বিকাশ...
সাগৰ ভালপোৱাৰ কথাৰে মোৰ মনৰ ভাষা প্ৰকাশ--বিকাশ
Monday, 13 January 2014
তুমি
বৈ আছিলা বিষাদৰ নৈ হৈ
আজিও কঁপি উঠে জানা
পাহৰণিৰ গৰ্ভত হেৰাই যোৱা
ন আখৰৰ নিভাজ প্ৰেম ।।।
এখন্তেক হলেও ৰৈ চোৱা
সৌৱা
জোনাকৰ সুৰুয উদয় হৈছে ..
নবনীতাৰ চকুজুৰি নিলাভ নৈ খনৰ
উজ্বলি উঠা চুম্বনৰ একা-বেকা ৰাস্তা ,
তিনিআলি টোৰ যি হে নিচা
সোমাই গৈ থাকিলেও হুতাহ নপলায়
শূণ্যতাই আগছি ধৰিছে
তাইক হেৰুৱাৰ দিনৰে পৰা ।
বেদনাবোৰ ককালত খুচি লৈ
উটি ভাহি ফুৰিছো এৰাতিৰ তৰালিৰ আৰত ।
কবিৰ বেদনা
এজাক অশ্ৰুৰ বাদে একো নহয়
মাথো চিঞঁৰ বাখৰ মাতাল বতাহজাকৰ ।।।
ক্ৰমশ আতৰাই লৈ গৈছে
মোক মোৰ পৰা ...
কোনোবাক খুব মনত কৰিছো
হয়তো সাৰে আছে তাই নিতাল আশাত ।।।
Monday, 16 December 2013
তুমি আহিলে
বুকুখনে ঘনাই উশাহ সলায়...
তুমি আহিলে
বতাহজাক বলীয়া হৈ পৰে ...
নামহীন পথৰ সেই দাতিটোত
তুমি নাহিলে এতিয়া জোনাকে কিৰিলিয়াই মাতে ।
তুমি আহিলে মই নষ্ট হৈ পৰো
তুমি আহিলে নষ্ট হৈ পৰে সত্বা ।।।
Thursday, 5 December 2013
মই যে দেৱদাস নহয়
আজি মদিৰাৰ নিচাই চানি ধৰিছে
তোমাক নেদেখাৰ নিচা ।
কান্দিওতো লাভ নাই
চকুপানীবোৰ তোমাৰ বেনামী সপোনবোৰৰ আঁৰত সাচি থবলৈ
মই যে দেৱদাস নহয় ।
এজন মস্ত গোৱাৰ
যাৰ শব্দবোৰে এতিয়া কাণত বিন্ধে
যাৰ কবিতাবোৰে এতিয়া হত্যা কৰে
তোমাৰ বেনামী সুৰবোৰ ।।।
জিন্দেগীত হেজাৰবাৰ হোচ হেৰুৱালো
তোমাৰ নাটকৰ মদিৰাত মই জবাববিহীন হৈ পৰো ....
Saturday, 9 November 2013
আধৰুৱা দিনবোৰ
তোমাৰ সতে কটাম ,
চাকিগছি জ্বলাই লম
উজ্বলিব ৰৈ যোৱা দিনবোৰৰ বাট ।
জিঞাঁ বোৰে উশাহ লব
মোৰ নিশাহৰ তালত ,
নিচুকাম এৰাতিৰ সুগন্ধৰ প্ৰভাত
শেৱালীৰ চোতালত নিয়ৰবোৰে চুমিব তোমাৰ উৰস ।
এৰাতিৰ সুবাস লম
তোমাৰ সতে কটাম
ৰৈ যোৱা প্ৰভাত ।।
Saturday, 19 October 2013
যদি কেতিয়াবা তুমি উভতি আহা
মোৰ উশাহবোৰে তোমাৰ লয়ত উথলি উঠিব নে ?
যদি কেতিয়াবা দুবাহুৰ সপোন দিঠক হয়
তুমি এন্ধাৰত খাপ পিতি
এৰি অহা অতীতক লিৰিকি বিদাৰি সজীৱ কৰি তুলিবা নে ?
এয়া মোৰ ভৱিষ্যতক অতীতৰ প্ৰশ্ন ...
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)