Monday, 31 December 2012

বছৰৰ শেষ কবিতা তোমাৰ বিষাদবোৰৰ নামত



এন্ধাৰ যেতিয়া নামি আহে
ভয় লাগে ,
ভয় লাগে যেন কোনোবাই ঘপিয়াই লৈ যাব
কলিজাটো ।।

তোমাক কি দিম
মোৰ তেজ ?
মোৰ জীৱন?
মোৰ বাস্তৱৰ অলেখ সপোন ?

চানি ধৰিছে
এঙাৰ কলা বিষাদবোৰে ।।

অলপ পোহৰাই দিয়া
গজালি মেলিব দিয়া অপু্ৰ্ণ প্ৰেমৰ মচিব নোৱাৰা কালান্তক নিশাবোৰ ।।

বিকাশ
৩১/১২।১২

Wednesday, 19 December 2012


যোৱাকালি মই প্ৰেমত পৰিছিলো
আজিও মই আসক্ত,
নুফুলা ফুলৰ সুবাস লব গৈ
এতিয়া মই সুৰামত্ত ।।

চুইচাইদ নোট ...


এখিলা কাগজ
মোৰ হস্তাক্ষৰ
আৰু সবল সিদ্ধান্ত ,

উৎকৃষ্ট উপহাৰ কি হব পাৰে
এখন চুইচাইদ নোট ?

লিখিছো এনাজৰীবোৰ চিঙি
কলিজাৰ তেজেৰে ,
ৰক্তবোৰ দেখো সেমেকি পৰিছে !
ৰঙা ৰঙ জিলিকি উঠা নাই
আত্মহত্যাৰ কলমত ।

শিঁহৰণ মাথো
জীয়াই থকাৰ ,
কঁপি উঠে
নিলাজ অন্তৰ ।

বাৰে বাৰে প্ৰশ্ন কৰিছিলো
মোৰ অস্তিত্বক ,
টেটু ফালি আস্ফালন কৰি উঠে
অঘৰী আত্মাই ।।

ভাবিছো মৰমৰ শেষ উপহাৰ
দি যাম নতুনৰ আগমণত ।।

১৮/১২/২০১২

Thursday, 13 December 2012

তোমাৰ বাবে এটি কবিতা


বিয়লি বেলা
এপাহ ৰক্ত জবা ,
তোমাৰ চোতালত উজলি উঠিছিল ।
এপাহ ৰূপৰ শিখা
পৰী হৈ নামি আহিছিল ধৰালৈ ।।
হেপাহ পলুৱাই আকাশখনে পোহৰ বিলাইছিল ,
জাগি উঠিছিল সাগৰৰ সিপাৰৰ ভদাইৰ প্ৰেম ।

তাই যৌৱনৰ দেওনা পাৰ কৰি
বাৰে বাৰে প্ৰশ্ন কৰিছিল
তোমাৰ মনতো ইমান বহল কিয় ?
মই কৈছিলো তুমি ধুনীয়া বাবেই কিজানি ।।

Saturday, 24 November 2012

চুৱেটাৰ



উমাল বুকুৰ নোমেৰে
ভাল পোৱাৰ চুৱেটাৰ
তুমি গুঠি দিবা ,
সাঁচি ৰাখিম শীতৰ
জোপোকা মৰা নিশাবোৰৰ কাৰণে ।
ফুটপাথৰ কিনাৰত
কটাম কেইবাটাও উজাগৰী নিশা
নিজকে সাৱটি ধৰিম
তুমি গুঠি দিয়া চুৱেটাৰৰ মাজত ।।

বগা-ৰঙা দাগ থকা
চুৱেটাৰবোৰৰ মাজত
শেলুৱৈ ধৰা সপোনবোৰে গজালি মেলিব ,
তথাপিও নিজক নিজৰ মাজত সাৱটি ৰাখিম
চুৱেটাৰৰ মায়াজালত ।।

নিষিদ্ধ প্ৰেমৰ অনুভুতি


নগ্নতা
যৌনতা
আৱেগৰ সৰলীকৰণ ,
নিষিদ্ধ এটি
নিশাৰ এন্ধাৰৰ আৰৰ প্ৰেম ।

বুকুত দুটি জোন
কপালত নিশাৰ তৰা তিৰবিৰাইছে
উফফ কি আৰ্তনাদ ।।

নিশব্দতাৰ মিলনে
আস্ফালন কৰি উঠিছে ,
ঝংকাৰিত হৈছে
চপৰা চপৰি উফন্দি উঠা সপোন ।।

Thursday, 1 November 2012

আধা লিখা চিঠি



মৰমৰ

-----

মৰম লবি বুলি কবলৈ এতিয়া তই দেখোন মোৰ কাষতেই নাই । কুশলে আছনে নাই সেয়া বিধাতাই হে জানে । কি সতেনো চিঠি লিখো তাকেহে ভাবি আছিলো । আতৰি যাবি বুলি জানিলে কাষ নাচাপিলো হয় । কপালখনক দোষ নিদিও । দোষ কাৰ মইও নাজানো । চেহ কিয়নো চিঠিখন লিখিম বুলি মন মেলিলো , কাক পঠাম ,কোনে পঢ়িব ? তুমি.............

এহ নিলিখো আৰু । মন নাই । অলপ ওলাই যাও বজাৰৰ ফালে । এইখন পকেটত ৰাখি থম । ।।




বিকাশ

Tuesday, 16 October 2012

চিঠি - ২



বুকুখন চিৰাচিৰ কৰি
শেষ চিঠিখনত ব্যক্ত কৰিলো

" বিশ্বাস নাই যদি আতৰি যোৱা "
"মোৰ মনত অবিশ্বাসী পদ লোৱাৰ যত্ন নকৰিবা "

এতিয়াৰপৰা মোৰ স্মৃতিবোৰ মোৰেই হৈ থাকিব
নাথাকিব লিৰিকি বিদাৰি আলসুৱা কৰিবলৈ অন্তহীন নিশাৰ লগৰী ।।

Friday, 12 October 2012

এখন সাগৰৰ কথাৰে -২০



বহু দুৰ আহিলো
প্রায় নেদেখা হৈ পৰিল
সাগৰৰ কম্পিত প্রলয় ,

যাযাৱৰ আত্মা
অজান মুলুকত হেৰাই থাকিল ,
ৰৈ গ'ল মাথো
ছায়া ।।


আকৌ ওলাই আহিছো
অস্তিত্ব বিছাৰি ।।

Sunday, 7 October 2012

এখন সাগৰৰ কথাৰে -১৯

বুকুত ঘপিয়াইছে
কেঁচা আঘাটবোৰে ,
নষ্টালজিক হৈ পৰিছে
ভাবুকি ভৰা প্রেম নিবেদনবোৰ ।।


সাগৰখনে ধুই মচি নিব
ঘামৰ প্রতিতো আখৰ ,
ধোৱা হৈ উৰিছে
প্রভাতী সুৰুযৰ প্রতিশ্রুতি ।।

Friday, 5 October 2012

এখন সাগৰৰ কথাৰে -১৮


সময়বোৰ আহে আৰু
লৈ যায় নেদেখা সুৰৰ কলি ,
সাগৰৰ মোহনাত
সৌৱা ফাকু খেলিছে
সাগৰৰ অপ্সৰাবোৰে ।।

সিহত নিজেই যেন
একো একোটা ৰহস্য ।।

Sunday, 30 September 2012

এখন সাগৰৰ কথাৰে-১৭



জোনবাই বেজি এটি দিয়া বুলি
পদ্য পঢ়িছিল ,
এতিয়া হেনো তাই
সেই জোনবাইৰ কাষ চাপিল ।।

হেজাৰ হলেও জীৱন
আজি যাও কালি যাও কৈ থাকে ,


গুচি গ'ল
কেইবাটাও প্রশ্নৰ
হিচাপ নিদিয়াকৈ ।।

সাগৰৰ পাৰৰ
সেই উজ্জলতা ,
কেইবাটাও পৰাণৰ
মুকুতিৰ প্রকাশ ।।

Saturday, 29 September 2012

এখন সাগৰৰ কথাৰে - ১৬



উৰি ফুৰিছে
এজাক জোনাকী পৰুৱা ,
নাবিকৰ বাট পোহৰাইছে
ভয়াল অন্ধকাৰৰ বুকুত ।।

শব্দৰ মায়াজাল গুঠিছে
সিহতে ,
গুনগুনাইছে ভদাইৰ সুৰ ।।


পৰিচয় বিহীন
এটি চিনাকী বিচাৰি ,
পোহৰৰ পম খেদি
ঢাপলি মেলিচে
হৃদয়বিহীন সাগৰত ।।

Thursday, 27 September 2012

এখন সাগৰৰ কথাৰে-১৫



ওখ চাপৰ
ঢৌৰ বাসিন্দা
সাগৰখনিৰ অবিৰাম যাত্রা ,
ইপাৰৰ পৰা সিপাৰ ।।

সাগৰ পাৰৰ বালিচৰ
তাতে আঁকিচিলা
বৰদৈচিলাৰ প্রতিবিম্ব ,
প্রাণ দিচিলা
ওফন্দি উঠা
প্রণয়ক ।।

সৌৱা বালিচৰত জিলিকি উঠিছে
নেদেখা পৰাণৰ বালিচন্দা ।।

Tuesday, 25 September 2012

এখন সাগৰৰ কথাৰে-১৪



সুপ্ত হৈ আছে
মেঘৰ চায়া ,
মেদিনী বিলীন হৈ আছে
সাগৰৰ সিপাৰে ।।

ভানুমতি
আছিল মাথো এটি অধ্যায় ,
অধ্যায় শেষ হ'ল
ভদাই গুচি গ'ল ,
মৌন হৈ পৰিল
ঢৌৰ শবদ...

