Monday, 31 December 2012

বছৰৰ শেষ কবিতা তোমাৰ বিষাদবোৰৰ নামত



এন্ধাৰ যেতিয়া নামি আহে
ভয় লাগে ,
ভয় লাগে যেন কোনোবাই ঘপিয়াই লৈ যাব
কলিজাটো ।।

তোমাক কি দিম
মোৰ তেজ ?
মোৰ জীৱন?
মোৰ বাস্তৱৰ অলেখ সপোন ?

চানি ধৰিছে
এঙাৰ কলা বিষাদবোৰে ।।

অলপ পোহৰাই দিয়া
গজালি মেলিব দিয়া অপু্ৰ্ণ প্ৰেমৰ মচিব নোৱাৰা কালান্তক নিশাবোৰ ।।

বিকাশ
৩১/১২।১২

Wednesday, 19 December 2012


যোৱাকালি মই প্ৰেমত পৰিছিলো
আজিও মই আসক্ত,
নুফুলা ফুলৰ সুবাস লব গৈ
এতিয়া মই সুৰামত্ত ।।

চুইচাইদ নোট ...


এখিলা কাগজ
মোৰ হস্তাক্ষৰ
আৰু সবল সিদ্ধান্ত ,

উৎকৃষ্ট উপহাৰ কি হব পাৰে
এখন চুইচাইদ নোট ?

লিখিছো এনাজৰীবোৰ চিঙি
কলিজাৰ তেজেৰে ,
ৰক্তবোৰ দেখো সেমেকি পৰিছে !
ৰঙা ৰঙ জিলিকি উঠা নাই
আত্মহত্যাৰ কলমত ।

শিঁহৰণ মাথো
জীয়াই থকাৰ ,
কঁপি উঠে
নিলাজ অন্তৰ ।

বাৰে বাৰে প্ৰশ্ন কৰিছিলো
মোৰ অস্তিত্বক ,
টেটু ফালি আস্ফালন কৰি উঠে
অঘৰী আত্মাই ।।

ভাবিছো মৰমৰ শেষ উপহাৰ
দি যাম নতুনৰ আগমণত ।।

১৮/১২/২০১২

Thursday, 13 December 2012

তোমাৰ বাবে এটি কবিতা


বিয়লি বেলা
এপাহ ৰক্ত জবা ,
তোমাৰ চোতালত উজলি উঠিছিল ।
এপাহ ৰূপৰ শিখা
পৰী হৈ নামি আহিছিল ধৰালৈ ।।
হেপাহ পলুৱাই আকাশখনে পোহৰ বিলাইছিল ,
জাগি উঠিছিল সাগৰৰ সিপাৰৰ ভদাইৰ প্ৰেম ।

তাই যৌৱনৰ দেওনা পাৰ কৰি
বাৰে বাৰে প্ৰশ্ন কৰিছিল
তোমাৰ মনতো ইমান বহল কিয় ?
মই কৈছিলো তুমি ধুনীয়া বাবেই কিজানি ।।

Saturday, 24 November 2012

চুৱেটাৰ



উমাল বুকুৰ নোমেৰে
ভাল পোৱাৰ চুৱেটাৰ
তুমি গুঠি দিবা ,
সাঁচি ৰাখিম শীতৰ
জোপোকা মৰা নিশাবোৰৰ কাৰণে ।
ফুটপাথৰ কিনাৰত
কটাম কেইবাটাও উজাগৰী নিশা
নিজকে সাৱটি ধৰিম
তুমি গুঠি দিয়া চুৱেটাৰৰ মাজত ।।

বগা-ৰঙা দাগ থকা
চুৱেটাৰবোৰৰ মাজত
শেলুৱৈ ধৰা সপোনবোৰে গজালি মেলিব ,
তথাপিও নিজক নিজৰ মাজত সাৱটি ৰাখিম
চুৱেটাৰৰ মায়াজালত ।।

নিষিদ্ধ প্ৰেমৰ অনুভুতি


নগ্নতা
যৌনতা
আৱেগৰ সৰলীকৰণ ,
নিষিদ্ধ এটি
নিশাৰ এন্ধাৰৰ আৰৰ প্ৰেম ।

বুকুত দুটি জোন
কপালত নিশাৰ তৰা তিৰবিৰাইছে
উফফ কি আৰ্তনাদ ।।

নিশব্দতাৰ মিলনে
আস্ফালন কৰি উঠিছে ,
ঝংকাৰিত হৈছে
চপৰা চপৰি উফন্দি উঠা সপোন ।।

Thursday, 1 November 2012

আধা লিখা চিঠি



মৰমৰ

-----

মৰম লবি বুলি কবলৈ এতিয়া তই দেখোন মোৰ কাষতেই নাই । কুশলে আছনে নাই সেয়া বিধাতাই হে জানে । কি সতেনো চিঠি লিখো তাকেহে ভাবি আছিলো । আতৰি যাবি বুলি জানিলে কাষ নাচাপিলো হয় । কপালখনক দোষ নিদিও । দোষ কাৰ মইও নাজানো । চেহ কিয়নো চিঠিখন লিখিম বুলি মন মেলিলো , কাক পঠাম ,কোনে পঢ়িব ? তুমি.............

এহ নিলিখো আৰু । মন নাই । অলপ ওলাই যাও বজাৰৰ ফালে । এইখন পকেটত ৰাখি থম । ।।




বিকাশ