা ওলাই আহিল । অলপ পিছত মুনিনে কিবা তিতা তিতা সোৱাদ পাই চকীখনৰপৰা জপিয়াই উঠিল ।সি নাক মুখ কোচাই বিকটাই দিলে । ইমানে তিতা আছিল যে শুই থকা মানুহএজন হঠাৎ জপিয়াই উঠিল ।

সি চিঞৰি উঠিল “ আব্বে বসন্ত কি সোমালে মোৰ মুখত বে ? ইমান তিতা তিতা । আবে কি সুমালে বে ?”

বসন্ত দৌৰি আহি কলে “ অনিৰুদ্ধ আহিছিল আৰু এটা বটলৰ পৰা কিবা এচামুচ মুখত ঢালি দি গুচি গৈছিল”

মুনিন “ মাত বে তাক । থুই থুই কেনে সোৱাদ কি আছিল বে ।”

বিচাৰ খোচাৰ কৰাত গোতেইকেইজন বন্ধুৱে দেখিলে যে বটলটোত POISON লিখা আছে । মুনিনৰ জিউ উৰি গ’ল । সি ৰঙা চিঙা পৰি গ’ল । বহুত ভয় খালে । লগৰবোৰে তাক কলে এই বিষ লাহে লাহে বিয়পে দেহত । সি ঘামি জামি লুতুৰ পুতুৰ হল । এই ফালে তাপসে গোতেই কেইজনকে কৈ থৈছে “ অই তহতে মুনিনক দেখিলে আচৰিত হৈ সুধিবি ঐ মুনিন কি হৈছে বে তোৰ ।ইমান ৰঙা কিয় হৈছ তই । কি হল?”


কথামতে কাম । সেই সময়ত যিমান জনে তাক লগ পালে আচৰিতভাবে সুধিলে “ ঐ মুনিন কি হৈছে তোৰ । মানুহতো নীলা বৰনৰ কিয় হৈ উঠিছে । চকু দুটা ৰঙা পৰিছে । কিবা বেমাৰ হল নেকি ?”

কথাখিনি শুনি মুনিন খুব ভয় খালে । এনেয়ে সি আগৰ পৰা ভয় কৰে তাতে আকৌ বিষৰ বটলতো আগত । সি কন্দনামুৱা হল । প্রায় কান্দি পেলালে । লগৰকেইজনে খুব ফুর্তি পালে ।

এজনে আহি আকৌ সেই একেই কথাকে কলে । তেতিয়া সি প্রায় ঢলি পৰিল । সেই সময়ত এজনে কলে “ অই মুনিন ভয় নকৰচোন , কিবা এটা কৰিম আমি ।”



সি এজনক ৰূমত থকা জাৰটোত পানী আনিব কলে । জাৰতো বেচ ডাঙৰ আছিল । পানী আনিলে । তেতিয়া সি কলে “ মুনিন এই গোতেই পানীখিনি খা”

মুনিন “ কেনেকে খাম বে ইমান পানী ”

লৰাজন “ আব্বে যদি ভাল পাব খোজ ভালে ভালে পানীখিনি খতম কৰ । নহলে বিষ বিয়পি যাব ।”

মুনিনে খুব ভয় খালে আৰু কথামতে পানীখিনি খাই পেলালে । সিহতে জোৰকে তাক আৰু এজাৰ পানী খুৱালে । তাৰ পেটতো ঢোলৰ দৰে হৈ পৰিল ।সচাকে ৰঙা ছিঙা পৰিল । ঠিক সেই সময়ত ৰূমৰ ওচৰৰে শর্মা চাৰ গৈ আচিল । তেওঁ মুনিনৰ অবস্থা দেখি সুধি পেলালে “ আৰে মুনিন কি হল ও তোৰ । ইমানকে ৰঙা পৰিছ যে ”

শর্মা চাৰৰ কথাষাৰ শুনি মুনিন সচাকৈয়ে ভয় খাই ভাবিলে সি সচাকৈ সোনকাল মৰিব । সি ভাবিলে “ চাৰে জানো মিছা কথা কব ?”

সি মন মাৰি পেলালে । নিমাওমাও পৰিৱেশ ।

ঠিক সেই সময়ত গোলক আহি পালে আৰু তাৰ গলগলিয়া মাতেৰে সুধিলে “ কি হল ৰে । আজি ইমান ঠাণ্ডা যে ।“ ( গোলকে গোতেই ঘটনাতো জনা নাছিল , সি জনা নাছিল যে লগৰবোৰে মুনিনৰ লগত জমনি কৰি আছে )

মুনিনে কলে যে তাক সিহতে বিষ খুৱাই দিছে । গোলক আচৰিত হল। চিধাই বটলতো আনিব কলে এজনক । সি গলগলিয়া মাতেৰে তাক ধমক দি কলে “ চাল্লা এইতো তাপসৰ কাহৰ ঔষধৰ বটল । ইহতে তোক বুদ্ধু বনাইছে বে ”