Saturday, 22 September 2012

এখন সাগৰৰ কথাৰে -১৩



মৌনতাৰ হাঁহি
চঞ্চল নয়ন ,
বিজুলীৰ মায়া
নতুনৰ আহ্বান ।।

ভুল শুদ্ধ
ভানুমতিয়ে নাজানে ,
মাথো জানে এটি মাত্র শবদ
ভদাই ।।

এয়া প্রেম নে
মৃতদেহৰ চিৎকাৰ ।

Friday, 21 September 2012

এখন সাগৰৰ কথাৰে - ১২



কেচা কলিজাৰ
সপোন ৰঙা তেজ তুমি ,
প্রতিডাল ধমনীৰ
ব্যাকুল প্রাণ তুমি ।।

ভানুমতিৰ
হৃদপিণ্ডতো কলবলাইছে ,
মৰমৰ ভোকত
বাগৰ সলাইছে ন-ন ৰূপত ।।

তেজ ৰঙা সপোন তুমি ,
তোমাৰ তেজেৰে আজি
ৰাঙলী মোৰ মৌন ভাষা ।।

এখন সাগৰৰ কথাৰে - ১১


পৰিস্থিতি
গোমা,
তাতে আকৌ
ওফন্দি আছে
আকাশখনৰ নীলাভ পৰিধি ।।

সময়ে দি যায়
অনুভৱ ,
লৈ যায় অনুভৱৰ ফটা কামিজ ।।

মানুহৰ দেশত
জন্তুৰ তাণ্ডব ,
সন্ধিয়া পৰত
পদুলিমুখত ।।

Thursday, 20 September 2012

এখন সাগৰৰ কথাৰে - ১০



কলীয়া আকাশ
যত মেঘৰ খিলখিলনি ,
গোমা হৈ আছে
সপোনমগ্ন সাগৰৰ বুকু ।।

সন্ধিয়াৰ বৰষুণজাকে
বাৰুকৈয়ে ভিজাই তুলিলে
গাভৰুহালৰ উন্মুক্ত বুকু ,
ছন্দে ছন্দে আকাশখন গৰজি উঠিছে
সিহতৰ যৌৱনৰ উন্মাদনা দেখি।।

বুকুত থকা
সেই ক'লা তিলটোৱে
আজিও মনত পেলায়
প্রতিটো স্পর্শ ।।

এখন সাগৰৰ কথাৰে-৯



সাগৰৰ ক্লান্ত ঢৌবোৰে
অশান্ত প্রহৰৰ আঁৰে আঁৰে
এটি সুগন্ধিময়
সন্ধিয়াৰ গান আওৰাই যায় ।।

প্রতীতো শৰতত হেনো
ভানুমতিৰ জোলোঙা ভৰিব ,
নিৰবে
নিঃশব্দে ।।

নীলা চহৰৰ
এয়া ৰঙীন ৰঙ তামাচা ।।

Tuesday, 18 September 2012

এখন সাগৰৰ কথাৰে -৮

নাৱৰীয়া ঐ
নাওখন চপাই লৈ আহ
একেলগে এইটো পাৰত বহি
সোৱঁৰাই যাও শৰতৰ গান ।।

ভানুমতিৰ পদুলিত
শেৱালী ফুলিল,
ভদাইয়ে হেনো প্রেমৰ বতৰা পঠাইছে
জোলোঙাত আৰি ।।

সাগৰখন বৈ যায়
ভদাইৰ দেশখনলৈ ।।

এখন সাগৰৰ কথাৰে -৭

শৰতৰ শেৱালী
সৰি পৰিল ,
জোলোঙা ভৰিল
ভানুমতিৰ ।।

তাইৰ বাবে
মেদিনী কঁপাই
ভদাইয়ে পুনৰ জনম লব ,
সাগৰত পুনৰ
চুনামী আহিব ।।

সিহতৰ মিলন হব
সেই একেইখন সাগৰৰ পাৰত,
কিন্তু সেয়া সিহতৰ
আত্মাৰ মিলন হব
যত থাকিব কেৱল
জ্বলি থকা দুটি শিখা ।।

এখন সাগৰৰ কথাৰে-৬


হে সাগৰ
তোৰ বুকুত জনম হ'ল
নাবিকৰ , প্রেমিকৰ ,
হয়তো উটি-ভাহি গ'ল
ভদাইৰ দৰে
মাতাল মৃতদেহ ।।

নীলা চাদৰখন ৰাঙলী হ'ল
বুকু বিষায় যোৱা
কাতৰ আস্ফালনত ।।

তথাপিও তই
প্রেমৰ প্রতীক ,
অজৰ অমৰ ।।

Monday, 17 September 2012

এখন সাগৰৰ কথাৰে-৫



মৃত্যুৰ বতৰা
ভদাইৰ,
কলিজা কপাঁইছে
ভানুমতিৰ ।।

শয্যাশায়ী প্রেমিকাৰ
হঠাত বাঢ়ি গ'ল
স্পন্দন ,
মৃতকৰ সুগন্ধ
আমোলমোলাইছে
অশ্রুৰ ৰূপত ।।

বেচেৰি অবাক হৈ আছে,
তাতে আকৌ
প্রেমিকৰ স্তব্ধ হৃদয়ৰ গান ।।

এখন সাগৰৰ কথাৰে -৪



সিপাৰত ভদাইয়ে
আস্ফালন কৰি উঠিছে ,
প্রেমিকাৰ ঢলি পৰা
অস্তিত্বৰ মায়াময়
এন্ধাৰ বিছাৰি ।

শান্ত হব পৰা নাই
দুচকুৰ চিঞঁৰ ,
ঢুকিব পৰা নাই
শয্যাশায়ী প্রেমিকাৰ
উন্মাদ অট্টহাস্য ।

এন্ধাৰ নামিল
বেলিও ডুবিল,
বাকী ৰল মাথো
বোকা-পানীৰ মাজত
এটি মৃতদেহ ।।

Sunday, 16 September 2012

এখন সাগৰৰ কথাৰে-৩

সাগৰখনে নীলা চাদৰ মেৰিয়াই
থৰ লাগি চাই ৰৈছে
ডাৱৰীয়া সৰগখনলৈ ।


গুম গুমাই
ফেকুঁৰি উঠিব
অভিমানী আকাশখনে ।

ভাহি আহিব
চেঁচা বতাহৰ
অহংকাৰবোৰ ।

আউলি বাউলি হ'ব
তাইৰ চুলিটাৰি ,
ঢলি পৰিব
নীলিম চাদৰৰ আঁচলত ।

অঘৰী হব
তাইৰ সত্ত্বা ,
সিটো পাৰৰ পৰা
ভদাইয়ে আস্ফালন কৰিব ।।

সাগৰৰ আঁচলত
আকৌ এক কাহিনী
আকৌ এক চিগি যোৱা বান্ধোন।।

Saturday, 15 September 2012

এখন সাগৰৰ কথাৰে -২



তৃষ্ণাতুৰ কলিজা
চকু জুৰ পেলোৱা
নীলা পথাৰ ,
হেঙুলীয়া আভাৰ
কিৰিলি ।।

ঢৌৰ তালে তালে
মৰহি যোৱা
সেই বকুলজোপা ,
মৰহি থাকিল
কবিৰ চন্দ ।।

এখন সাগৰৰ কথাৰে.-১


নীলিম বুকুত
অলেখ নিশা ,
সাৰ পাই উঠে
তমসা ।।

শীতল আৱৰণ
মুগ্ধ নয়ন ,
চিঞঁৰি উঠে
যৌৱন ।।

জোনাকীৰ দৰে ৰং
কঁপি উঠে দু-নয়ন ,
শুভ্র বৰণ
সিক্ত ওঁঠৰ শিহৰণ ।।

=======

বিকাশ

Wednesday, 12 September 2012

অকবিতা

সন্মুখত ব্যর্থতাৰ আলিংগন
দূৰৈত সুখৰ তাচ্চিল্য ।
নিশাৰ অন্ধকাৰ ,
তাতে মই আৰু মোৰ অনুভৱ ।
মদিৰাৰ তালে তালে উথলি উঠিছে
অনুভৱৰ চাকনৈয়া...

