Sunday, 29 January 2012

উকা কাগজত
নীলা আখৰেৰে লিখিবলৈ এৰিলা বুলিয়ে
চিঠি এখনিও নাপাম নেকি
তোমাৰ পৰা ???

হিয়াখনি কঁপি উঠে নোপোৱাৰ ভয়ত
এক অচিনাকি মাদকতাৰ সুৰত ...

Thursday, 19 January 2012

শিৰোনাম =========




তাই মোৰ জীৱনৰ শিৰোনাম নেকি?
তাই নহলে আৰম্ভ নহয় মোৰ জীৱনৰ কবিতা...


মোৰ জীৱনৰ আৰম্ভনি নহওতে
নুমাই যাব খুজে এজাক ধুমুহাৰ দৰে বাস্তব...
বাস্তব সচাকৈ বৰ কঠোৰ
অতীতৰ লগত শাক ভাত খেলি একেলগে আগবাঢ়ি যায় বাস্তব...


মই আজি নিঠৰুৱা
আজি বাস্তবেও মোৰ পৰা মেলানি মাগিছে ,
আজি সেই অতীতৰ লগত যুজ দি এখোজ দুখোজ কৰি
জীৱনৰ এক নতুন শিৰোনামা বিচাৰি
মই হাবাথুৰি খাইছো ...


কত পাম জানো সেই
শিৰোনাম ......

==================

copyright@ বিকাশ

Saturday, 14 January 2012

কবিতা

কবিতা...

কেবাদিন ধৰি শব্দবোৰে মোৰ পৰা পলাই ফুৰিছে
থাপ মাৰি ধৰিব গলে গতা মাৰি খেদি দিয়ে ,
মই হেনো পাগলৰ দৰে দিনে নিশাই কবিতা লিখো
শব্দবোৰ হেনো ভাগৰি পৰিছে মোৰ কবিতাত সুৰ মিলাই......

এবাৰ সুধিব বিচাৰো সিহতক
কবিতা অবিহনে জীয়াই থাকিব পাৰিম জানো মই?

নাই নোৱাৰো
কবিতাৰ অবিহনে নিসংগ জীবনত খোজ দিবলৈ
মই সাহস নকৰো...

মই শব্দবোৰক কাবৌ কাকুতি কৰিছো
আহা মোৰ হাতৰ আঙুলিবোৰক প্রান দিবলৈ...

copyright@ Bikash

Saturday, 31 December 2011

আত্মকথা...

নতুনৰ সন্ধানত
আজি এক নতুন সুৰুজৰ
জিলমিলিয়া পোহৰৰ মাজত
নিজক বিলাই দিবলৈ

মই সদায় প্রস্তুত...

ভুল বহুত কৰিলো জীবনটোত কাৰোবাক বিশ্বাস কৰি...
আজি পণ কৰিলো সেই ভুল পাহৰি নিজৰ মাজত ব্যস্ত থকাৰ...
এক শতাংশ হলেও দুখ পালো প্রথম ঘণ্টাটোত...
এটোপাল চকুপানী টুকিলো হেৰুৱাৰ হেঁপাহত...
কিন্তু এই দুখ যেন সোনকাল সুখলৈ পৰিবর্তন হয় আশা কৰিলো...

এয়া কোনো কবিতা নহয়...
মোৰ আত্মকথা...

মোৰ আধৰুৱা দস্তাবেজ...

বিকাশ...
১/১/২০১২

Thursday, 29 December 2011



তুমি আহিবা বুলি
খিৰিকী খুলি
দুৰ দিগন্তৰ অস্ত সূৰুজলৈ ৰ লাগি চাই আছো...
সময়ৰ সৈতে ফাকু খেলি
দিন কটাইছো...

অপেক্ষাৰ অন্ত কেতিয়া পৰিব বাৰু ...


Tuesday, 27 December 2011

জেউতি... ================


জেউতি
পোহৰৰ অন্য এটি নাম...
আজি জিলিকি উঠিছে
কেবল তোমাৰ সেই
লিহিৰিপতীয়া ককালৰ ঘামৰ মাজত...
পথাৰৰ মাজৰ সৰু সৰু আলিয়েদি
কোমল কোমল আঙুলিৰ পৰশ পাই
গজি উঠিছে দুবৰী বন...

ওঁঠৰ মিচিক মাচাক হাঁহি দেখি
ধাননি পথাৰখনে লাজ কৰিছে...
চোৱাচোন সিহতে কেনেকৈ
জুমি জুমি চাই আছে কাঁচিয়লি ৰদৰ আৰত...
ইফাল সিফাল হালি জালি
সিহতে জেউতি বিচাৰি ফুৰিছে...

পোহৰৰ এটি অন্য নাম...
জেউতি...

===================
বিকাশ...

Monday, 26 December 2011

বাস্তব...এটি সপোনৰ আৰম্ভনি ==================



...সময়ৰ কোবাল সোতত
পিছ পৰি যোৱা সেই অতীতৰ
শেষত বাস্তবে লৈ আহে এক কোলাহল ...

বাস্তবে লৈ আহে জীয়াই থকাৰ কৌতুহল
জীয়াই থকা হেপাহ...

কিন্তু কত ?
মই চোন সেই হেপাহ ,
সেই কৌতুহলবোৰ বিচাৰি পোৱা নাই...

সেই অতীতে আজিও
মোৰ বাস্তবক শাসন কৰে...

নোপোৱাৰ হেপাহ বুকুত বান্ধি লৈ
আজিও মই ইফাল সিফাল কৰি আছো
বলীয়া জন্তুৰ দৰে...

বাস্তবৰ সপোন যেন মোৰ কাৰণে
এক অতীত...

===================
বিকাশ দাস...
২৫/১২/২০১১