মুনিনে কলে “ ও গোলক মই জানো তই মোক খুব ভাল পাও কিন্তু । তই মোক শান্তনা দিব কাৰণে কৈছ কিন্তু বন্ধু মোৰ হাতত সময় বেচি নাই । ”

মুনিনে কথাখিনি খুব গম্ভীৰভাবে মন মাৰি কলে । আচলতে সি ভাবিচিল যে সি সচাকৈয়ে মৰিব । আন নহওক শর্মা চাৰেতো মিছা কথা নকয় ।কিবা এটা নিচ্ছয় হৈছে তাৰ এইবুলি সি কান্দিব ধৰিলে ।


গোলক খঙত জ্বলি পকি উঠিল আৰু তাক ধমক মাৰি কলে “ আব্বে পাগল চুপ থাক । চাল্লা জহনীত যোৱা কাহৰ ঔষধ খাই যদি কোনবা মৰে মইও মৰিম যাহ ।


এইবুলি সি এচামুচ খাই দেখালে তাক । মুনিনে কান্দিব এৰিলে অলপ চিৰিয়াছ হল । আৰম্ভনিৰ পৰা কথাখিনি ভাবিলে । শেষত গোটেই কথাৰ ওৰ জানিব পাৰি সি খঙত টিঙিৰিটুলা হৈ পৰিল আৰু জাউৰিয়ে জাউৰিয়ে ইচ্ছামতে সিহত গোতেই মখাক গালি পাৰিলে .........



বিকাশ দাস

বাংগালুৰু

ফেচবুকৰ অবাস্তৱ ঘটনা




( দুদিন আগতে হৈ যোৱা সত্য ঘটনাৰ আধাৰ লৈ )

==============================


“ মই হতবাক হৈ ৰলো । উফ কি নিৰ্লজ্যতা । সহজ ভাষাত তাই দেখোন ফেচবুকত দেহৰ ব্যৱসায় কৰিছে ।” -- এই বুলি কৈ মুৰে কপালে হাত দিলে হেমন্ত

মানস ঢলি পৰিছে মজিয়াত । মুখৰ মাত-বোল নাই ।


“মানস ঐ মানস উঠচোন । এনেকৈ ভাঙি পৰিলে হব জানো ? ধৈৰ্য্য ধৰ । ঐ উঠচোন ”---হেমন্তই তাক উঠাব চেষ্টা কৰিলে কিন্তু …



ঘটনাটো আৰম্ভ হয় মিনাক্ষী নামৰ ছোৱালী এজনীৰ পৰা । তাই দেখাত ধুনীয়া ,সুঠাম দেহাবয়বৰ অধিকাৰী । মানস এজন ব্যৱসায়ী । সিহতৰ ঘৰ শুৱালকুচিত । চিনাকি হোৱা বেছি দিন নাই হোৱা । কোনোবা এখন বিয়াত মানসে তাইক দেখি প্ৰেমত পৰি গৈছিল । তাইও সহাৰি দিছিল মানসক । মানসে সাহস গোটাই মনৰ কথাবোৰ কলে । তাৰ পিছতে আৰম্ভ হল মানস-মিনাক্ষীৰ প্ৰেম ।


মিনাক্ষী ছোৱালীজনী দেখিলে মৰম লগা বিধৰ আছিল । যিকোনো ডেকাই সহজতে তাইৰ প্ৰেমত পৰি যাব পৰা বিধৰ আছিল । তাই নিজৰ ওপৰত গৌৰৱ কৰিছিল আৰু অকল মানস নহয় বহুত কেইজন ডেকা লৰাক নিজৰ প্ৰেমৰ জালত ফচাইছিল । আৰু প্ৰধানতঃ তাই জাল পেলাইছিল ফেচবুকৰ জৰিয়তে । অভিজিতে প্ৰেমৰ মায়াজালত বাৰুকৈয়ে সোমাই পৰিছিল আৰু সেয়ে এইবিলাক কথা আওকাণ কৰিছিল । সি ভাবিছিল যে এইচব কথা মিছা । প্ৰেম অন্ধ বুলি কোৱা কথাষাৰ এইক্ষেত্ৰত প্ৰযোজ্য হৈছে । সি ইয়াতে ক্ষান্ত নাথাকি তাইক বিয়াৰ প্ৰস্তাৱ দিলে । কিন্তু ইয়াতে লাগিল পয়মাল । মানসৰ ঘৰখনে তাইক লৈ বিৰোধী মনোভাব ললে । গাৱৰ মানুহেও তাইৰ স্বভাৱ চৰিত্ৰৰ কথা তাক সকিয়ালে । কিন্তু মানস আকোৰগোজ । সি তাইকে বিয়া পাতিব । সি একপ্ৰকাৰ গাৱৰ মানুহখিনক বেয়া হে পালে । তাৰ বিয়া ভাঙিবলৈ অহা বুলি সি নিজৰ আপোন মানুহখিনক ককৰ্থনা কৰিলে । মাক দেউতাকৰ অনুমতি অবিহনে সি চাৰিমাহ আগতে তাইক বিয়া পাতি লৈ আহিল ।


কিন্তু সাপে মোত সলালে জানো খুটিবলৈ এৰে ?