Tuesday, 11 September 2012



১) তেখেতৰ অভিমানবোৰ
আশীর্বাদ হিচাপে আদৰি লম...
জীৱনতো সজাই তুলিম
নুফুলা ফুলৰ সান্নিধ্যত ...
হেৰাই যাম ঢুকি নোপোৱা শূন্যত ...


২) যোৱাকালি কোনোবাএজনে কৈছিল
প্রেমত অভিমান কৰিলে হেনো প্রেম বাঢ়ি যায় !!

সেই কাৰনে হবলা ১দিন নহয় ,২ দিন নহয় সম্পূর্ণ ৫ টা বছৰ আতৰি আছা প্রেমবিহীন ৰাতিৰ কোলাহলৰ পৰা ।
বাট চাই ৰৈ আছা চাগৈ মই আহিম বুলি কোনোবা এটা আবেলিৰ চকামকা এন্ধাৰত ।
অভিমানী প্রেম এতিয়া বাধাৰ প্রাচীৰ হৈ থিয় দিছে আমাৰ মিলনত ...

৩) শুনিছো যাত্রাৰ শেষ নাইকিন্তু এই মৰম চেনেহৰ অভিনয়ৰ যাত্রাৰ অন্ত পৰিব জানো ??
প্রেমিকে প্রেমিকাৰ বাবে থাপ মাৰি তৰা আনি দিবলৈও কুণ্ঠাবোধ নকৰে , পাৰিলে তোমাক নাপালে মৰি যাম বুলিও হুংকাৰ দিয়ে । কিন্তু কিমান দুৰ সচা এইবোৰ । সচাকৈয়ে আনি দিব পাৰিবনে আকাশৰ সেই জোন-বেলি-তৰা প্রেমিকাই বিছাৰিলে ??
হে অভিমানী প্রেমিকা ,
অভিমান কৰি আতৰি নাযাবা ,
দুখ পাব সেই মুক্ত মনৰ প্রেমিকজনে !
প্রাপ্ত সুখৰ পৰা বঞ্চিত হব হেজাৰজন ..

Thursday, 30 August 2012

আপোনাক মই ভাল নাপাও



বিশ্বাস কৰক আপোনাক মই ভাল নাপাও
পাৰিলে আপুনি মোক পাহৰি যাওক , 
যদি মই আপোনাক ভালপাও বুলি ভাবি আছে
তেনেহলে ভুল হব ,
আপোনাক ভুলৰ বলি হবলৈ নিদিও ।
অনুগ্রহ কৰি আতৰি যাওক
নহলে মই পাহৰিবলৈ বাধ্য হম যে
মোৰো এখন হৃদয় আছিল ,
যত ঠাই দিছিলো
কান্দি কান্দি আশ্রয় বিছৰা আন এখন হৃদয় ।

Wednesday, 29 August 2012

কবিতাৰ পংতি



১) ঘন ক'লা ডাৱৰবোৰে
জাউৰি জাউৰিয়ে হাত বাউল দি
উৰুৱাই লৈ যায় সপোনবোৰ,
আকাশ চানি ধৰে
হাড়ভঙা পৰিশ্রমৰ
অন্ধকাৰ ।।

২) সময়ে কৈ যায়
নদীখনৰ পৰিধি কিমান ?
সুবিশাল আকাশৰ সমান
সাগৰখনক সুধিবলৈ মন আছে
তাইৰ ঢৌ খেলা চুলিতাৰিৰ ৰহস্য ।


৩) কবিতা হৃদয়ৰ বিজ্ঞাপন নহয়
কিন্তু মই জনাব খোজো তেখেতক
যাৰ বাবে মোৰ কবিতা অহৰহ নিগৰি পৰে 
কোনো জাননি নিদিয়াকৈ ,
তেওঁক মই পাব খোজো স্বীকৃতি প্রাপ্ত বুকুৰ ভাষাৰে

Thursday, 23 August 2012

~~এগৰাকী কবিৰ সন্ধানত~~


এগৰাকী কবি লগ পালে
অন্তৰখন সঁপি দিব পাৰিলোহেতেন ,
তাই যদি সচাকৈ কবি হয়
তেনেহলে হিয়াৰ খেলখন খেলি ভাল লাগিব !
অন্ততঃ কাব্যিক ভাষাৰে
প্রেমৰ আদান প্রদান হব ...

তাইক হেজাৰটা কবিতা লিখি বুজাব নালাগে

মই কবি বুলি ,
তাই নিজেই বুজি পাব
অকাই পকাই লিখা
বুকুৰ আখৰবোৰ দেখি ।

প্রতিতো আখৰৰ কোহে কোহে
তাই নিজেই বিছাৰি লব
মৌ মিঠা হৃদয়ৰ ভাষা ,
মেৰামতি কৰি লব চিন্ন বিচ্ছিন্ন
মঙহৰ দাগবোৰ ।

তাই লাহে লাহে বগাই যাব
শেলুৱৈ ধৰা শ্মশানখনত
আৰু হয়তো বিছাৰি পাব
একোটা বিশাল গহ্বৰ ...

এগৰাকী কবি বিছাৰি পোৱা হলে
অন্তৰখন দি পেলালোহেতেন...
==============
২৩/৮/১২
বিকাশ

Wednesday, 8 August 2012

মুক্ত আকাশৰ আৰত সহজলভ্য মৃত্যু



সৌৱা চা
হাতত অস্ত্র লৈ ঘুৰি ফুৰিছে
এজাক উদণ্ড যুৱক ,
ক্রোধত অগ্নিশর্মা হৈ এজনে আনজনৰ হৃদয়ত হুল পুতিছে
বোৱাইছে বন্যা ।

আৰে সৌৱা দেখো

ইউনিফ্রম পিন্ধা জোৱান ;
তিঘিল ঘিলাই ঘুৰি ফুৰিছে
হাতত মৃত্যুৰ বাহক লৈ ,
আদেশ আহিছে হেনো
ঠিতাতে গুলি কৰাৰ ।

হায় ৰে মানৱ জীৱন !
এই হিংসাৰ দাবানল কিহৰ সংকেত ?
অসংখ্য অঘৰী মানুহৰ নিৰাপত্তাহীনতাৰ নেকি ?

শাসক দল পংগু হৈ পৰিছে
অন্ধকাৰে চানি ধৰিছে সিহতৰ নয়ন ...
এয়াই নেকি ধ্বংসৰ কোমল আৱৰণ ?
আনৰ দুখত সুখী হব পৰা
পলায়নবাদী সকলে ঢাপলি মেলিছে
অলিম্পিকৰ মায়াজালত ,
সিহতৰ মন প্রাণ নাচি উঠিছে বিদেশীৰ উলংগ নাচত ।।

সেই কাৰণে হয়তো
অসমী আইৰ পদুলিত
মৃত্যু সহজলভ্য হৈ পৰিছে...
============

বিকাশ

Sunday, 5 August 2012

অনুভুতি

এই যে এৰাব নোৱাৰা এনাজৰীৰ বান্ধোন
যত হাঁহি ধেমালিৰ মাজত পাৰ হৈ যায় কেইবাটাও সন্ধ্যা ...
যত পাহৰি থাকো দুখৰ পলবোৰ
যত বাগৰি পৰে সুখৰ নিজৰা
সেইবোৰে হল ভালপোৱাৰ অনুভুতি ...

