Wednesday 8 August 2012

মুক্ত আকাশৰ আৰত সহজলভ্য মৃত্যু



সৌৱা চা
হাতত অস্ত্র লৈ ঘুৰি ফুৰিছে
এজাক উদণ্ড যুৱক ,
ক্রোধত অগ্নিশর্মা হৈ এজনে আনজনৰ হৃদয়ত হুল পুতিছে
বোৱাইছে বন্যা ।

আৰে সৌৱা দেখো

ইউনিফ্রম পিন্ধা জোৱান ;
তিঘিল ঘিলাই ঘুৰি ফুৰিছে
হাতত মৃত্যুৰ বাহক লৈ ,
আদেশ আহিছে হেনো
ঠিতাতে গুলি কৰাৰ ।

হায় ৰে মানৱ জীৱন !
এই হিংসাৰ দাবানল কিহৰ সংকেত ?
অসংখ্য অঘৰী মানুহৰ নিৰাপত্তাহীনতাৰ নেকি ?

শাসক দল পংগু হৈ পৰিছে
অন্ধকাৰে চানি ধৰিছে সিহতৰ নয়ন ...
এয়াই নেকি ধ্বংসৰ কোমল আৱৰণ ?
আনৰ দুখত সুখী হব পৰা
পলায়নবাদী সকলে ঢাপলি মেলিছে
অলিম্পিকৰ মায়াজালত ,
সিহতৰ মন প্রাণ নাচি উঠিছে বিদেশীৰ উলংগ নাচত ।।

সেই কাৰণে হয়তো
অসমী আইৰ পদুলিত
মৃত্যু সহজলভ্য হৈ পৰিছে...
============

বিকাশ

No comments:

Post a Comment