বিয়াৰ পিছতো তাইৰ স্বভাব চৰিত্ৰ একেই থাকিল । মানস তেতিয়াও অজ্ঞাত । নিজৰ মোবাইলত অনবৰত তাই মেচেজত লাগি থাকে । ফোন কৰি থাকে লুকাই চুৰাই । তাই নিজৰ মোবাইলত খুব ফেচবুকত লাগি থাকে । মানসে কথাতো মন নকৰা নহয় পিছে । এদিন কৈছিল সি ফেচবুক কমকৈ ব্যৱহাৰ কৰিবলৈ । তাইও হাঁহি মাৰি সমৰ্থন জনোৱা দেখালে । তাক দেখুৱাই তাই তাইৰ একাউন্টতো নিস্ক্রিয় কৰি থলে । সেইদিনাৰ পৰা অভিজিতে আৰু এইচব কথা লৈ তাইক একো কোৱা নাছিল ।

এবাৰ তাই মানসৰ মোবাইলৰ পৰা ফেচবুক ব্যৱহাৰ কৰিছিল আৰু হঠাৎ মানস আহি ওলোৱাত লগ আউত নকৰাকৈয়ে তাই মোবাইলটো আগৰ ঠাইত থৈ দিছিল । তাই সম্পুৰ্ণ পাহৰি থাকিলে লগ আউত কৰিব । মানসেও ব্যৱসায়ৰ কামত ঘুৰি থাকোতে ফেচবুক খুলি চোৱা নাছিল । দৰাচলতে মিনাক্ষীয়ে এটা নতুন একাউন্ট খুলি বেলেগ এটা নামেৰে ফেচবুক চলাই আছিল আৰু এই কথা মানসে জনা নাছিল গতিকে কোনো সন্দেহো হোৱা নাছিল । এনেদৰে কেইবাদিনো নিজৰ কামত ব্যস্ত হৈ থাকি মানসে এদিন তাৰ বন্ধু হেমন্তৰ ঘৰলৈ আহিল । বহুত দিনৰ মুৰত বন্ধুজনক লগ পাই সি মনৰ বোজাবোৰ অলপ পাতলাই দিলে । সুখ দুখৰ কথা পাতিলে । হেমন্তই মানসৰ মোবাইতো হাতত লৈ কিবা এটা চাই আছিল । হঠাৎ তাৰ ফেচবুক খুলিবৰ মন গল । সি বহুত দিন তাৰ ফেচবুক নাই খোলা । মানসৰ পৰা অনুমতি লৈ সি ফেচবুক পেজটোত ক্লিক কৰোতে হঠাৎ দেখিলে যে সুস্মীতা দাস নামৰ এজনী ছোৱালীৰ প্ৰোফাইল এটা খোল খালে । সি অবাক হৈ মানসৰ মুখলৈ চালে আৰু তাক সুধিলে কাৰ প্ৰফাইল সেইটো ? মানসো আচৰিত হল । ভালকৈ খুলি চাওতে গম পালে যে সেইটো মিনাক্ষীৰে প্ৰফাইল মাত্ৰ নামটো বেলেগ ।



আৰে কি এয়া --- মানস হতবাক !!


অলপ ভালকৈ বাৰ্তা-বাকচত সোমাই গৈ সিহতে যি দেখিলে তাৰ পিছত সিহতৰ মুখত মাত নোহোৱা হল । ইনবক্সত দেখিলে যে এজন চন্দন দাস নামৰ ডিব্ৰুগড়ৰ লৰাৰ লগত তাই সদায় কথা পাতে ফেচবুকত । পেচাত চন্দন এজন প্ৰফেচাৰ । তাই তাইৰ নম্বৰ দিছিল মেচেজত । তাৰ ওপৰি সিহতে বহুত বেয়া বেয়া কথা আলোচনা কৰিছিল ফেচবুকৰ ইনবক্সত । তাই মাজতে চন্দনৰ কিবা এটা ৰিপ্লাইত কৈছিল “HUSBAND IS MY FOOT “


মানস স্থবিৰ হৈ পৰিছিল এই কথা আৰু সিহতৰ মাজৰ অশালীন কথাবোৰ পঢ়ি । যাক ইমান বিশ্বাস কৰি নিজৰ মানুহৰ লগত কাজিয়া কৰি বিয়া পাতি আনিছিল সেইজনী ছোৱালীয়ে আজি তাৰ লগত এনেকুৱাখন কৰিব বুলি কেতিয়াও ভৱা নাছিল ।


গোটেই ৰাতি তাৰ টোপনি নাহিল । হেমন্তইও খুব বেজাৰত কটালে । কি ধৰণে মানসক সি বুজনি দিব ভাবি পোৱা নাছিল ।



মানসে এতিয়া মিনাক্ষীক এৰি দিয়াৰ কথা ভাবিছে । যদিও সমাজত এয়া ইমান সহজ নহয় কিন্তু যি বিশ্বাসঘাটকতা তাই কৰিলে তাৰ প্ৰত্যুতৰত মানসে আজি কি কৰিব সেয়া বহুত ডাঙৰ প্ৰশ্ন হৈ উঠিছে !!!!

