Tuesday 26 June 2012

স্মৃতি শলিতা জ্বলাই তোমাক জীয়াই ৰাখিম মামনি বাইদেউ


=======================

মামনি বাইদেউ
নামটোৰ অন্তৰালত
অশেষ শ্রদ্ধা লুকাই আছে ,
হে মহিমাময়ী নাৰী
তোমাৰ চকুৰ ভাষাৰে
এই সাহিত্যই এক নতুন গতি পালে ।
তোমাক স্মৃতি হিচাপে
আদৰি লবলৈ মনতোৱে
বহুত কষ্ট পায় ,
ভুপেন দাৰ সৈতে যিখন অসমৰ সপোন তুমি দেখিচিলা ,
সেই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ
আজি সন্মিলিত হৈছে এখনি সমাজ
সেই সমাজত আজিও একেদৰেই সাহিত্য চর্চা হৈছে ।
আজি মই গৌৰব বোধ কৰো
এজন অসমীয়া হিচাপে ,
সাহিত্যজগতত এভুমুকি মাৰি
তোমাৰ নামৰ এগচি চাকি জ্বলাই
সেৱা জনালো...

================
বিকাশ

No comments:

Post a Comment