Saturday, 31 December 2011

আত্মকথা...

নতুনৰ সন্ধানত
আজি এক নতুন সুৰুজৰ
জিলমিলিয়া পোহৰৰ মাজত
নিজক বিলাই দিবলৈ

মই সদায় প্রস্তুত...

ভুল বহুত কৰিলো জীবনটোত কাৰোবাক বিশ্বাস কৰি...
আজি পণ কৰিলো সেই ভুল পাহৰি নিজৰ মাজত ব্যস্ত থকাৰ...
এক শতাংশ হলেও দুখ পালো প্রথম ঘণ্টাটোত...
এটোপাল চকুপানী টুকিলো হেৰুৱাৰ হেঁপাহত...
কিন্তু এই দুখ যেন সোনকাল সুখলৈ পৰিবর্তন হয় আশা কৰিলো...

এয়া কোনো কবিতা নহয়...
মোৰ আত্মকথা...

মোৰ আধৰুৱা দস্তাবেজ...

বিকাশ...
১/১/২০১২

Thursday, 29 December 2011



তুমি আহিবা বুলি
খিৰিকী খুলি
দুৰ দিগন্তৰ অস্ত সূৰুজলৈ ৰ লাগি চাই আছো...
সময়ৰ সৈতে ফাকু খেলি
দিন কটাইছো...

অপেক্ষাৰ অন্ত কেতিয়া পৰিব বাৰু ...


Tuesday, 27 December 2011

জেউতি... ================


জেউতি
পোহৰৰ অন্য এটি নাম...
আজি জিলিকি উঠিছে
কেবল তোমাৰ সেই
লিহিৰিপতীয়া ককালৰ ঘামৰ মাজত...
পথাৰৰ মাজৰ সৰু সৰু আলিয়েদি
কোমল কোমল আঙুলিৰ পৰশ পাই
গজি উঠিছে দুবৰী বন...

ওঁঠৰ মিচিক মাচাক হাঁহি দেখি
ধাননি পথাৰখনে লাজ কৰিছে...
চোৱাচোন সিহতে কেনেকৈ
জুমি জুমি চাই আছে কাঁচিয়লি ৰদৰ আৰত...
ইফাল সিফাল হালি জালি
সিহতে জেউতি বিচাৰি ফুৰিছে...

পোহৰৰ এটি অন্য নাম...
জেউতি...

===================
বিকাশ...

Monday, 26 December 2011

বাস্তব...এটি সপোনৰ আৰম্ভনি ==================



...সময়ৰ কোবাল সোতত
পিছ পৰি যোৱা সেই অতীতৰ
শেষত বাস্তবে লৈ আহে এক কোলাহল ...

বাস্তবে লৈ আহে জীয়াই থকাৰ কৌতুহল
জীয়াই থকা হেপাহ...

কিন্তু কত ?
মই চোন সেই হেপাহ ,
সেই কৌতুহলবোৰ বিচাৰি পোৱা নাই...

সেই অতীতে আজিও
মোৰ বাস্তবক শাসন কৰে...

নোপোৱাৰ হেপাহ বুকুত বান্ধি লৈ
আজিও মই ইফাল সিফাল কৰি আছো
বলীয়া জন্তুৰ দৰে...

বাস্তবৰ সপোন যেন মোৰ কাৰণে
এক অতীত...

===================
বিকাশ দাস...
২৫/১২/২০১১

Thursday, 15 December 2011

প্রথম অনুভৱ...প্রেমৰ



-------------------

বাৰিষাৰ সেই ৰাতি
মনত আছেনে...
আমাৰ চকুৱে লুকা ভাকু খেলিচিল...


তোমাৰ হিয়া কঁপি উঠিছিল
তোমাৰ ওঠত ভাহি আছিল
দুটি টোপাল...
বৰষুণৰ...

মোৰ ওঠৰ চেঁচা পৰশত
তোমাৰ উঠন বুকুৰ মাজত
খেলিমেলি সৃষ্টি হৈছিল ...
সঘনাই উঠা নমা কৰিছিল...


আজিও
সেই বৰষুণজাকত
ভাহি উঠে
মৰমৰ চেঁচা বতাহ...


প্রথম প্রেমৰ
প্রথম অনুভৱ
সেই বাৰিষাৰ দিনত
-----------------------

বিকাশ

১৫/১২/২০১১

Friday, 9 December 2011

১ ঘণ্টাৰ কবিতা...



আজি বহু ৰাতি হল,
দেৱালৰ ঘড়ীটোৱে
দুই বজাৰ সংকেত ধ্বনি শুনালে,
মনতোক শান্ত কৰিব পৰা নাই্‌



তাই জীৱনলৈ
ধুমুহাৰ দৰে আহিল,
গমকে নাপালো
কেতিয়া আতৰি গ'ল ।



"মই যাও" বুলি
মাত এষাৰ নলগালে !
মোৰ মৰমে
সহাৰি নাপালে ...

এই মাজ ৰাতি মনত পৰিল
তাইৰ খিলখিলিয়া হাঁহিতো,

ভাবিলো মোৰ ওচৰৰ চকীখনত
তাই বহি আছে...

উধাতু খাই আহিলো ...
চকীখন সাৱতি ধৰি ললো...



কিন্তু ...
কিন্ত ...



দুই বাজি ত্রিশ মিনিট পাৰ হৈ গ'ল !
চকুত টোপনি নাই
বিচনাত বাগৰ সলাই সলাই
টোপনি বিচাৰি নাপালো...


ফেচবুক লগ ইন কৰি ললো ,
হঠাৎ দেখিলো তাই অনলাইন আছে...

এতিয়া
ৰাতি
প্রায় তিনি মান বাজিল .......

এক অবুজ ভাষাৰ বেদনাত
চটফটাই পাৰ কৰিলো
সেই সময়ৰ সংকেতবোৰ...



(বিকাশ দাস

বাঙ্গালুৰু

ফোন নং...০৯৫৯০২৮৬৫০৭ )

এজাক ধুমুহা...


...এজাক যেন ধুমুহা পাৰ হৈ গ'ল

বুকু শুদা কৰি.....




আকোৱালি লৈছিলো তাইৰ মৰমক...


মৰিচীকা খেদি ফুৰা ভুল বুলি জানিও

মৰিচীকাৰ প্রেমত পৰি বিধস্ত হৈছিলো...


মোৰ সপোনবোৰ কাঢ়ি নিয়াৰ অধিকাৰ কোনে দিলে তোমাক.

মোৰ হাহি ঘূৰাই দিব পাৰিবা তুমি??




বুকুত দপ দপ কৈ জুঁই জ্বলি আছে...
পাৰা যদি অলপ ঘি ধালি দিয়া...

বুকুখন পুৰি ছাই হৈ যাব দিয়া...


বিষাদৰ উত্তাল ধুমুহাই চাৰখাৰ হৈ যোৱা বুকুখন শুদা কৰি পেলালে...

এতিয়া মাথো ই এখন শুকান মৰিশালী...




(বিকাশ দাস
সৰভোগ,বৰপেটা,অসম
ফোন নোং...০৮৮৯২০৩৫৯৫১ (বাঙ্গালুৰু)