Monday 17 September 2012

এখন সাগৰৰ কথাৰে -৪



সিপাৰত ভদাইয়ে
আস্ফালন কৰি উঠিছে ,
প্রেমিকাৰ ঢলি পৰা
অস্তিত্বৰ মায়াময়
এন্ধাৰ বিছাৰি ।

শান্ত হব পৰা নাই
দুচকুৰ চিঞঁৰ ,
ঢুকিব পৰা নাই
শয্যাশায়ী প্রেমিকাৰ
উন্মাদ অট্টহাস্য ।

এন্ধাৰ নামিল
বেলিও ডুবিল,
বাকী ৰল মাথো
বোকা-পানীৰ মাজত
এটি মৃতদেহ ।।

No comments:

Post a Comment