মই ৰাইজক সুধিব খুজিছো এতিয়া মানসে কি কৰা উচিত ??????????

বিকাশ দাস

বাংগালুৰু



Friday, 24 May 2013

তোমাৰ উশাহবোৰ যদি অনুভৱ কৰিব পাৰিলোহেতেন...

...তুমি আতংকিত কৰি তুলিছা
মোৰ বাস্তৱৰ উন্মত্ত বৰষুণজাকক ,
লাহে লাহে হেৰুৱাই পেলাইছা
এনাজৰী সন্ধিয়াৰ জোনাকৰ ।
তোমাৰ উষ্ম উশাহৰ তালত মতলীয়া
মোৰ অস্তিত্ব ,
সৰি পৰা ঘামৰ প্ৰতিতো কণা
যেন নিয়ৰৰ প্ৰতিচ্ছবি ।
আপুনি যদি মোক বিছাৰে
আপোনাৰ প্ৰতি মোৰ এটায়ে অনুৰোধ
মোক বিষাক্ত কৰি নুতুলিব !!

Sunday, 12 May 2013

খবৰ বোৰ নিয়মীয়াকৈ নাপাওঁ


আকাশখন গৰজি উঠিলে
মনত পৰে তোমাৰ শেষ চিঠিখনৰ কথা ,
লিখিছিলা তুমি আতৰি যোৱাৰ আবেদন
হস্তাক্ষৰ তোমাৰ সবল সিদ্ধান্তৰ ।
খবৰবোৰ নিয়মীয়াকৈ নাপাওঁ
চহৰখন বহুত যান্ত্ৰিক হল ।।

Friday, 3 May 2013

নষ্ট পোহৰৰ নাবিক


ঘন কলা পখীজাকে
সুহুৰি মাৰি নমাই আনে উত্তাল সন্ধিয়া,
আকৌ যেন মৰমৰ বৰষুণজাক
তাইৰ চুলিটাৰিৰ সুবাসত গৰজি উঠিব
মাতাল সন্ধিয়াৰ আঁৰত ।


অজানিতে নষ্ট হৈ পৰিব
গৰজি উঠা প্ৰেমৰ অনুভুতি ,
সেমেকি ৰব চাহৰ পিয়লা ।


নষ্ট চৰিত্ৰৰ ভদ্ৰতা
চিঞঁৰি উঠিব
তাইৰ ভিজি উঠা নাভিৰ কোলাহল দেখি ।
স্তব্ধ হৈ ৰব
মোৰ হুমুনিয়াহ ।।
হমমমম......

Friday, 26 April 2013

মিঠা সুবাসে জৰাজীৰ্ণ কৰি তুলিলে
মসৃণ হৈ পৰা লঠঙা শৰীৰ ,
সেৰেঙা হৈ পৰা
তোমাৰ ওঁঠৰ লয়লাস ,
মোৰ শীতত
কম্পিত তোমাৰ যৌৱন ।

হঠাৎ মনত পৰিল
তোমাৰ শীতৰ দিনবোৰ
মইবিহীন কম্বলখনৰ উম লৈ পাৰ হয়,
মোৰ অনুৰোধত
তোমাৰ নাভিত স্খলনৰ ঢৌ উঠে ,
উঠা নমা কৰে উষ্ম উশাহৰ ধাৰাষাৰ উত্তেজনা ।।
তুলুং ভুটুং নৌকা চলি যায়
সন্ধিয়াৰ পোহৰে ৰহন সানে
আকৌ যেন মনত পৰে
গাওঁৰ তিনি আলিটোত লগ পোৱাৰ কথা
সন্ধিয়াৰ ম'হজাকে উৰুৱাই থৈ যায় ধুলিৰ পাহাৰ
সৌৱা দুৰণিত অতীতে কিৰিলিয়াই আছে ।।

মহানগৰী আৰু নিশাৰ যৌৱন

মানসী
তোমাক কোৱা নাছিলো জানো ?
মহানগৰৰ এন্ধাৰবোৰ জঘণ্য বুলি ,
চুপি চুপি শুহি লয় যৌৱনৰ ৰস
এটোপ এটোপকৈ সৰি পৰে লালসা ।

