Thursday 20 September 2012

এখন সাগৰৰ কথাৰে-৯



সাগৰৰ ক্লান্ত ঢৌবোৰে
অশান্ত প্রহৰৰ আঁৰে আঁৰে
এটি সুগন্ধিময়
সন্ধিয়াৰ গান আওৰাই যায় ।।

প্রতীতো শৰতত হেনো
ভানুমতিৰ জোলোঙা ভৰিব ,
নিৰবে
নিঃশব্দে ।।

নীলা চহৰৰ
এয়া ৰঙীন ৰঙ তামাচা ।।

No comments:

Post a Comment