Monday 25 June 2012

দুর্ভাগিনীৰ শিৰত তেজস্বী সেন্দুৰ ... ( এটি সচা ঘটনাৰ আধাৰ লৈ )


কোলাৰ কেচুৱাতোৱে
হয়তো বুজিব পাৰিছে
মাতৃৰ বেদনা ,
সেই তিৰোতাজনীৰ
নয়ন অশ্রুসিক্ত নাছিল,
তাইৰ হিয়াই হাহাকাৰ কৰি উঠিছিল
কিন্তু সেই বাস্তৱৰ সমুখীন হবলৈ
তাই প্রস্তুত নাছিল ।
তাই কান্দি আছিল
কিন্তু উচুপি উচুপি
যাৰ কোনো প্রতিধ্বনি
প্রতফলিত হোৱা নাছিল ।

তাই প্রায় মৌন হৈ আছিল
অথচ কেচুৱাৰ কান্দোনো ভ্রুক্ষেপ কৰা নাছিল...


কোনোবাই বাতৰি দিলে
তাইৰ স্বামীৰ মৃতদেহ আহি পালেহি,
হঠাৎ তাই পলক জপালে
ঘুৰি চালে পদুলিমুখলৈ,
উফ কি যে অশান্তি...

বতাহে তাইক খবৰ দিলে
তাইৰ স্বামী হেনো এতিয়া স্বর্গগামী ...
চাৰিওফালে কান্দোনৰ সুৰ
কিন্তু তাই মানি লব পৰা নাই এই বাতৰি ...
শিৰৰ সেন্দুৰ মচি দিয়াত বাৰে বাৰে বাধা প্রদান কৰিছে।


দেশৰ কাৰণে আগুৱাই যোৱা
তাইৰ স্বামী
বুকুত কেইবাজাই গুলি নেওচি আজি আহি পালেহি
শেষবাৰৰ কাৰনে
তাইৰ সেন্দুৰকন কাঢ়ি নিবলৈ...

শিৰত সেন্দুৰ লৈ
আনন্দত আত্মহাৰা হৈ পৰা
সেই সেই তিৰোতাজনী
সচাকৈ বহুত দুর্ভগীয়া...




Bikash...

No comments:

Post a Comment