Wednesday, 3 April 2013

মোৰ প্ৰেমৰ দুটিমান পংতি লগতে এখন চিঠি


মৰমৰ

-----

মৰম লবি বুলি কবলৈ এতিয়া তই দেখোন মোৰ কাষতেই নাই । কুশলে আছনে নাই সেয়া । বিধাতাই হে জানে । কি সতেনো চিঠি লিখো তাকেহে ভাবি আছিলো । আতৰি যাবি বুলি জানিলে কাষ নাচাপিলো হয় । কপালখনক দোষ নিদিও । দোষ কাৰ মইও নাজানো । চেহ কিয়নো চিঠিখন লিখিম বুলি মন মেলিলো , কাক পঠাম ,কোনে পঢ়িব ? তুমি...........





বোৱতী নদীখনক সুধিছো
প্রেম মানে নো কি?
ই এক সুখালাপ
নে ধুমুহাৰ শুভসংকেত...


বিষাদৰ ডাৱৰবোৰ
লাহে লাহে আতৰি
আকাশখন ফৰকাল হব ধৰিছে ...
ক্ষণ গণিছো
কেৱল একাজলি পোহৰৰ... ( ২ জুন,২০১২)



তুমি এন্ধাৰ হৈ নামি নাহিবা । এনেও অমাৱস্যাৰ ক্লান্ত নিশাবোৰ বহুত ভয়ানক হয় । হুৰহুৰাই নামি আহে নিসংগতা । কিৰিলি পাৰি উঠে নিগৰি সৰি পৰা মাণিকবোৰে । এয়া ডায়েৰিখন খুলি লৈছো । আজি লিখিম কেইটামান নগ্নতাৰে ভৰা নিৰ্লজ্য কাহিনী । মোৰ নিশাবোৰত দাগ বহি গল । জুবীনে যে গাইছিল “ দাগ মোৰ বুকুতে দাগ মোৰ তেজতে দাগ মোৰ কলিজাতে ”-- সেই দাগ এতিয়াও মোৰ প্ৰতিডাল শিৰাই শিৰাই জিলিকি আছে ।



মৰম

এই শব্দটো তাই বুজি নাপালে
তাই হয়তো নাজানে ভালপোৱাৰ সুবাস...(১১ জুলাই , ২০১২)



মহাসাগৰৰ বিধ্বংসী ৰূপত মুগ্ধ
মোৰ অস্তিত্ব ;
পলে পলে যেন বিচাৰি ফুৰে
বান্ধোন এৰাব নোৱাৰা এনাজৰী... ( ১২ জুলাই , ২০১২)
প্ৰেমৰ সাগৰখনত সাতুৰি ভাগৰি পৰিছো ।



অকনমানি মৰম পাবলৈ
ৰৈ থকা
নিজান দেশৰ;
অচিন যুবকৰ,
অক্লান্ত চিঞঁৰ 
শুনিবলৈ আহিব নে কোনোবা ?
ৰৈ আছো
ৰৈ থাকিম ...
এতিয়া বেলিতোও ডুবিব চাগে !!


সাগৰখনৰ পাৰত বহি দিন ৰাতি কটাইছো । নাৱৰীয়াইও নাৱ পাৰ চপাইছে ।


নীলিম বুকুত
অলেখ নিশা ,
সাৰ পাই উঠে
তমসা ।।

শীতল আৱৰণ
মুগ্ধ নয়ন ,
চিঞঁৰি উঠে \
যৌৱন ।।

জোনাকীৰ দৰে ৰং
কঁপি উঠে দু-নয়ন ,
শুভ্র বৰণ
সিক্ত ওঁঠৰ শিহৰণ ।।( ১৫ চেপ্তেম্বৰ ,২০১২ )


বহু ৰাতি হল । মৰমৰ…. এতিয়া এৰিছো । সময় পালে লিখিম দুটিমান পংতি মোৰ জীৱনৰ ।।

কবিতা হৃদয়ৰ বিজ্ঞাপন নহয়
কিন্তু মই জনাব খোজো তেখেতক
যাৰ বাবে মোৰ কবিতা অহৰহ নিগৰি পৰে
কোনো জাননি নিদিয়াকৈ ,
তেওঁক মই পাব খোজো স্বীকৃতি প্রাপ্ত বুকুৰ ভাষাৰে ।। ( ২৯ আগষ্ট ,২০১২)

ইতি
বিকাশ

Sunday, 17 March 2013

আপুনি মোক ভুল নুবুজিব

মোৰ আবেগবোৰ
আপোনাৰ এনাজৰীৰে পকোৱা আছিল ,
মোৰ সেন্দুৰীয়া সপোনবোৰত ৰহণ সানিছিল
আপোনাৰ মোহময়ী কন্ঠস্বৰে ;
কিন্ত আপোনাৰ আবেগবোৰ
মোৰ হব পৰা নাছিল ।

