Wednesday, 29 August 2012

কবিতাৰ পংতি



১) ঘন ক'লা ডাৱৰবোৰে
জাউৰি জাউৰিয়ে হাত বাউল দি
উৰুৱাই লৈ যায় সপোনবোৰ,
আকাশ চানি ধৰে
হাড়ভঙা পৰিশ্রমৰ
অন্ধকাৰ ।।

২) সময়ে কৈ যায়
নদীখনৰ পৰিধি কিমান ?
সুবিশাল আকাশৰ সমান
সাগৰখনক সুধিবলৈ মন আছে
তাইৰ ঢৌ খেলা চুলিতাৰিৰ ৰহস্য ।


৩) কবিতা হৃদয়ৰ বিজ্ঞাপন নহয়
কিন্তু মই জনাব খোজো তেখেতক
যাৰ বাবে মোৰ কবিতা অহৰহ নিগৰি পৰে 
কোনো জাননি নিদিয়াকৈ ,
তেওঁক মই পাব খোজো স্বীকৃতি প্রাপ্ত বুকুৰ ভাষাৰে

No comments:

Post a Comment