বিকাশ...
সাগৰ ভালপোৱাৰ কথাৰে মোৰ মনৰ ভাষা প্ৰকাশ--বিকাশ
Monday, 25 June 2012
নিজৰ মাজত বিচাৰিছো
তাইৰ পৰিচয়...
এয়া জানো মুর্খামি নহয় ?
তাই জানো বিচাৰিছে
নিজৰ পৰিচয়
মোৰ অস্তিত্বৰ সীমা উলংঘা কৰি...
বিকাশ...
Sunday, 24 June 2012
বোৱতী নদীখনক সুধিছো
প্রেম মানে নো কি?
ই এক সুখালাপ
নে ধুমুহাৰ শুভসংকেত...
খিৰিকীৰ ফাকেৰে
এজাক পবন ,
সপোনমগ্ন
প্রেমিকৰ জীৱনলৈ
ইমান সঘনাই আহে যে
চেচা বতাহৰ শিহৰণত
কঁপি উঠে
এবুকু প্রেমৰ যন্ত্রণা...
Monday, 18 June 2012
শব্দ আৰু তেখেতৰ বন্ধুত্ব
শব্দৰ সৈতে
এক অটুট
বন্ধুত্ব আছে তেখেতৰ,
মকৰাই জাল বন্ধাৰ দৰে
এক অধ্যাৱসায়ী
ব্যক্তিত্বৰ মাজেৰে ,
শব্দৰ মায়াজাল গুঠে
তেওঁৰ কলমৰ চিয়াহীয়ে ।
শব্দৰ মাজত বিচাৰি পোৱা যায়
জনতাৰ হাহাকাৰ,
অতুলনীয় প্রকৃতিও
তেওঁৰ কলমত সেউজ হৈ উঠে,
হালি জালি থকা
ধাননি পথাৰখন পোহৰ কৰে
হেঙুলীয়া আভাই ,
সেই চিনাকি পোহৰৰ উৎস বিচাৰি
নিজেই বিলীন হৈ যায়
মেদিনীৰ ৰহস্যৰ মাজত...
===================
হীৰু দাৰ প্রতি শ্রদ্ধা জনাই তেখেতৰ আশু আৰোগ্য কামনা কৰিলো...
বিকাশ
Wednesday, 13 June 2012
চিঠি আকাশলৈ বুলি ...
প্রিয় আকাশ
তোমালৈ বুলি চিঠিখন লিখিলো । তোমাৰ নিলবৰনীয়া কলিজাখনিত সেমেকি থকা মেঘৰ চপৰাবোৰ এতিয়া জীপাল হৈ পৰিছে । সিহতে অহৰহ চকুপানী টুকিছে । নাজানো কিহৰ বিৰহত সিহতে কান্দি উঠিছে হথাতে । বহু দিন হল তোমাৰ বুকুত জোনবাইৰ পোহৰৰ মেলা বহা নাই । শৈশৱত " জোনবাই এ বেজি এটি দিয়া "বুলি পদ্য মতা মনত আছে । মোৰ জানা তোমাৰ দেশলৈ যাবলৈ বৰ মন যায় । তোমাৰ সেই জোনবাইৰ কলিজাখনিত কলা দাগবোৰ কোনে সিচি দিছে বাৰু ?জোনবাইও কাৰোবাৰ প্রেমত পৰিছিল নেকি ? সাধুকথা বহুত শুনিলো কিন্তু সেই আকাশখনৰ কলা মেঘৰ চপৰাৰ আৰৰ জোনবাই দেশৰ প্রেমৰ কথা শুনিবলৈ মন গৈছে । জোনবাইৰ দুখ দেখি মই বিৰহত ভুগিছো । মোৰ প্রান আকুল হৈ পৰিছে নিয়ৰৰ টোপালবোৰৰ দুখ বেদনাবোৰ শুনিবলৈ...সেই টোপালবোৰ জোনবাইৰ প্রেমৰ সাক্ষী...
নিশাৰ আকাশৰ
তৰাবোৰ জিলমিল...
তাতেই জিলিকি আছে
এটি ভোটা তৰা...
সেই আকাশখনক সুধিব বিচাৰো
জোনৰ বতৰা ...
এটি দাগ
আছে সেই জোনৰ কলিজাত ।।
মোৰ কলিজাত
এনেকুৱা দাগ
সিচি আকৌ
তাই ঘুৰি আহিবনে
প্রেমৰ মধুৰ সুৰ শুনিবলৈ ?
ইতি
তোমাৰ দুর্ভগীয়া বন্ধু ...
বিকাশ
Saturday, 2 June 2012
অনুৰোধ
==========
নিৰবতাৰে ভৰা
এই গধুলিপৰত
ৰহন সানিবলৈ নাহিবা,
কেতিয়াবা নিসংগতাও হৈ পৰে
উকা হিয়াৰ একমাত্র পৰিচয় !
নিসংগ পৰিবেশত
সংগ দিয়াৰ চলেৰে,
তুমি আনিব খোজা
ধুমুহাৰ সমুখীন হবলৈ
মই একেবাৰেই প্রস্তুত নহয়।
অনুগ্রহ কৰি তুমি নাহিবা।।
=============
বিকাশ
Friday, 27 April 2012
ধুষৰ পৃষ্ঠা
=================
সৌ দুৰণিৰ পাহাৰখনলৈ চোৱাচোন
মোৰ প্রতিচ্ছবি দেখা পাবা ,
সেয়া যেন দুৰণিত এৰি অহা এক অধ্যায় ।
যিমানে ওচৰলৈ যোৱা
মোক অনুভৱ কৰিব পাৰিবা ,
কিন্তু শুনা
প্রতিচ্ছবিৰ প্রেমত নপৰিবা
কাৰণ সেই প্রতিচ্ছবি
মোৰ জীৱনৰ কালিকাসনা পৃষ্ঠা...
===============
বিকাশ দাস
২৭/৪/১২
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)