বন্ধুত্ব বিশেষ ৰচনা

বন্ধুত্বৰ ওপৰত এখন আনকাট ৰচনা
=====================
হৰ এক ফ্রেন্দ জৰুৰী হোতা হে
====================

@স্কুলীয়া জীৱন

এই শব্দটোৰ এক বিশেষ অবদান আছে আমাৰ প্রত্যেকৰে জীৱনত । বন্ধুত্বৰ চিনাকি হৈছিল স্কুলৰ মজিয়াত , সেই মজিয়াখনত বন্ধুত্বৰ এনাজৰীডাল খুব সুন্দৰ ভাৱে গঢ় লৈ উঠিচিল । বুজি উঠিছিলো এজনে আনজনক । লাহে লাহে আমি ডাঙৰ হলো । এটি এটি নতুন সাফল্য লাভ কৰি আমি কেইজনমান বন্ধু আমাৰ অঞ্চলতোৰ মাজতে এতিয়া
অদৃশ্য হৈ পৰিলো । স্কুলৰ হাহি-ধেমালি কৰা , একেলগে টিফিন খোৱা , ছাৰৰ গালি খোৱা , এজনৰ দুখত আন এজনে সমভাগী হোৱা এইসকলোবোৰ ঠিকেই চলিছিল । কিন্তু আচৰিত ভাৱে মেট্রিক পৰীক্ষা দিয়াৰ পিছত কোন কলৈ গ'ল একো পাত্তায়ে নাপালো । এজন দুজন আজিকালি ফেচবুকত দেখা যায় । কিন্তু সিমান এটা সক্রিয়ভাবে নাহে ফেচবুকত । ৪৩ জন ছাত্র-ছাত্রীৰ মাজত এতিয়া মাত্র ৩ জনী ছোৱালী ক্রমে প্রিতি , ভাস্বতি , অৰুনিমা আৰু ২ জন লৰা বন্ধু ক্রমে অনুপম , ভবেশ ৰ লগত হে সম্পর্ক আছে মোৰ । বাকী ৩৮ জন ছাত্রছাত্রী কত গল বা কত আছে মই অজ্ঞ্যাত ।

@কলেজীয়া দিন ঃ

স্কুলখন এৰি কলেজত ভৰি দিলো । ইয়াতো লগ পালো বিভিন্ন ঠাইৰ বিভিন্ন বন্ধু ।সম্পূর্ণ ২ টা বছৰ আন্তৰিকতা বাঢ়ি আহিল । ইয়াতেই বিছাৰি পালো মোৰ ভাল বন্ধু মুকুটক ।তাৰ ঘৰ আনন্দবজাৰত আছিল । হোস্টেলত খুব জমিচিল আমাৰ বন্ধুত্ব । লগতে জিন্তু শর্মা , ধ্রুব , মানস ,অৰূপ , অৰূপ ( বকাসুৰ ) , জ্যোতিময় , সঞ্জীব , ভিলেন পাঠক , মৃণাল দাস আদি বহুত ভাল বন্ধু আছিল । ছোৱালী বন্ধু খুব কমেই আছিল কলেজত ।শুনিলে হয়তো হাঁহিব আপোনালোকে । তথাপিও নন্দিতা , নিবেদিতা, বর্ণালী ,স্বপ্না এইকেইজন মোৰ বন্ধুৰ তালিকাত আছিল । খুব জমনি আছিল গোতেই ক্লাচতোৱে ।

@ফেচবুকীয়া জীৱন

এই জীৱনতো হল অন্য এটা দিশ । বন্ধু তাকো গোতেই অসমৰ, ভাৰতৰ লগতে ফৰেইনাৰ কেইজনো আছে বন্ধুৰ তালিকাত । আজিৰ দিনতোলৈ ৫৯৫ জন বন্ধু আছে । ২০০৯ ত ফেচবুকত আহিছিলো । তাৰ পিছত যাত্রা আৰম্ভ হৈছিল বন্ধুত্বৰ সন্ধান । এই যাত্রাত সহযোগ কৰিছে কেইবাজনো বন্ধুৱে । কেইবাজনো দাদা , বাইদেউ , ভাইটি- ভনটি , স্কুলীয়া ,কলেজীয়া বন্ধু-বান্ধৱ বিছাৰি পালো । বাংগালোৰত ফেচবুকৰ জৰিয়তে লগ পালো এজন দাদা ,তাৰ নাম বিদ্যুৎ । সি মোৰ ভাল বন্ধু হৈ পৰিছে । লগে লগে অসম চচায়তিৰ সদস্য হলো ফেচবুকৰ জড়িয়তে । আৰু দুজনমান বন্ধু পালো , অলকেশ দা , পুলকেস শর্মা , কল্লোল দা ( দোস্তি ) , উৎপল দা ইত্যাদি । নিজৰ পঢ়ি থকা কলেজখনত বিছাৰি পালো মালায়ালম , কানাড়া , নেপালী , ইৰাকী ,মনীপুৰী আদি বন্ধু । এওলোক মোৰ ফেচবুকৰ তালিকাত বিৰাজমান এতিয়া ।

@ নিজৰ অনুভুতি

বন্ধুত্ব বহুত কৰিলো কিন্তু সেই বন্ধুৰ মাজত অপকাৰ কৰা বন্ধুও বিছাৰি পালো । কিছুমান বন্ধু দেখিলো আনৰ ভাল দেখিব নোৱাৰে , আনৰ সুখত বাধা দিয়ে , ঘৰিয়ালৰ চকুপানী টুকে । সেই ফেক মাইন্দ থকা বন্ধুৰ নামত কলংক কেইজনমান বন্ধুক মই জীৱনৰ পৰা Ctrl + all + dlt কৰি দিছো ।

শেষত সকলো বন্ধুৰে মংগল কামনা কৰি মই মোৰ ভাষণৰ সামৰনি মাৰিলো ধন্যবাদ ...

অকবিতা

ভুলতে ভাল পাই পেলালো ঐ আকৰি
বেয়া পাবি বুলি নাজানিছিলো ,
সম্বন্ধটো লেঠু চিঙা বেঙেনাৰ দৰে হৈ পৰিল ,
নিজেই জ্বলি মৰিছো

জমনী

মই এবাৰ ভুত দেখিছিলো
ভয় খাই গৈছিলো হঠাতে বেদৰূমত ওলাই অহা দেখি ...
ৰাতিৰ সময় আছিল ।।
ভুততোৱে কৈ আছিল " মে খুন কি প্যাচি হু " " তুনে মেৰে প্যাৰ কো থুকৰা দিয়া থা অউৰ ইচকা নতিজা আজ মে ভতকতি আত্মা হু , মেৰে মৌত কা তুম জিম্মেদাৰ হো , মে তুমহাৰা প্রেমিকা থি লেকিন তুমনে মুজে কভি অপনা নহি মানা । "
এনেতে ৰূমৰ দুৱাৰ খিৰিকীবোৰ বতাহত লৰিব ধৰিলে । দেহা শিৰশিৰাই গ'ল ...
ঢোক গিলিব পাহৰি থাকিলো । হঠাৎ কিহবা এটাই শব্দ কৰি ধক ধকাব ধৰিলে দুৱাৰ খন আৰু গালি টাইপত শুনিলো " অই লাদ চাহাবৰ পুতেক এইৰাতিখন ইমান ভলুম দি কাৰ মুৰটো চাই আছা ,বন্ধ কৰ নহলে মেইন চুইচ কাটি দিম আজিৰ পৰা " ( সেইয়া দেউতাৰ গালিৰ শব্দ আছিল )

Saturday, 4 August 2012

যৌৱনৰ সংজ্ঞা

মৌ বৰসা সেই ৰাতিবোৰৰ
সাক্ষী হৈ পৰিল জোনাক ,
যত জিলিকি উঠিছিল
তোমাৰ নাভিৰ উত্তপ্ত ঘাম ...

উশাহবোৰ হৈ পৰিছিল উষ্ম ,
যাৰ পৰশ পাই উথলি উঠিছিল
সুপ্ত যৌৱনৰ উন্মাদ নিশা ।

বস্ত্রহীন এবুকু মৰম
শেতা পৰা ওঁঠৰ অসজ্য যন্ত্রণা ,
অলেখ তৰাৰ চিঞঁৰ
তোমাৰ কণ্ঠৰ স্খলন ;
সিচৰিত হৈ পৰা শাৰীৰ ভাঁজ
সংমিশ্রিত সুৰত নাচি উঠিছিল
যৌৱনৰ সংজ্ঞা ...
============
বিকাশ
৪/৮/১২

চিঠি -৪

ফেচবুকৰ মজিয়াত লগ পোৱা বাইদেউ এগৰাকীয়ে মোলৈ লিখা চিঠি এখনৰ উত্তৰ দিবলৈ চেষ্টা কৰিলো ।
=================================================

