Saturday, 24 November 2012

চুৱেটাৰ



উমাল বুকুৰ নোমেৰে
ভাল পোৱাৰ চুৱেটাৰ
তুমি গুঠি দিবা ,
সাঁচি ৰাখিম শীতৰ
জোপোকা মৰা নিশাবোৰৰ কাৰণে ।
ফুটপাথৰ কিনাৰত
কটাম কেইবাটাও উজাগৰী নিশা
নিজকে সাৱটি ধৰিম
তুমি গুঠি দিয়া চুৱেটাৰৰ মাজত ।।

বগা-ৰঙা দাগ থকা
চুৱেটাৰবোৰৰ মাজত
শেলুৱৈ ধৰা সপোনবোৰে গজালি মেলিব ,
তথাপিও নিজক নিজৰ মাজত সাৱটি ৰাখিম
চুৱেটাৰৰ মায়াজালত ।।

নিষিদ্ধ প্ৰেমৰ অনুভুতি


নগ্নতা
যৌনতা
আৱেগৰ সৰলীকৰণ ,
নিষিদ্ধ এটি
নিশাৰ এন্ধাৰৰ আৰৰ প্ৰেম ।

বুকুত দুটি জোন
কপালত নিশাৰ তৰা তিৰবিৰাইছে
উফফ কি আৰ্তনাদ ।।

নিশব্দতাৰ মিলনে
আস্ফালন কৰি উঠিছে ,
ঝংকাৰিত হৈছে
চপৰা চপৰি উফন্দি উঠা সপোন ।।

Thursday, 1 November 2012

আধা লিখা চিঠি



মৰমৰ

-----

মৰম লবি বুলি কবলৈ এতিয়া তই দেখোন মোৰ কাষতেই নাই । কুশলে আছনে নাই সেয়া বিধাতাই হে জানে । কি সতেনো চিঠি লিখো তাকেহে ভাবি আছিলো । আতৰি যাবি বুলি জানিলে কাষ নাচাপিলো হয় । কপালখনক দোষ নিদিও । দোষ কাৰ মইও নাজানো । চেহ কিয়নো চিঠিখন লিখিম বুলি মন মেলিলো , কাক পঠাম ,কোনে পঢ়িব ? তুমি.............

এহ নিলিখো আৰু । মন নাই । অলপ ওলাই যাও বজাৰৰ ফালে । এইখন পকেটত ৰাখি থম । ।।




বিকাশ

Tuesday, 16 October 2012

চিঠি - ২



বুকুখন চিৰাচিৰ কৰি
শেষ চিঠিখনত ব্যক্ত কৰিলো

" বিশ্বাস নাই যদি আতৰি যোৱা "
"মোৰ মনত অবিশ্বাসী পদ লোৱাৰ যত্ন নকৰিবা "

এতিয়াৰপৰা মোৰ স্মৃতিবোৰ মোৰেই হৈ থাকিব
নাথাকিব লিৰিকি বিদাৰি আলসুৱা কৰিবলৈ অন্তহীন নিশাৰ লগৰী ।।

Friday, 12 October 2012

এখন সাগৰৰ কথাৰে -২০



বহু দুৰ আহিলো
প্রায় নেদেখা হৈ পৰিল
সাগৰৰ কম্পিত প্রলয় ,

যাযাৱৰ আত্মা
অজান মুলুকত হেৰাই থাকিল ,
ৰৈ গ'ল মাথো
ছায়া ।।


আকৌ ওলাই আহিছো
অস্তিত্ব বিছাৰি ।।

Sunday, 7 October 2012

এখন সাগৰৰ কথাৰে -১৯

বুকুত ঘপিয়াইছে
কেঁচা আঘাটবোৰে ,
নষ্টালজিক হৈ পৰিছে
ভাবুকি ভৰা প্রেম নিবেদনবোৰ ।।


সাগৰখনে ধুই মচি নিব
ঘামৰ প্রতিতো আখৰ ,
ধোৱা হৈ উৰিছে
প্রভাতী সুৰুযৰ প্রতিশ্রুতি ।।

Friday, 5 October 2012

এখন সাগৰৰ কথাৰে -১৮


সময়বোৰ আহে আৰু
লৈ যায় নেদেখা সুৰৰ কলি ,
সাগৰৰ মোহনাত
সৌৱা ফাকু খেলিছে
সাগৰৰ অপ্সৰাবোৰে ।।

সিহত নিজেই যেন
একো একোটা ৰহস্য ।।