Wednesday 13 June 2012

চিঠি আকাশলৈ বুলি ...

প্রিয় আকাশ
তোমালৈ বুলি চিঠিখন লিখিলো । তোমাৰ নিলবৰনীয়া কলিজাখনিত সেমেকি থকা মেঘৰ চপৰাবোৰ এতিয়া জীপাল হৈ পৰিছে । সিহতে অহৰহ চকুপানী টুকিছে । নাজানো কিহৰ বিৰহত সিহতে কান্দি উঠিছে হথাতে । বহু দিন হল তোমাৰ বুকুত জোনবাইৰ পোহৰৰ মেলা বহা নাই । শৈশৱত " জোনবাই এ বেজি এটি দিয়া "বুলি পদ্য মতা মনত আছে । মোৰ জানা তোমাৰ দেশলৈ যাবলৈ বৰ মন যায় । তোমাৰ সেই জোনবাইৰ কলিজাখনিত কলা দাগবোৰ কোনে সিচি দিছে বাৰু ?জোনবাইও কাৰোবাৰ প্রেমত পৰিছিল নেকি ? সাধুকথা বহুত শুনিলো কিন্তু সেই আকাশখনৰ কলা মেঘৰ চপৰাৰ আৰৰ জোনবাই দেশৰ প্রেমৰ কথা শুনিবলৈ মন গৈছে । জোনবাইৰ দুখ দেখি মই বিৰহত ভুগিছো । মোৰ প্রান আকুল হৈ পৰিছে নিয়ৰৰ টোপালবোৰৰ দুখ বেদনাবোৰ শুনিবলৈ...সেই টোপালবোৰ জোনবাইৰ প্রেমৰ সাক্ষী...

নিশাৰ আকাশৰ
তৰাবোৰ জিলমিল...
তাতেই জিলিকি আছে
এটি ভোটা তৰা...
সেই আকাশখনক সুধিব বিচাৰো
জোনৰ বতৰা ...
এটি দাগ
আছে সেই জোনৰ কলিজাত ।।

মোৰ কলিজাত
এনেকুৱা দাগ
সিচি আকৌ
তাই ঘুৰি আহিবনে
প্রেমৰ মধুৰ সুৰ শুনিবলৈ ?

ইতি
তোমাৰ দুর্ভগীয়া বন্ধু ...
বিকাশ

No comments:

Post a Comment