পোনপ্রথমে মোৰ মৰম আৰু শ্রদ্ধা যাচিলো । বাইদেউ আপোনাৰ শেষ চিঠিখন পালো । মোৰ প্রতি আপোনাৰ মৰম দেখি মোৰ শ্রদ্ধা দুগুনে বাঢ়িল । আপুনি লিখিচিল যে মই জীয়াই থকাক লৈ কিয় প্রশ্ন উত্থাপন কৰো ? হয় জীয়াই থকাক লৈ মোৰ মনত বাৰে বাৰে প্রশ্ন থিয় হৈ উঠিছে । মানুহে যি বিচাৰে হয়তো নাপাবও পাৰে গোতেই জীৱনটোত । মইও এতিয়ালৈ বহুত সপোন দেখিছো কিন্তু প্রতিতো সপোনৰ আৰঁত বাধাৰ প্রাচীৰ হৈ থিয় দি উঠে মোৰ অস্তিত্ব । মইও কাৰোবাৰ মৰম বিচাৰো ,মইও জীয়াই থাকিব বিচাৰো সুখী হৈ । কিন্তু এই সুখ বিচাৰি হাবাথুৰি খাই ফুৰিছো । আৰু যাৰ ফলত হয়তো মই লিখি পেলাইচিলো নিলিখিবলগীয়া কথা । মই বহুত ক্ষেত্রত হতাশ হৈছো । মোৰ প্রাপ্য মৰম ভালপোৱাৰ পৰা মই বঞ্চিত হৈ বিচলিত হৈ পৰিছো । কেতিয়াবা ভাবো ভগবানে এই প্রেম বোলা বস্তুতো কেইজনমান বচা বচা মানুহৰ বাবেহে লিখি থৈছে যত আমাৰ স্থান নাই । স্থান দখল কৰিবলৈ গলে সিহতে গতিয়াই বাহিৰ কৰি দিয়ে । একমাত্র ঘৰখনৰ কথা ভাবি-চিন্তিহে মই জীয়াই আছো । বেলেগৰ আশাবোৰ মই ধূলিসাৎ কৰিব নোৱাৰিম । মা-দেউতা আৰু ভাইটিক লৈয়ে এতিয়া মোৰ সংসাৰ । মই হাঁহি থাকিব চেষ্টা কৰো প্রতিতো দুখৰ পলত । কিন্তু মাজে মাজে ভাগিও পৰো । হয়তো এয়া মোৰ দুর্বলতা । এটা কথাৰ উত্তৰ দিয়কচোন ' কাৰোবাক ভালপোৱাতো জানো ভুল? ' যদি ভুল নহয় তেন্তে বাৰে বাৰে ভুলৰ বলি মই কিয় হও বাৰু ?

নাজানো এই কথাবোৰৰ অন্ত কেতিয়া পৰিব । সেইবোৰ যে মোৰ পাহৰিব নোৱাৰা অতীত । হুমুনিয়াহ কাঢ়িলেও আজি মোৰ বুকুখন বিষায় ...

ইতি
তোমাৰ ভাইটি
বিকাশ
বাংগালৰ
৪/৮/১২

Friday, 3 August 2012

পুতলা

নিয়ৰবোৰে হয়তো উচুপি উঠিছে
ব্যর্থ অনুভৱৰ
সেমেকি উঠা কোলাহলৰ
বিননি শুনি ;

যত মই হৈ পৰিছো
পাপেটৰ
অবাক পুতলা...
সূত্রধাৰৰ আঙুলীৰ
তালত নাচি থকা
প্লাস্টিকৰ পুতলা ...

হাঁহি


হাঁহি জীৱনৰ অবিচ্ছেদ্য অংগ । এই হাঁহি বেলেগৰ মুখত বিৰিঙাবলৈ কিমান কি যে কৰা নাই । নিজেও হাঁহিছো নিজৰ দুখৰ দিনত নিজকে সান্তনা দিবলৈ । বেলেগে আকৌ মোৰ দুখ চাই হাঁহিছে । মোৰ ভগ্ন হৃদয়খন খুলি খুলি হাঁহিছে । হাঁহি হাঁহি বাগৰি পৰিছে । পেট বিষাই গৈছে তথাপিও হাঁহিছে । কিমান হাঁহিবি তহতে ? কোনোবাই আকৌ ৩২ তা দাঁত উলিয়াই খিল খিলিয়া হাঁহি মাৰিছে । সেইয়া হাঁহি সুখৰ হাঁহি । সুখ পাইছে পাব দে । মই দুখ নকৰো । মিচিকিয়াই মইও পাৰিলে হাঁহিম । সিহতক সেই মিচিক মাচাক হাঁহিৰ আঁৰত বুদ্ধু বনাম । অনুভৱ হবলৈ নিদিও মই দুখী বুলি । মই দুখী বুলি জানিলে আজি এজনে হাঁহিছে অহাকালি হেজাৰজনে হাঁহিব । মোৰ বদনাম গাই গাই হাঁহিব । মইও কম নহয় । দাঁত নিকতাই হাহিলে মইও ' লল ' বুলি কম।।

Thursday, 2 August 2012

প্রশ্ন

নিজৰ বুলিবলৈনো আছিল কোন ?
আজি কাকনো বিচাৰি হাবাথুৰি খাইছো ?
কোনোবাই বুজি নাপালে মই বা কৰিম কি ?
হাঁহি ধেমালিতেই যে প্রেম হৈ যায়
এই কথাষাৰ কাক কম ?
কোনে বুজিব ?

গোতেই জীৱনতোৱে প্রশ্ন হৈ উঠিছে !!!!

আশা



এটি কবিতা লিখিছো
ভাষাৰ লালিত্য সানিছো
কিন্তু কিবা যেন অসম্পূর্ণ ;
বিচাৰি ফুৰিছো উমাল বুকুৰ কেচা সোণ ।
সোণৰ প্রলেপ অলপ সানিম বুলি ভাবিছো,
হেজাৰ হলেও সোণ
লোভ নিচ্ছয় লাগিব কবিতাতো চুই চাবলৈ ,

হেজাৰটা তৰাৰে আউলি বাউলি কৰিম
কবিতাৰ খামুচীয়া ককাল ।
সাগৰৰ নীল বৰণীয়া বুকুৰপৰা
ধাৰলৈ আনিম এগাল ৰঙীন সপোন ,
সিঁচি দিম যৌৱনৰ পথাৰখনত
গজালি মেলিব তাইৰ বুকুৰ মাজত ।।
এদিন হয়তো এই গজালিবোৰ
পুলি-পোখাই বাঢ়ি
উমাল বুকুত কবিতাৰ নিচান বোৱাই যাব ...
অপেক্ষা মাত্র সোণোৱালী সুৰুযৰ ।।

বিকাশ দাস
২/৮/১২

Tuesday, 31 July 2012

নিয়তিৰ পৰিভাষা



... বোকাপানী গচকি
বৰষুণজাক নেওচি
সমীৰণৰ প্রবল হেচাত
জ্ঞান হেৰুৱাই পেলাইছো ,

থেকেচি থেকেচি
সিহতে কাঢ়ি নিলে
সন্ধিয়াৰ ভাগৰুৱা অন্ধকাৰ ।।

বিকাশ

Saturday, 28 July 2012

মই হৈ পৰিলো ভুলৰ বলি


 
ভালপাও বুলি ফটকে কৈ পেলালো 
নাভাবিলো কাঁইটৰ খোচৰ বিষ ,
কাঁইটে বিন্ধিলে দেহত শিহৰণ উঠে
একেই ধৰণৰ সংকেত অনুভৱ হৈছিল ,


লাহে লাহে বিষ বিয়পি গ'ল 
সর্ব শৰীৰ সপোনত লালকাল !
কপি উঠিল মোৰ সত্ত্বা ,
তিৰবিৰালে যৌৱনৰ সেউজ আৱৰণ
নামি আহিল বৃষ্টি ।


বৰষুণজাকৰ পৰিণতি
আজিৰ চেদেলি ভেদেলি হৈ পৰা অশান্ত প্রহৰ ...
যৌৱন 
এক মিঠা অনুভৱ,
যত ডুবিল
মোৰ আৰু তাইৰ
সুখৰ দিনবোৰ...

নামি আহিল অমানিশা ...




বিকাশ

২৯/৭/১২

Tuesday, 24 July 2012

প্রেমৰ টুকুৰা



১) তোমাৰ প্রেমত
 এজাৰো ফুলিব
 হাচনাহানাৰ সুগন্ধি বিয়পিব ,


মাথো এবাৰলৈ 
কথা দিয়া
মোৰ বাস্তৱ সপোন হৈ যাব নিদিবা ...
নহলে বিৰহ উপজিব ।





২) হঠাতে কোনোবা হয়তো
 মোৰ প্রেমত পৰি যাব পাৰে,
তাৰ বাবে মই দায়ী নহয় ...


প্রেম হেনো মায়াৰ ভৰাল
ডুবিবলৈ সাজু হৈছো ,
সেই একেইখন মহাসাগৰত যত তুমিও ডুবিবলৈ সাজু হৈ উঠিছা ..

Monday, 23 July 2012

সহাৰি পাম নে মই


জীৱন বীণা বজাবলৈ
কেতিয়াবাতে এৰিলো ,
এতিয়া মাথো স্তব্ধ হৈ যাও
নিয়তিৰ আমৰণ যাত্রাত।


মাজে মাজে ভাবো
মৰম ভালপোৱা জীৱনৰ শত্রু নেকি ?


অকনমানি মৰম পাবলৈ
ৰৈ থকা
নিজান দেশৰ;
অচিন যুবকৰ,
অক্লান্ত চিঞঁৰ
শুনিবলৈ আহিব নে কোনোবা ?
ৰৈ আছো
ৰৈ থাকিম ...
এতিয়া বেলিতোও ডুবিব চাগে !!
========

বিকাশ

এজাক বৰষুণ


আকৌ অশ্রুসিক্ত নয়নৰ
এজাক বৰষুণ আহিব ,
আকাশখন প্রায় ডাৱৰে চানি ধৰিছে ...