আপুনি মোক ভুল নুবুজিব
আপোনাৰ প্ৰেমত হাবাথুৰি খোৱাৰ বাবে ,
আপোনাৰ বিশ্বাসে
আঘাট কৰিলে মোৰ স্বাভিমানক ।

হয় আপুনি মোক ভুল নুবুজিব
আপোনাৰ গানৰ কলিবোৰ আদৰি লোৱাৰ বাবে ,
সেইবোৰে তৰ্জন গৰ্জন কৰি আছে
মোৰ চিনাকি সুৰৰ চোতালত ।

সুধিব পাৰো নে আপোনাক
আপুনি মোক জীৱন দিলে নে কাঢ়ি নিলে ?

তৰা=২

তৰা
তুমি উচুপি নুঠিবা ,
তোমাৰ হিয়াৰ ঝংকাৰে
মোৰ পদুলিত হাহাকাৰ কৰে ;
মই অবাক হৈ পৰো
তোমাৰ ৰণাংগণৰ সুবাস লৈ ।।

Wednesday, 13 March 2013

আধৰুৱা সত্ত্বা

একা বেকা কেকুৰীটোত
সন্ধিয়াৰ চয়াময়া চা ;
ধুলি উৰুৱাই আহিছে
আধৰুৱা সত্ত্বা ।।
সাগৰখন দেখিছা ?
বৈ যায় অনুভুতিবোৰ বিলাই ।
মইও বৈ যাম
নিঃশব্দে নিৰবে ।।
নিশা তৰাবোৰে উচুপি উঠিব
তুমি হয়তো অনুভৱ নকৰিবা সিহতৰ উচুপনি ,
কিন্ত সিহতে মোৰ কাৰণে কান্দি উঠিব ।

মোৰ অনুভৱৰ বৰষুণ

মনৰ নিজানত
অকলশৰে
উচুপি উঠিছে ,
সিপাৰৰ আকাশখনত মাদল বাজিছে
আজি মই সিক্ত
মোৰ অনুভৱৰ বৰষুণত ।।

Friday, 8 March 2013

স্খলন


১) চিনাকি অচিনাকি
এবুকু মৰম
আৰু স্খলন এটি অবাস্তৱ নিশাৰ ।।


২) আশা কৰো
 লঠঙা সপোনবোৰ
সেউজীয়া হব বহাগৰ দৰে ।।

৩) আপোনাৰ শব্দবোৰে মোক নিচুকায়
সময় নাপাও আপোনাক নিঃশব্দে চাই ৰবলৈ ।।


৪)মোৰ মন পদুলিত মাথো তোমাৰ অপেক্ষা 
কেতিয়া আহিবা কেতিয়া ৰচিবা এখন সপোনৰ নাট


৫) তৰাতুমি আকাশৰ উৰ্মিমালা ,
নদীখনৰ বুকুত তোমাৰ প্ৰতিচ্ছবি
মোৰ বুকুখনতো তুষাৰ ধুমুহা ।।


৬) মোৰ মৰমবোৰ বতাহৰ আৰে আৰে উৰি ফুৰে
তুমি মাথো অনুভৱ কৰা কিন্ত চুই চাবলৈ নিবিচৰা ।।


৭) নিয়ৰ সনা বুকুত 
তোমাৰ হেজাৰ বাসনা ,
তোমাৰ দুচকুত
মোৰেই কল্পনা ।।


৮)লিখোতে লিখোতে মিঠা মিঠা শব্দবোৰ শেষ হল 
তথাপিও হেনো মই ভাল পাব জানো
ভাগৰুৱা সমাধি ।।


৯)বহু দিন হল
তোমাৰ বুকুত হালধীয়া ফুল ফুলা নাই ,
বহু দিন হল
হালধীয়া ফুলৰ মৌৰ সোৱাদ লোৱা নাই ।।

Thursday, 14 February 2013



লজ্জ্যা বিলীন হৈছিল
আপুৰুগীয়া অন্ধকাৰত ,
পেচাত তাই বেশ্যা ।
সন্ধিয়া সৰা পাত বুটলি
তাই কান্দি উঠিছিল ,
পাহৰি গৈছিল তাইৰ পৰিচয় ।।

Saturday, 9 February 2013

কবি

কবিৰ ৰোমান্স
===========

এখন সাগৰৰ কথাৰে ...শীৰ্ষক এলানি কবিতা লিখিছিলো । কিন্ত সাগৰখনৰ ঢৌ বোৰ অনুভৱ হোৱা নাছিল । যোৱাকালি সাগৰখন সন্মুখৰপৰা দেখিলো । সাৱতি লবলৈ বিচাৰিলো কিন্ত নোৱাৰিলো । অনুভৱবোৰ ৰোমান্তিক হৈ পৰিছিল যেতিয়া মই সাগৰৰ পাৰত বহি গোটেই সাগৰখন এপলকত সামৰি লৈছিলো । চকুহাল জুৰ পৰি ৰৈছিল । তোমাৰ কথা ভাঁহি আহিছিল চেঁচা বতাহজাকৰ কোবাল সোঁতত । ঢৌ বোৰৰ মাজত লিখি থৈ আহিছো তোমাৰ আৰু মোৰ নাম B + R..............Rimzim




