Tuesday, 31 July 2012

নিয়তিৰ পৰিভাষা



... বোকাপানী গচকি
বৰষুণজাক নেওচি
সমীৰণৰ প্রবল হেচাত
জ্ঞান হেৰুৱাই পেলাইছো ,

থেকেচি থেকেচি
সিহতে কাঢ়ি নিলে
সন্ধিয়াৰ ভাগৰুৱা অন্ধকাৰ ।।

বিকাশ

Saturday, 28 July 2012

মই হৈ পৰিলো ভুলৰ বলি


 
ভালপাও বুলি ফটকে কৈ পেলালো 
নাভাবিলো কাঁইটৰ খোচৰ বিষ ,
কাঁইটে বিন্ধিলে দেহত শিহৰণ উঠে
একেই ধৰণৰ সংকেত অনুভৱ হৈছিল ,


লাহে লাহে বিষ বিয়পি গ'ল 
সর্ব শৰীৰ সপোনত লালকাল !
কপি উঠিল মোৰ সত্ত্বা ,
তিৰবিৰালে যৌৱনৰ সেউজ আৱৰণ
নামি আহিল বৃষ্টি ।


বৰষুণজাকৰ পৰিণতি
আজিৰ চেদেলি ভেদেলি হৈ পৰা অশান্ত প্রহৰ ...
যৌৱন 
এক মিঠা অনুভৱ,
যত ডুবিল
মোৰ আৰু তাইৰ
সুখৰ দিনবোৰ...

নামি আহিল অমানিশা ...




বিকাশ

২৯/৭/১২

Tuesday, 24 July 2012

প্রেমৰ টুকুৰা



১) তোমাৰ প্রেমত
 এজাৰো ফুলিব
 হাচনাহানাৰ সুগন্ধি বিয়পিব ,


মাথো এবাৰলৈ 
কথা দিয়া
মোৰ বাস্তৱ সপোন হৈ যাব নিদিবা ...
নহলে বিৰহ উপজিব ।





২) হঠাতে কোনোবা হয়তো
 মোৰ প্রেমত পৰি যাব পাৰে,
তাৰ বাবে মই দায়ী নহয় ...


প্রেম হেনো মায়াৰ ভৰাল
ডুবিবলৈ সাজু হৈছো ,
সেই একেইখন মহাসাগৰত যত তুমিও ডুবিবলৈ সাজু হৈ উঠিছা ..

Monday, 23 July 2012

সহাৰি পাম নে মই


জীৱন বীণা বজাবলৈ
কেতিয়াবাতে এৰিলো ,
এতিয়া মাথো স্তব্ধ হৈ যাও
নিয়তিৰ আমৰণ যাত্রাত।


মাজে মাজে ভাবো
মৰম ভালপোৱা জীৱনৰ শত্রু নেকি ?


অকনমানি মৰম পাবলৈ
ৰৈ থকা
নিজান দেশৰ;
অচিন যুবকৰ,
অক্লান্ত চিঞঁৰ
শুনিবলৈ আহিব নে কোনোবা ?
ৰৈ আছো
ৰৈ থাকিম ...
এতিয়া বেলিতোও ডুবিব চাগে !!
========

বিকাশ

এজাক বৰষুণ


আকৌ অশ্রুসিক্ত নয়নৰ
এজাক বৰষুণ আহিব ,
আকাশখন প্রায় ডাৱৰে চানি ধৰিছে ...


এটোপাল চকুলোৰ
যন্ত্রণা তাই বুজি নাপাব ,
সেই নয়নধাৰা তাইৰ কাৰণে বৈছে ...

সুমধুৰ প্রেমালাপৰ অন্তত
শোকাকুল পৰিবেশ বিৰাজ কৰিছে ,
মোৰ চৌদিশে ...


বৰ কষ্টকৰ ...

=====


বিকাশ

২৩/৭/১২

Wednesday, 18 July 2012

অপেক্ষা



তাইৰ সপোনৰ
মায়াময় জালত
আবদ্ধ
মোৰ আকলুৱা হৃদয় ,


হয়তো এয়া পুৱতি নিশাৰ সপোন আছিল
ভাগি থাকিল ,
ৰৈ গ'ল মাথো স্মৃতি...


======

তাইৰ অপেক্ষাত বিকাশ

এনাজৰীৰ বান্ধোন চাগে এনেকুৱাই


এনাজৰীৰ বান্ধোন চাগে এনেকুৱাই
মিহলি হৈ যাব খোজে
অন্তৰ আত্মাৰ বিননিৰ শবদত ,


ধুমুহাৰ প্রাকক্ষণত
মিঠা মিঠা মলয়াৰ সুবাস
বিয়পি পৰে ।


এনে লাগে যেন প্রলয় সমাগত ,



মহাসাগৰৰ বিধ্বংসী ৰূপত মুগ্ধ
মোৰ অস্তিত্ব ;
পলে পলে যেন বিচাৰি ফুৰে
বান্ধোন এৰাব নোৱাৰা এনাজৰী...

=========

বিকাশ




১৮/৭/১২