এটোপাল চকুলোৰ
যন্ত্রণা তাই বুজি নাপাব ,
সেই নয়নধাৰা তাইৰ কাৰণে বৈছে ...

সুমধুৰ প্রেমালাপৰ অন্তত
শোকাকুল পৰিবেশ বিৰাজ কৰিছে ,
মোৰ চৌদিশে ...


বৰ কষ্টকৰ ...

=====


বিকাশ

২৩/৭/১২

Wednesday, 18 July 2012

অপেক্ষা



তাইৰ সপোনৰ
মায়াময় জালত
আবদ্ধ
মোৰ আকলুৱা হৃদয় ,


হয়তো এয়া পুৱতি নিশাৰ সপোন আছিল
ভাগি থাকিল ,
ৰৈ গ'ল মাথো স্মৃতি...


======

তাইৰ অপেক্ষাত বিকাশ

এনাজৰীৰ বান্ধোন চাগে এনেকুৱাই


এনাজৰীৰ বান্ধোন চাগে এনেকুৱাই
মিহলি হৈ যাব খোজে
অন্তৰ আত্মাৰ বিননিৰ শবদত ,


ধুমুহাৰ প্রাকক্ষণত
মিঠা মিঠা মলয়াৰ সুবাস
বিয়পি পৰে ।


এনে লাগে যেন প্রলয় সমাগত ,



মহাসাগৰৰ বিধ্বংসী ৰূপত মুগ্ধ
মোৰ অস্তিত্ব ;
পলে পলে যেন বিচাৰি ফুৰে
বান্ধোন এৰাব নোৱাৰা এনাজৰী...

=========

বিকাশ




১৮/৭/১২

Tuesday, 17 July 2012

ঘাট-মাউৰা



জোনাক ভেদি হঠাতে যেন
 টোপালবোৰ নামি আহিল ;

 ঘুৰাই পোৱা মৰম
 আজি হৈ পৰিল
 অমাবস্যাৰ কালিকা সনা কাহিনী ..


দুর্ভগীয়া
চাগে মই
আৰু
মোৰ মৰম ।।

নিজৰ কৰি লৈ
ঘাট মাউৰা কৰি
এৰি গুচি গ'ল ,
প্রেমৰ বিধস্ত
অনুভুতিবোৰৰ মাজত ।।

চিঠি -৩

প্রিয় বন্ধু
 মুকুট

তই চাগে ভালে আছ।। মোৰও প্রায় ভালেই ।বহু দিন খবৰেই নাই । সচাকে বে ইমান দিন পাৰ হৈ গ'ল । হোস্টেল এৰাৰ শেষ সময়খিনিতো তোক ভালকে এষাৰ মাত দিয়া নহল । মোৰ মনতো বহুত গধুৰ হৈ আছিল জাননে ? হোস্টেলৰ চাঁদত বহি আমি তই মই আৰু মনজিতে কি কি কাণ্ড কৰিছিলো মনত আছেনে ? আমি একো একো জন ইন্দিয়ান আইদল হৈ পৰিছিলো । জুবিন দাৰ গীতৰ সুৰ গোতেই হোস্টেলখনত ৰজনজনাই পৰিছিল আমাৰ কণ্ঠত । অই আৰু যে আমি জিন্তু শর্মাক বিয়েত্রিচ বুলি জোকাইছিলো মনত আছেনে ? বিয়েত্রিচ নামৰ এটা চৰিত্র আমাৰ অসমীয়া কিতাপৰ পৰা আমি বাচি লৈছিলো । অসমীয়াৰ ক্লাছৰ সময়ত আমি সদায় লাস্ট বেঞ্ছত বহি বিভিন্ন স্কেতছ আঁকিছিলো । এইচব কথা মনত পৰে ... গোতেই পাঠশালাখন অনাই বনাই ঘুৰি আমি দিনবোৰ কটাইছিলো । ফিজিক্সৰ লেবত যে দিগন্ত চাৰে প্রেক্তিকেল শিকাই থাকোতে আমি কিবা কিবি কামত মনোযোগ দি থাকোতে চাৰে গালি দিচিল তেতিয়া ইমান ভাল লাগিচিল । বহুত জমনি আছিল সেই চাৰ জন । কেমেস্ত্রিৰ কলিতা চাৰ মনত আছেনে ? তেওঁ যে কৈছিল কেমেস্ত্রিৰ reaction বোৰ ভুল হোৱা আৰু মাংসত নিমখ দিবলে পাহৰি থকা কথা একে । reaction বোৰ শিকাই থাকোতে ভাত ৰন্ধাৰ কথাও শিকাইছিল যে।। এইচব কথালৈ খুব জমনি হৈছিল হোস্টেলখনত । আৰু এই জমনিৰ নায়ক আছিলো তই মই আৰু মানস । মিমিকৰি কৰাত আমি ভাল আছিলো । নে কি কোৱা ... অই মোৰ স্লেম বুকত তই লিখা কথাখিনি প্রায়ে পঢ়ো মই । এতিয়া আমাৰ মাজত ৪ বচৰৰ ব্যৱধান হৈ গৈছে । আমি চবে ব্যস্ত হৈ পৰিছো নিজৰ কেৰিয়াৰক লৈ । কিন্তু এই ব্যস্ততাৰ মাজত সুদুৰৰ পৰা মই এই চিঠিখন লিখি তোলৈ বুলি পঠালো । পঢ়া শুনা ভালকে কৰিবি । আমি একেলগে ডিগ্রী লাভ কৰিম অহা বচৰত । এজন ভাল অভিযন্তা

হৈ আমাৰ গৌৰৱ বঢ়াবি বুলি দৃঢ় বিশ্বাস আছে । আজিলৈ এৰিলো । পিছত কেতিয়াবা লিখিম ।


ইতি
বিকাশ

বাকৰূদ্ধ সমাজ


অকলশৰে কটাইছো
এখন বাকৰূদ্ধ সমাজত , 
জীৱনৰ সমীকৰণ 
মাথো এক সময়ৰ পৰিভাষা ।
সময় বাগৰি যায়
কিন্তু প্রতিফলন নঘটে
জীৱ শ্রেষ্ঠ নৰ-মনিচৰ
প্রতিবিম্ব ,
ঘাত-প্রতিঘাতৰ দোমোজাত
মানসিকভাৱে আক্রমণ কৰে সিহতে ...
বুজি নাপায় সিহতে
মইও যে সচা অর্থত
মানুহ...

===========

বিকাশ

১৮/৭/১২

Tuesday, 10 July 2012

চুটি কবিতা ২



১)
বিষাদৰ ডাৱৰবোৰ
লাহে লাহে আতৰি
আকাশখন ফৰকাল হব ধৰিছে ...
ক্ষণ গণিছো
কেৱল একাজলি পোহৰৰ...


২)

চঞ্ছল নয়ন
কম্পিত চাৱনি,
আত্মহাৰা হৃদয়ৰ পদুলি
দুচকুত কাজল,
মৌ বৰষা মন
তাতেই থাকো উমলি।।


৩)
নিৰৱতাৰে আহি
নিসংগ পৰিবেশত
ওচৰত বহিল ,

আচৰিত ভাবে সুধিলো
কোন তুমি ?
প্রেয়সী নে যখিনী?

Sunday, 8 July 2012

তেওঁ আকৌ আহিব


মহামানৱৰ মহাপ্রস্থানত দুখ নকৰিবা হে পৃথিৱী

তেওঁ আহিব , নিচ্ছয় ঘুৰি আহিব ;

তেওঁ কৈছিল এটা অজুহাত পালে মই গুচি যাব পাৰোঁ,

কিন্তু কিয় জানা ? তেওঁ বিচাৰি ফুৰিছিল এটি নতুন কবিতা

তেওঁ শব্দবোৰক দুদিনৰ কাৰণে বিশ্রাম দিব খুজিছে ।



তেওঁ কবিতাৰ আকাশৰ অমৰ তৰা।

মোৰ বিশ্বাস

দেশ বিদেশ ,আকাশ পাতাল ঘুৰি

সৃষ্টিৰ নতুন অধ্যায় এটি আঁকি দিব

মেদিনীৰ নিভাজ বুকুত ...

-----------------


বিকাশ

Friday, 6 July 2012

হুমুনিয়াহ ...

ঘন কুৱলীৰ আৰত
দূৰৈৰ সেই আলি কেকুৰীটোত
কিবা দেখা যেন অনুভৱ হল ,
দিন নাই
ৰাতি নাই
অনবৰত দেখা দিয়ে,
এসোপা জৰাজীর্ণ
হতাশাৰে ভৰা
সপোনৰ মৰিচীকা...