কবিৰ ৰোমান্স ২
==========

তোমাৰ মনতোৰ দৰে বহল এখন সাগৰৰ ইতিবৃত্ত । জুমি চাবলৈ বিচাৰো ইতিহাসৰ আধৰুৱা পৃষ্ঠা । চুই চাব খোজো লালসাৰে ভৰা সপোন । সাগৰৰ পাৰত চিৎকাৰ কৰি উঠিছিল ফুলকুমলীয়া তোমাৰ প্ৰেমৰ অযুত মৰম চেনেহ । উলাহত নাচি উঠিছিল মোৰ হৃদয়ৰ ধপ-ধপনি । আলসুৱা বতাহজাকে আমাৰ প্ৰেম পুৰঠ কৰি তুলিলে ।। তোমাক চিৰদিন ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে ...Rimzim



কবিৰ বিষাদ
==========

সপোনবোৰে যেতিয়া শিপাব খোজে তোমাৰ কোমল বুকুত তুমি থমকি ৰৈ যোৱা আবেগৰ কোলাহলত । কবিৰ বিষাদবোৰ বগাব নিদিবা । দুখ পাবা তুমি নিজেই ।।



কবিৰ স্মৃতি
=====

কবি এজনক কবিতা লিখিবলৈ নিৰ্জনতাৰ প্ৰয়োজন । উত্তাল মায়াবিনী তৰ্জন গৰ্জন ভয়াল পৰিৱেশ কবিৰ মুঠেই পচন্দৰ নহয় । অমায়িক স্বভাৱৰ অধিকাৰী কবিৰ মনৰ মাজত দোলনি দি থাকে প্ৰেমৰ সংস্কৃতি । কবিয়ে কঠীয়া ৰুব পাৰে প্ৰেমিকাৰ উদং বুকুত যত গজালি মেলে হালধীয়া প্ৰেমৰ । আকাশৰ পৰা নামে বৰষুণ । তিতি বুৰি হৈ পৰে উত্ৰাৱল । তাতেই কবিয়ে বিছাৰি পায় বৰষুণৰ গান






Sunday, 3 February 2013

ৰ আখৰৰ প্ৰেম

মাজৰাতি উকমুকাই উঠে

আকাশৰ কোলাহলবোৰ ,

প্ৰেমৰ জোৱাৰ উঠে

নতুন সমীকৰণৰ লগত ,


হয় আপুনি ঠিকেই শুনিছে

তেখেতৰ ৰ আখৰৰ প্ৰেমত পৰিছো মই ।।

ৰিমঝিম বতাহজাকে শিঁহৰিত কৰে

মোৰ বিকশিত প্ৰেমত ।।

নতুন প্ৰেমৰ পংতি



১) তাইৰ আধা ভঙা সুৰৰ মাত

জোনাক গলা সন্ধিয়াৰ প্ৰেমৰ দৰেই মধুৰ ।।




২) তোমাৰ পৰশত চিঞঁৰি উঠে

উন্মত্ত যৌৱন ,

হাহাকাৰ কৰি উঠে

জীয়াই থকাৰ লালসা




৩)অপেক্ষাৰত পক্ষী মই

যাযাবৰ মোৰ সত্ত্বা ,

সময়ৰ মালা গাঠি

মিলি যাব খোজো তোমাৰ বুকুত ।।




Saturday, 2 February 2013



অপেক্ষাৰত পক্ষী মই
যাযাবৰ মোৰ সত্ত্বা ,
সময়ৰ মালা গাঠি
মিলি যাব খোজো তোমাৰ বুকুত ।।




তোমাৰ পৰশত চিঞঁৰি উঠে
উন্মত্ত যৌৱন ,
হাহাকাৰ কৰি উঠে
জীয়াই থকাৰ লালসা

Sunday, 13 January 2013

প্ৰেমৰ অপমৃত্যু



চলনা
মায়া
আক্ৰোশৰ আবেশ ,
ৰণশিঙা বাজি উঠে
নিলঞ্জনা তোমাৰ নামৰ ।।

জিনিব খোজে এখন বহল সাগৰ
ভাগৰি পৰে বালিময় পাৰত ।
সাগৰখন নিজৰ বুলি দম্ভালি মাৰে
কিন্ত তাতেই ঘটে অপমৃত্যু প্ৰেমৰ ।।