Thursday, 5 July 2012

চুটি কবিতা - ১

1)
মায়াবোৰ
বিষাদ হৈ
উৰি ফুৰিছে,
আত্মাৰ বিকট চিঞৰ
দুৰ দিগন্তৰ পৰা
ভাহি আহিছে ...
এয়াই হেনো
জীৱনৰ ৰং চং



২))
হেপাহবোৰ
আকলুৱা হৈ থাকিল
তাই অবিহনে ...
শব্দবোৰৰ মাজত
মৌনতা নামি আহিল
তাইৰ অনুপস্থিতিত ...

৩)
চকামকা সপোনৰ
শেষত গম পালো
সেয়া মাথো
ধেমালি হে আছিল ।
সেই সপোনত
মোৰ অপৰূপা নাছিল ..
.
৪)
তোমাক লৈ দেখা
সেই সপোনবোৰ
সপোন হৈ থাকিব নিদিবা ,
তুমি জানানে ?
দিঠকত সেই গাৰুতোকে
সাবটি নিজক সান্তনা দি দি
ভাগৰি পৰিছো...
নিঠৰুৱা হৃদয়ৰ
নিসংগ চিঞৰ
তুমি জানো অনুভৱ কৰা নাই...
======

৫)
 তুমি ধুনীয়া
সচাকৈয়ে বৰ ধুনীয়া
মৰম এনাজৰীৰে বান্ধিলা ঐ
মোক সোনজনী ...
চকুৰ আতৰত থকিলেও
হৃদয়ৰ কোঠালীত তুমি সদায় থাকা
তুমি সদায়
মোৰ বুকুৰ কেচা সোণ...
হৃদযন্ত্রৰ প্রতিতো ধপ-ধপনিত
কেৱল তোমাৰে প্রতিধ্বনি শুনো...

৬)
আবেলিৰ বৰষুণজাক
মোৰ চোতালত সৰি পৰিল...
থাকি গ'ল মাথো
হুমুনিয়াহ
এক মধুৰ স্পন্দন হৃদয়ৰ..

৭)
মৰম
এই শব্দটো তাই বুজি নাপালে
তাই হয়তো নাজানে ভালপোৱাৰ সুবাস...

৮)
ভুমিকম্পৰ মাতাল লহৰত
হঠাৎ যেন ঠানবান হৈ পৰিল
মোৰ উদাসীনতাৰ প্রাচীৰ...

তাইবিহীন বিষাদনগৰীত
মই আজি পৰিচয়বিহীন;
তাইৰ চুলিটাৰীৰ আৰৰ
মৃদু বতাহজাকে
আজিও মনত অবুজ জোকাৰণি তোলে...

খিৰিকীৰ ইপাৰত বহি
ক্ষণ গণিছো
হেৰাই যোৱা
অনুভৱ বুটলি লবলৈ...

Tuesday, 26 June 2012

স্মৃতি শলিতা জ্বলাই তোমাক জীয়াই ৰাখিম মামনি বাইদেউ


=======================

মামনি বাইদেউ
নামটোৰ অন্তৰালত
অশেষ শ্রদ্ধা লুকাই আছে ,
হে মহিমাময়ী নাৰী
তোমাৰ চকুৰ ভাষাৰে
এই সাহিত্যই এক নতুন গতি পালে ।
তোমাক স্মৃতি হিচাপে
আদৰি লবলৈ মনতোৱে
বহুত কষ্ট পায় ,
ভুপেন দাৰ সৈতে যিখন অসমৰ সপোন তুমি দেখিচিলা ,
সেই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ
আজি সন্মিলিত হৈছে এখনি সমাজ
সেই সমাজত আজিও একেদৰেই সাহিত্য চর্চা হৈছে ।
আজি মই গৌৰব বোধ কৰো
এজন অসমীয়া হিচাপে ,
সাহিত্যজগতত এভুমুকি মাৰি
তোমাৰ নামৰ এগচি চাকি জ্বলাই
সেৱা জনালো...

================
বিকাশ

Monday, 25 June 2012

দুর্ভাগিনীৰ শিৰত তেজস্বী সেন্দুৰ ... ( এটি সচা ঘটনাৰ আধাৰ লৈ )


কোলাৰ কেচুৱাতোৱে
হয়তো বুজিব পাৰিছে
মাতৃৰ বেদনা ,
সেই তিৰোতাজনীৰ
নয়ন অশ্রুসিক্ত নাছিল,
তাইৰ হিয়াই হাহাকাৰ কৰি উঠিছিল
কিন্তু সেই বাস্তৱৰ সমুখীন হবলৈ
তাই প্রস্তুত নাছিল ।
তাই কান্দি আছিল
কিন্তু উচুপি উচুপি
যাৰ কোনো প্রতিধ্বনি
প্রতফলিত হোৱা নাছিল ।

তাই প্রায় মৌন হৈ আছিল
অথচ কেচুৱাৰ কান্দোনো ভ্রুক্ষেপ কৰা নাছিল...


কোনোবাই বাতৰি দিলে
তাইৰ স্বামীৰ মৃতদেহ আহি পালেহি,
হঠাৎ তাই পলক জপালে
ঘুৰি চালে পদুলিমুখলৈ,
উফ কি যে অশান্তি...

বতাহে তাইক খবৰ দিলে
তাইৰ স্বামী হেনো এতিয়া স্বর্গগামী ...
চাৰিওফালে কান্দোনৰ সুৰ
কিন্তু তাই মানি লব পৰা নাই এই বাতৰি ...
শিৰৰ সেন্দুৰ মচি দিয়াত বাৰে বাৰে বাধা প্রদান কৰিছে।


দেশৰ কাৰণে আগুৱাই যোৱা
তাইৰ স্বামী
বুকুত কেইবাজাই গুলি নেওচি আজি আহি পালেহি
শেষবাৰৰ কাৰনে
তাইৰ সেন্দুৰকন কাঢ়ি নিবলৈ...

শিৰত সেন্দুৰ লৈ
আনন্দত আত্মহাৰা হৈ পৰা
সেই সেই তিৰোতাজনী
সচাকৈ বহুত দুর্ভগীয়া...




Bikash...
নিজৰ মাজত বিচাৰিছো
তাইৰ পৰিচয়...
এয়া জানো মুর্খামি নহয় ?
তাই জানো বিচাৰিছে
নিজৰ পৰিচয়
মোৰ অস্তিত্বৰ সীমা উলংঘা কৰি...

বিকাশ...

Sunday, 24 June 2012

বোৱতী নদীখনক সুধিছো
প্রেম মানে নো কি?
ই এক সুখালাপ
নে ধুমুহাৰ শুভসংকেত...

খিৰিকীৰ ফাকেৰে
এজাক পবন ,
সপোনমগ্ন
প্রেমিকৰ জীৱনলৈ
ইমান সঘনাই আহে যে
চেচা বতাহৰ শিহৰণত
কঁপি উঠে
এবুকু প্রেমৰ যন্ত্রণা...

Monday, 18 June 2012

শব্দ আৰু তেখেতৰ বন্ধুত্ব

শব্দৰ সৈতে

এক অটুট

বন্ধুত্ব আছে তেখেতৰ,

মকৰাই জাল বন্ধাৰ দৰে

এক অধ্যাৱসায়ী

ব্যক্তিত্বৰ মাজেৰে ,

শব্দৰ মায়াজাল গুঠে

তেওঁৰ কলমৰ চিয়াহীয়ে ।

শব্দৰ মাজত বিচাৰি পোৱা যায়

জনতাৰ হাহাকাৰ,

অতুলনীয় প্রকৃতিও

তেওঁৰ কলমত সেউজ হৈ উঠে,

হালি জালি থকা

ধাননি পথাৰখন পোহৰ কৰে

হেঙুলীয়া আভাই ,

সেই চিনাকি পোহৰৰ উৎস বিচাৰি

নিজেই বিলীন হৈ যায়

মেদিনীৰ ৰহস্যৰ মাজত...

===================

হীৰু দাৰ প্রতি শ্রদ্ধা জনাই তেখেতৰ আশু আৰোগ্য কামনা কৰিলো...

বিকাশ

Wednesday, 13 June 2012

চিঠি আকাশলৈ বুলি ...

প্রিয় আকাশ
তোমালৈ বুলি চিঠিখন লিখিলো । তোমাৰ নিলবৰনীয়া কলিজাখনিত সেমেকি থকা মেঘৰ চপৰাবোৰ এতিয়া জীপাল হৈ পৰিছে । সিহতে অহৰহ চকুপানী টুকিছে । নাজানো কিহৰ বিৰহত সিহতে কান্দি উঠিছে হথাতে । বহু দিন হল তোমাৰ বুকুত জোনবাইৰ পোহৰৰ মেলা বহা নাই । শৈশৱত " জোনবাই এ বেজি এটি দিয়া "বুলি পদ্য মতা মনত আছে । মোৰ জানা তোমাৰ দেশলৈ যাবলৈ বৰ মন যায় । তোমাৰ সেই জোনবাইৰ কলিজাখনিত কলা দাগবোৰ কোনে সিচি দিছে বাৰু ?জোনবাইও কাৰোবাৰ প্রেমত পৰিছিল নেকি ? সাধুকথা বহুত শুনিলো কিন্তু সেই আকাশখনৰ কলা মেঘৰ চপৰাৰ আৰৰ জোনবাই দেশৰ প্রেমৰ কথা শুনিবলৈ মন গৈছে । জোনবাইৰ দুখ দেখি মই বিৰহত ভুগিছো । মোৰ প্রান আকুল হৈ পৰিছে নিয়ৰৰ টোপালবোৰৰ দুখ বেদনাবোৰ শুনিবলৈ...সেই টোপালবোৰ জোনবাইৰ প্রেমৰ সাক্ষী...

নিশাৰ আকাশৰ
তৰাবোৰ জিলমিল...
তাতেই জিলিকি আছে
এটি ভোটা তৰা...
সেই আকাশখনক সুধিব বিচাৰো
জোনৰ বতৰা ...
এটি দাগ
আছে সেই জোনৰ কলিজাত ।।

মোৰ কলিজাত
এনেকুৱা দাগ
সিচি আকৌ
তাই ঘুৰি আহিবনে
প্রেমৰ মধুৰ সুৰ শুনিবলৈ ?

ইতি
তোমাৰ দুর্ভগীয়া বন্ধু ...
বিকাশ

Saturday, 2 June 2012

অনুৰোধ



==========
নিৰবতাৰে ভৰা
এই গধুলিপৰত
ৰহন সানিবলৈ নাহিবা,
কেতিয়াবা নিসংগতাও হৈ পৰে
উকা হিয়াৰ একমাত্র পৰিচয় !
নিসংগ পৰিবেশত
সংগ দিয়াৰ চলেৰে,
তুমি আনিব খোজা
ধুমুহাৰ সমুখীন হবলৈ
মই একেবাৰেই প্রস্তুত নহয়।
অনুগ্রহ কৰি তুমি নাহিবা।।
=============
বিকাশ

Friday, 27 April 2012

ধুষৰ পৃষ্ঠা


=================
সৌ দুৰণিৰ পাহাৰখনলৈ চোৱাচোন
মোৰ প্রতিচ্ছবি দেখা পাবা ,
সেয়া যেন দুৰণিত এৰি অহা এক অধ্যায় ।
যিমানে ওচৰলৈ যোৱা
মোক অনুভৱ কৰিব পাৰিবা ,

কিন্তু শুনা

প্রতিচ্ছবিৰ প্রেমত নপৰিবা
কাৰণ সেই প্রতিচ্ছবি
মোৰ জীৱনৰ কালিকাসনা পৃষ্ঠা...

===============
বিকাশ দাস
২৭/৪/১২

Thursday, 16 February 2012

বিশ্বাসী যাত্রা

জোনত থকা ক'লা দাগটোৰ দৰে
তোমাৰ পৰিচয়ত এক দাগ ৰৈ গ'ল,
এক মচিব নোৱৰা দাগ ...
অমাবস্যাৰ এন্ধাৰৰদৰে মোৰ জীৱনত
তুমি কঢ়িয়াই আনিলা কালিকা সনা
এক অবাস্তৱ নিশা ...

কিন্তু তুমি হয়তো নাজানা
প্রটিতো নিশাৰ অন্তত শীতল অনুভুতিপূর্ণ পোহৰে দেখা দিয়ে !

সেই পোহৰৰ আৰঁত মই নিজক বিচাৰি পাইছো
তাইৰ দুখত কান্দিবলৈ মই সেই পাগল প্রেমিক হৈ থকা নাই ...

এতিয়া মোৰ যাত্রা দুৰ দিগন্তৰ সিটো পাৰলৈ
এক বিশ্বাসী যাত্রা ...
হৃদয়ৰ নিভৃত কোণৰ পৰা
এক অচিনাকি চিঞঁৰ বাগৰি আহিছে ,
এয়া যেন এক সুখৰ অনুভুতি
কিন্তু এই মুৰুখে বুজিব পৰা নাই...
আকৌ নতুন কৈ প্রেম জাগি উঠিছে
জ্বলি ছাঁই হৈ যোৱা হৃদয়ত আজি
আকৌ কোনোবাই শিঁহৰণ তুলিছে ...

তাইক ভাল পাই পেলাইছো ================ ( মোৰ সোনজনীৰ কাৰণে ভেলেন্তাইনৰ এটি উপহাৰ)



...ৰাতিপুৱাৰ সেই ভঙা সুৰৰ
যৌৱনৰ উন্মাদপূর্ণ হাঁহিটো শুনিবলৈ
মই নিচেই ব্যাকুল হৈ পৰো ,
সেই ব্যাকুলতাৰ আৰত মই নিজক পাহৰি যাও ,
দুচকু মেলাৰে পৰা শিশুসুলভ কণ্ঠৰ মৌ-মিঠা
শুৱলা মাত এষাৰি শুনিবলৈ মই যেন
গোতেই ৰাতিটো উজাগৰে কটাও ।

তাইক সদায় সপোনত দেখো
তাইক লগ পোৱাৰ হেপাহ বুকুত বান্ধি থৈছো ,
তাইৰ মাজত বিলিন হৈ পৰিছো গোপনে ;
তাইক মই সচাকে ভাল পাই পেলাইছো ...

তাই যেন এতিয়া মোৰ হৃদয়ৰ দাপোন...

Monday, 6 February 2012

তাই

ধূলিময় এই সংসাৰখন
আজি যেন তেনেই ধুসৰ হৈ পৰিছে ,
আগৰ দৰে সেই বতাহজাকে আজি
তাইৰ চুলিটাৰিৰ লগত লুকা-ভাকু নেখেলে ;
শীতল চেঁচা এক অনুভূতি বিচাৰি নাপাও
বতাহজাকৰ আঁৰত থকা তাইৰ অবিহনে...

তাই অবিহনে মই অসম্পূর্ণ
মই এটি প্রশ্নবোধক চিহ্ন !!!
যাৰ কোনো উত্তৰ নাই...

এক অবাক প্রশ্ন ????
===============
বিকাশ

Sunday, 29 January 2012

উকা কাগজত
নীলা আখৰেৰে লিখিবলৈ এৰিলা বুলিয়ে
চিঠি এখনিও নাপাম নেকি
তোমাৰ পৰা ???

হিয়াখনি কঁপি উঠে নোপোৱাৰ ভয়ত
এক অচিনাকি মাদকতাৰ সুৰত ...

Thursday, 19 January 2012

শিৰোনাম =========




তাই মোৰ জীৱনৰ শিৰোনাম নেকি?
তাই নহলে আৰম্ভ নহয় মোৰ জীৱনৰ কবিতা...


মোৰ জীৱনৰ আৰম্ভনি নহওতে
নুমাই যাব খুজে এজাক ধুমুহাৰ দৰে বাস্তব...
বাস্তব সচাকৈ বৰ কঠোৰ
অতীতৰ লগত শাক ভাত খেলি একেলগে আগবাঢ়ি যায় বাস্তব...


মই আজি নিঠৰুৱা
আজি বাস্তবেও মোৰ পৰা মেলানি মাগিছে ,
আজি সেই অতীতৰ লগত যুজ দি এখোজ দুখোজ কৰি
জীৱনৰ এক নতুন শিৰোনামা বিচাৰি
মই হাবাথুৰি খাইছো ...


কত পাম জানো সেই
শিৰোনাম ......

==================

copyright@ বিকাশ

Saturday, 14 January 2012

কবিতা

কবিতা...

কেবাদিন ধৰি শব্দবোৰে মোৰ পৰা পলাই ফুৰিছে
থাপ মাৰি ধৰিব গলে গতা মাৰি খেদি দিয়ে ,
মই হেনো পাগলৰ দৰে দিনে নিশাই কবিতা লিখো
শব্দবোৰ হেনো ভাগৰি পৰিছে মোৰ কবিতাত সুৰ মিলাই......

এবাৰ সুধিব বিচাৰো সিহতক
কবিতা অবিহনে জীয়াই থাকিব পাৰিম জানো মই?

নাই নোৱাৰো
কবিতাৰ অবিহনে নিসংগ জীবনত খোজ দিবলৈ
মই সাহস নকৰো...

মই শব্দবোৰক কাবৌ কাকুতি কৰিছো
আহা মোৰ হাতৰ আঙুলিবোৰক প্রান দিবলৈ...

copyright@ Bikash