প্ৰেমিকৰ মৃতদেহ
প্ৰেমিকাৰ হাঁহি খিকিন্দালি
বুকুৰ আস্ফালন ,
নিঠৰুৱা হৈ পৰে
মোৰ মৃত্যুৰ জিয়া ঢৌ বোৰ ।।

অবাক
নিঃস্তব্ধ
প্ৰাণৰ সংশয় ।।

Friday, 11 January 2013

শীত

স্নিগ্ধতাৰ হাড় কঁপোৱা শিহৰণ
হীম চেচা কুৱলীৰ আৱৰণ
বাহ কি নিমগ্ন প্ৰভাত ।।

ফুলকুমলীয়া ছোৱালীজনী কঁপি আছে
ৰাজপথৰ কিনাৰত ,
বুকুৰ উম লবলৈ কাষত নাই মাকৰ ছায়া
অকলেই আদৰিছে নববৰ্ষৰ প্ৰথমজাক চেচা বতাহ ।

Tuesday, 8 January 2013

আধা মিনিটৰ গল্প

জোলোঙাখন আঁৰি সেই বৃদ্ধ মানুহজন একা বেকা ৰাস্তাতোৰে গৈ আছে । পৰিয়াল বুলিবলৈ কোনো নাই হেনো তেওঁৰ । দিনৰে দিনটো এখন ঘৰৰ পৰা আন এখন ঘৰলৈ গৈ ভিক্ষা মাগে । মানুহবিলাকে কিমান যে লেই লেই চেই চেই কৰে । পিন্ধনত এটা ফটা কামিজ আৰু এখন ধুতি ।

এনেকৈয়ে দিনবোৰ পাৰ হৈ গল । এদিন সেই মানুহজন নোহোৱা হৈ পৰিল । কোনেও হিচাপ নাৰাখিলে সেইজন কত গল । মহানগৰীৰত আগৰ দৰেই মানুহবোৰ দানব হৈ উঠিল ।

প্ৰেমৰ লুকা ভাকু

সিহতৰ ঘৰত লুচি ভাজি খাবলৈ বহিলো , খুব ভোক লাগি আছিল ।অলপ পিছত মাইনা আহিল । ভোক পাহৰি গলো , প্লেটত থকা লুচি প্লেটতে থাকি গল । মুখ মেলি চাই ৰলো । সেই সময়ত অলপ অজলা আছিলো । লাজো লাগিছিল । তথাপিও কোনেও ধৰিব নোৱাৰাকৈ চকুৰ ফাকেৰে তাইক চাই ৰৈছিলো । মাকে দেখা পায় বুলিহে খুব ভয় লাগিছিল ।

যি ভাবিলো তাকেই হল মাকে গপচত কলে " মাইনা পঢ়া টেবুলত যা গে " ।

মই থতমত খালো । মনে মনে লুচি ভাজিখিনি খাই পলাই পত্ৰং দিলো ।।।

Monday, 7 January 2013

নেদেখা নদীৰ বালিচৰ

অচিন ঘাটৰ নাৱৰীয়া
নাও চপাই ল
সন্ধিয়াৰ চয়াময়াত ,

ঘন অন্ধকাৰ
তাতে আকৌ বিজুলীৰ চমকনি
এক ভয়াল সন্ধিয়া ।
আজি বালিচৰত মহাপ্ৰলয় আহিব
নদীখনে ঢৌ সলাইছে ।।

নষ্টালজীয়া

প্ৰতি
মোৰ মৌন সময়বোৰলৈ

সময়বোৰ কেনেকৈ পাৰ হৈ গল গমকে নাপালো । নিশাৰ তৰাবোৰে কিৰিলিয়ালে তাইৰ বুকুৰ মাজত উচুপনিৰ মাদল বাজে । ধপ-ধপনিৰ শবদবোৰে ৰজনজনাই উঠে প্ৰতিতো আখৰৰ কোহে কোহে । কেইদিনমান তাই মোৰ বদ অভ্যাসলৈ সলনি হৈছিল । ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে মোৰ সপোনবোৰে শিখৰ চুইচিল । নদনবদন হৈ পৰিছিল তাইৰ খেয়ালবোৰ । মোৰ বাইদেউৰ বিয়াৰ ৰভাতলিত চুচুক চামাক কৈ নজৰ মিলাই চাইছিলো আমি দুয়ো । ডুবি গৈছিলো গভীৰ অন্ধকাৰত । সন্মুখত বিছাৰি নাপাইছিলো পোহৰৰ শুং-সুত্ৰ ।

সময় গল । তাইও গল । ৰৈ গল কিছুমান স্মৃতি ।

তাইৰ ফটো উঠাৰ চখ নাছিল কিন্ত মই যেতিয়া কেমেৰা লম তেতিয়া ফটো উঠিব বুলি কৈছিল

আজি মোৰ হাতত কেমেৰা আছে কিন্ত মোৰ কেমেৰাৰ লেন্সৰ সন্মুখত তাই নাই ।।

বিকাশ